Sunday, October 2, 2022
HomeNewsৰাজ্যিক ক্ৰীড়া সন্থা,জিলা ক্ৰীড়া সন্থালৈ মুখ্যমন্ত্ৰীৰ বিত্তীয় সাহাৰ্য্য

ৰাজ্যিক ক্ৰীড়া সন্থা,জিলা ক্ৰীড়া সন্থালৈ মুখ্যমন্ত্ৰীৰ বিত্তীয় সাহাৰ্য্য

অলিম্পিয়া বাৰ্তা

ৰাজ্যত এতিয়া জটিল সময়। এফালে দৈনিক বৃদ্ধি হৈছে ক’ভিড-১৯ৰ সংক্ৰমণ, আনহাতে ৰাজ্যৰ চৌদিশে বান-গৰাখহনীয়াৰ সংহাৰ। এনে দুৰ্যোগপূৰ্ণ সময়তো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখন যাতে গতিশীল হৈ থাকে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

বৃহস্পতিবাৰে অসম অলিম্পিক সন্থাই ভিডিঅ’ কনফাৰেন্স যোগে, অনলাইন পদ্ধতিৰে ৰাজ্যৰ ২৫ খন জিলা ক্ৰীড়া সন্থালৈ ৩৪,৮০০ কৈ আৰু ২৯ খন ৰাজ্যিক ক্ৰীড়া সন্থালৈ ৭২, ৭৫২ টকাকৈ বাৰ্ষিক অনুদান আগবঢ়ায়। অসম অলিম্পিক সন্থাৰ ভিডিঅ’ কণফাৰেন্সত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতিগৰাকীয়ে অসমৰ সমূহ ক্ৰীড়া সংগঠনক অসমে যাতে দেশৰ ভিতৰতে ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰথম স্থানত থাকিব পাৰে তাৰ বাবে একত্র হৈ কাম কৰিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে সমূহ ক্ৰীড়া সংগঠক তথা ক্ৰীড়া সন্থাক খেলুৱৈ সকলৰ অভিভাৱক হিচাবে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক’ভিড- ১৯ শেষ হলে ৰাজ্যত গ্ৰাছৰূট অলিম্পিকৰ আয়োজন কৰা হ’ব বুলি ঘোষণা কৰে। এই প্ৰতিযোগিতাই ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত তথা চাহ বাগানক সামৰি ল’ব বুলি তেওঁ উল্লেখ কৰে।


ইফালে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো আতংকৰ সৃষ্টি কৰা ক’ভিড-১৯ৰ বিষয়েও জনসাধাৰণক সজাগ সচেতন কৰাৰ সমান্তৰালভাৱে বান-খহনীয়াত আক্ৰান্ত দুৰ্গতসকলৰ কাষত ক্ৰীড়া সংগঠন আৰু সংগঠকক সেৱাৰ মনোভাৱেৰে সহায় সহযোগ আগবঢ়াবলৈও মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যানৰ সদস্য তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ প্ৰচেষ্টাত লকডাউনৰ মাজতে ৰাজ্যৰ ক্ৰীড়া নীতিৰ অধীনত কীৰ্তি খেলুৱৈসকলক ১.২৪ কোটি টকা, ছাফ গেমছ ২০১৬ত অসমৰ পদক প্ৰাপ্ত খেলুৱৈসকলক ৬০ লাখ আৰু ক্ৰীড়া জলপানী হিচাবে ৪০ লাখ টকা ইতিমধ্যে চৰকাৰে মুকলি কৰি দিছে। তৃতীয় খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াৰ পদক প্ৰাপ্ত ৭৫ গৰাকী খেলুৱৈকো ইতিমধ্যে ৭৩ লাখ টকা প্ৰদান কৰা হৈছে।

বৃহস্পতিবাৰৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই ভিডিঅ’ কণফাৰেন্সত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, যুটীয়া সম্পাদক শান্তনু কলিতা, উপ সভাপতি বিষ্ণুৰাম নুনিছা,অসম অলিম্পিক সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া গৌতম চৌধুৰী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ লগতে ৰাজ্যৰ বিভিন্ন ক্ৰীড়া সন্থাৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments