Monday, October 3, 2022
HomeNewsউছেইন ব'ল্টতকৈ তীব্ৰ বেগী? ম'হৰ সৈতে দৌৰা শ্ৰীনিৱাসে দৃষ্টি কাঢ়িছে সকলোৰে

উছেইন ব’ল্টতকৈ তীব্ৰ বেগী? ম’হৰ সৈতে দৌৰা শ্ৰীনিৱাসে দৃষ্টি কাঢ়িছে সকলোৰে

এটা টুইট আৰু তাৰ পিছতেই ভাইৰেল হৈ পৰিছে কৰ্ণাটকৰ শ্ৰীনিৱাস গৌড়া নামৰ লোকজন। কৰ্ণাটকত প্ৰতিবছৰে অনুষ্ঠিত হয় ‘কাম্বালা’ নামৰ খেলবিধ। এই খেলবিধত ম’হৰ সৈতে দৌৰিব লাগে খেলুৱৈজনে। এই খেলত কৰা শ্ৰীনিৱাসৰ প্রদৰ্শনে এতিয়া সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। কৰ্ণাটকৰ শ্ৰমিকজনে ম’হৰ সৈতে হোৱা এই ৰেচত ভাগ লৈ ১৪২.৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰে কেৱল ১৩.৬২ ছেকেণ্ডত, যিটো নেকি ১০০ মিটাৰ দূৰত্ব ৯.৫৬ ছেকেণ্ডত অতিক্ৰম কৰাৰ সমকক্ষ। জামাইকান দৌৰবিদ উছেইন ব’ল্ট ১০০ মিটাৰত সময় লয় ৯.৫৮ ছেকেণ্ড। সেই দৃষ্টিৰে চাব গ’লে উছেইন ব’ল্টকো চেৰ পেলালে ভাৰতৰ এইগৰাকী ২৮ বছৰীয়া যুৱকে।

শ্ৰীনিৱাসৰ এই দৌৰ সম্বলিত ভিডিঅ’ৰ টুইটটো টুইটাৰত ভাইৰেল হৈ পৰাৰ লগে লগে অজস্ৰজনে এই কথা ছ’চিয়েল মিডিয়াত চৰ্চা কৰে। ৰাজনীতিবিদ শশী থাৰুৰ, উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ দৰে ব্যক্তিয়েও নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা যুৱকজনৰ ভিডিঅ’টো শ্বেয়াৰ কৰে। আনন্দ মহিন্দ্ৰাই ভাৰতৰ ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰতি শ্ৰীনিৱাসক উপযুক্ত সুবিধা প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে যুৱকজনক ‘ছাই’ৰ শীৰ্ষ প্ৰশিক্ষকৰ তত্বাৱধানত অনুষ্ঠিত ট্ৰায়েলত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা সদৰী কৰে। যুৱকজনক সকলোধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments