Tuesday, October 4, 2022
HomeNewsৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱস উদযাপন; ২৫২ গৰাকী খেলুৱৈক পেঞ্চন-এককালীন অনুদান, দুগৰাকীলৈ নিয়োগ...

ৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱস উদযাপন; ২৫২ গৰাকী খেলুৱৈক পেঞ্চন-এককালীন অনুদান, দুগৰাকীলৈ নিয়োগ পত্ৰ

অলিম্পিয়া প্ৰতিবেদন

অসমৰ ক্ৰীড়াক্ষেত্ৰত নৱ জাগৰণ। ক্ৰীড়া খণ্ডত অভিলাষী প্ৰকল্পৰ ঘোষণাৰে তাৰেই যেন ইংগিত দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ল ৰাজ্যিক ক্ৰীড়া পেঞ্চন দিৱসৰ। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে আয়োজিত হ’ল এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ। উক্ত অনুষ্ঠানতে ৰাজ্যৰ ৯৯ গৰাকী ক্ৰীড়াবিদলৈ আগবঢ়োৱা হয় নিয়মীয়া ক্ৰীড়া পেঞ্চন। উল্লেখযোগ্য যে পেঞ্চনৰ পৰিমাণ পূৰ্বৰ ৮ হাজাৰৰ পৰা বৃদ্ধি কৰা হয় ১০ হাজাৰলৈ। তাৰোপৰি ১৫৩ গৰাকী খেলুৱৈলৈ আগবঢ়োৱা হ’ল ৫০ হাজাৰৰ এককালীন সাহাৰ্য্য।

শ্ৰী মন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত উক্ত বৰ্ণাঢ্য অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্তঃৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ সঞ্জয় বড়োক প্ৰদান কৰে নিয়োগ পত্ৰ। আবকাৰী পৰিদৰ্শক হিচাবে নিযুক্তি দিয়া হয় দুয়োজনকে। উল্লেখযোগ্য যে যমুনা বড়োই বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে আৰ্চাৰ সঞ্জয় বড়োয়েও আৰ্চাৰী বিশ্বকাপত লাভ কৰিবলৈ সক্ষম হৈছিল ৰূপৰ পদক। তেওঁলোক দুয়োজনকে ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি প্ৰদান কৰা হয় চৰকাৰী চাকৰি।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আমূল পৰিৱৰ্তনৰ বাৰ্তাৰে প্ৰকাশ কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। আগন্তুক সময়ত চৰকাৰী চাকৰিত খেলুৱৈৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে তেওঁ। লগতে তেওঁ চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ভূমিত এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে চলিত বিত্তীয় বৰ্ষতে ১০০ কোটি টকা ধাৰ্য্য কৰাৰ কথা ঘোষণা কৰে। তাৰোপৰি ১০ খন জিলাত প্ৰতিখনতে ৫০ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণৰ কথাও তেওঁ এই অনুষ্ঠানতে সদৰী কৰে। ইয়াৰ লগতে ডঃ শৰ্মাই ৰাজ্যৰ ক্ৰীড়া একাডেমীসমূহলৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়াৰ লগতে পৰ্যাপ্ত প্ৰশিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব বুলিও উল্লেখ কৰে।

অনুষ্ঠানটোৰ মধ্যমণি ভোগেশ্বৰ বৰুৱাই ভাষণ প্ৰসংগত তেওঁৰ বহুদিনৰ এটা আক্ষেপ দূৰ হোৱা বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰখনে তেওঁক প্ৰদান কৰা স্বীকৃতিত তেওঁ অত্যন্ত সুখী বুলিও মন্তব্য কৰে অসমৰ প্ৰথমগৰাকী অৰ্জুনে।

অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী আৰু ভোগেশ্বৰ বৰুৱাই ১৩ গৰাকী ক্ৰীড়াবিদলৈ আগবঢ়াই অনুমোদন পত্ৰ। অনুমোদন পত্ৰ লাভ কৰা খেলুৱৈসকলৰ ভিতৰত অৰ্জুন হিমা দাস, এলভিছ আলী হাজৰিকা, কৃষ্ণা হাজৰিকা, ফাইলাও বসুমতাৰী, মিতা সিংহ ৰয়, পৰাগধৰ কোঁৱৰ আদি আছিল অন্যতম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments