লকডাউনৰ মাজতে বিবাহপাশত আবদ্ধ হ’ল টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত দুই ক্ৰীড়া তাৰকা

অলিম্পিয়া বাৰ্তা

আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে দুয়োগৰাকীয়েই ইতিমধ্যে স্থান সুনিশ্চিত কৰিছে। কথা আছিল টকিঅ’ অলিম্পিকৰ শেষত দুয়োগৰাকী আবদ্ধ হ’ব বিবাহপাশত। কিন্তু কৰোনা ভাইৰাছে তেওঁলোকৰ সমীকৰণ কিছু সলনি কৰিলে। লকডাউনৰ সময়ছোৱাত সক্ৰিয় ক্ৰীড়াৰ পৰা আঁতৰি থাকি দুয়ো অৱশেষত বিবাহত আবদ্ধ হোৱাকে যুগুত বুলি ভাবিলে।

কোৱা হৈছে ভাৰতৰ তাৰকা আৰ্চাৰ অতনু দাস আৰু দীপিকা কুমাৰীৰ কথা। দুয়োগৰাকী আৰ্চাৰে ইতিমধ্যে অলিম্পিকত নিজৰ স্থান নিশ্চিত কৰিছে। ২০১৯ চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকাৰ সুবাদত অলিম্পিকলৈ নিৰ্বাচিত ভাৰতীয় পুৰুষ দলৰ এজন সদস্য অতনু দাস। তাৰ বিপৰীতে দুবাৰকৈ অলিম্পিকৰ অভিজ্ঞতা লাভ কৰা দীপিকাই তৃতীয়বাৰৰ বাবে অলিম্পিকত অংশ ল’ব।

বুধবাৰে এই দুয়োগৰাকী আৰ্চাৰৰে বিবাহকার্য সম্পন্ন হৈ যায় ঝাৰখণ্ডৰ মোৰাবাদী নামৰ ঠাইত। কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্বৰ লগতে চৰকাৰী নীতি নিৰ্দেশনা পালনেৰে উক্ত বিবাহ সম্পন্ন হৈ যায়। উপস্থিত থাকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেন। নিৰ্ধাৰিত দুটাকৈ সময়সূচীত ৫০ জনকৈ অতিথি উপস্থিত থকা অনুষ্ঠানটোত অতিথিসকলক চেনিটাইজাৰ আৰু মাস্কৰো যোগান ধৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *