ভাৰতীয় জাতীয় দলত খেলাৰ আশা পূৰণ নহ’ল সুদক্ষ ভলীবল খেলুৱৈ, অধ্যাপিকা পুষ্পজ্যোতি ওজাৰ

✍️ দীপক কুমাৰ দাস

অসমৰ মহিলা ভলীবলত যি সকলে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি ইয়াৰ উত্তৰণত অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে তেওঁলোকৰ ভিতৰত নিসন্দেহে পুষ্পজ্যোতি ওজা অন্যতম। আমাৰ ৰক্ষণশীল সমাজত মহিলাই ভলীবল খেলাটো এসময়ত এক প্ৰকাৰ দূৰুহ কামেই আছিল। কিন্তু পুষ্পজ্যোতি ওজাৰ ঘৰখন আছিল শিক্ষিত, সংস্কৃতিৱান। যাৰ বাবে তেওঁৰ ইচ্ছাক সন্মান জনাই পৰিয়ালৰ লোকে আগবঢ়াই দিছিল ক্ৰীড়া জগতলৈ। তেওঁৰ ঘৰ বৰপেটাত। দেউতাকৰ নাম প্ৰয়াত ৰামকৃষ্ণ ওজা আৰু মাকৰ নাম প্ৰয়াত বীনা ওজা। পাঁচগৰাকী ভাই-ভনীৰ মাজত পুষ্পজ্যোতি ওজাও এজনী। তেওঁৰ স্বামী সুশীল উজীৰ এগৰাকী ৰঞ্জি ক্ৰিকেটৰ অধিনায়ক আছিল। গতিকে তেওঁ সদায় ক্ৰীড়াক ভাল পোৱাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল। বৰপেটা ভলীবল ক্লাৱে সেই সময়ত জিলাখনত মহিলা সকলক ভলীবল খেলত সাহস আৰু প্ৰেৰণা দিয়াৰ উদ্যেশ্যে তেজপুৰ আৰু গুৱাহাটী দলক বৰপেটালৈ নিমন্ত্ৰন জনাই এখন প্ৰীতি ভলীবল খেলৰ আয়োজন কৰিছিল আৰু সেই খেল প্ৰত্যক্ষ কৰিয়েই পুস্পজ্যোতি ওজাহঁতৰ দৰে মহিলা খেলুৱৈ সকল ভলীবল খেলিবলৈ আগবাঢ়ি আহিছিল।

ইয়াৰ পিছত ১৯৭৮ চনত বৰপেটাত “অসম ৰাজ্যিক ক্ৰীড়া পৰিষদ” আৰু “নেহেৰু যুৱকেন্দ্ৰ”ৰ উদ্যোগত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন প্ৰশিক্ষক জয় নাৰায়ণ সিংঙৰ দ্ধাৰা এক ভলীবলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছিল আৰু তাতেই পুষ্পজ্যোতি ওজাই ভলীবলৰ আদিপাঠ গ্ৰহন কৰি ভলীবলৰ এগৰাকী খেলুৱৈ হোৱাৰ সপোন দেখিছিল। ১৯৭৯ চনত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া ২৫ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰাৰ উদ্যেশ্যে বৰপেটাত অসমৰ ল’ৰা-ছোৱালী দল দুয়োটাৰ অনুশীলন কৰোৱা হৈছিল। দলটোৰ প্ৰশিক্ষক আছিল আছান আলী ৰিজবি। উক্ত অনুশীলন প্ৰত্যেক্ষ কৰিবলৈ যাওঁতে প্ৰতিভাৱান খেলুৱৈ পুষ্পাজ্যোতি ওজাৰ ওপৰত চকু পৰিছিল প্ৰশিক্ষকৰ। শেষত মহিলা দলটোৰ লগত তেওঁক অনুশীলন কৰাৰ সুবিধা দি অসম দলটোৰ ১৩ নম্বৰ খেলুৱৈ হিচাপে ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত অংশ গ্ৰহন কৰাৰ বাবে লৈ গৈছিল। কিন্তু উক্ত প্ৰতিযোগিতাৰ আগত পুষ্পজ্যোতি ওজাই কোনো ধৰণৰ প্ৰতিযোগিতাৰ লগতে আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাতো অংশ গ্ৰহন কৰা নাছিল। তেওঁৰ এই সুযোগে সকলোকে আচৰিত কৰি তুলিছিল। হয়তো প্ৰশিক্ষকে তেতিয়াই অনুমান কৰিছিল দীৰ্ঘদেহী পুষ্পজ্যোতি ওঁজাই এসময়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভলীবলৰ জড়িয়তেই উজ্বলি উঠিবলৈ সক্ষম হ’ব। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অভিজ্ঞতাৰে পুষ্ট হৈ পুষ্পজ্যোতি ওজাই পিছলৈ আন্তঃ জিলা প্ৰতিযোগিতা অংশ গ্ৰহন কৰি সফলতা অৰ্জন কৰি অসমৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিজক প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছিল।

১৯৮০ চনত নলবাৰীত অনুষ্ঠিত হোৱা জুনিয়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত পোন প্ৰথম বাৰৰ বাবে বৰপেটা জিলাই পুস্পজ্যোতি ওজাৰ নেতৃত্বতে তিনিচুকীয়া জিলাক চুড়ান্ত খেলত পৰাভুত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল। উল্লেখ্য যে চুড়ান্ত খেলত দলটোৰ স্বাৰ্থতে তেওঁ নৰিয়া গাৰেই অৱতীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৯ চনলৈ যোৰহাট, তিনিচুকীয়া, হাওৰাঘাট, বৰপেটা, বিজনী, গহপুৰ, বঙ্গাইগাও আদিত অনুষ্ঠিত হোৱা আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত বৰপেটা জিলাক প্ৰতিনিধিত্ব কৰি চেম্পিয়ন বা ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিছিল। গৌৰৱৰ বিষয় আছিল তেওঁ প্ৰায় দহ বছৰ ধৰি আন্তঃ জিলা ভলীবল প্ৰতিযোগিতা অংশ গ্ৰহন কৰি বিনা ট্ৰফীৰে জিলালৈ কেতিয়াও ঘুৰি আহিব লগা নহৈছিল। ১৯৮২ চনত হঠাৎ তেওঁলৈ আহিল এক সূৱৰ্ণ সুযোগ। দিল্লীত অনুষ্ঠিত হ’বলগীয়া নৱম এছিয়ান গেমছত অংশগ্ৰহন কৰিবলগীয়া ভাৰতীয় মহিলা ভলীবল দল গঠন কৰাৰ উদ্যেশ্যে তেওঁ ট্ৰাইল কেম্পলৈ নিৰ্বাচিত হৈছে। তেওঁ হৈছে নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথম গৰাকী খেলুৱৈ যি গৰাকীয়ে ভাৰতীয় দলৰ ট্ৰাইল কেম্পলৈ নিৰ্বাচিত হৈছে। সেই সময়ত চৰকাৰক সহায়ৰ অনুৰোধ জনাইও তেওঁ বিফল হৈছিল । সেই সময়ত নৃপেন সিংঙে তেওঁক পাঁচশ টকা দি খেলিবলৈ যোৱাত সহায় কৰাৰ কথাটো তেওঁ আজিওঁ শ্ৰদ্ধা সহকাৰে সোঁৱৰণ কৰে। পঞ্জাৱ পাতিয়ালাত অনুষ্ঠিত হোৱা ১৫ দিনীয়া কেম্পটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল বুচ্ছিৰামাইয়া আৰু প্ৰশিক্ষক কুৰূপ। তেওঁলোকৰ তত্বাবধানত প্ৰশিক্ষণ লৈ তেওঁ যথেষ্ট উন্নত প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছিল আৰু যোগ্য ভাৱেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ৬০ জন খেলুৱৈৰ ভিতৰত তেওঁ ফাইনেল কেম্পলৈ নিৰ্বাচিত হৈছিল লগতে তেওঁক কেৰেলাত অনুষ্ঠিত হ’বলগীয়া ফেডাৰেছন কাপ প্ৰতিযোগিতাৰ বাবে প্ৰেচিডেন্ট দলত অংশ গ্ৰহনৰ সুবিধা প্ৰদান কৰা হৈছিল। তেওঁৰ জাৰ্চীৰ নম্বৰ আছিল ৪ আৰু তাতেই অনুশীলন কৰি থাকোতে দূৰ্ভাগ্যবসত পিছলি পৰি তেওঁৰ বাও হাতখন ভাঙি গৈছিল। ৪৫ দিন ডাক্তৰৰ পৰামৰ্শ মতে তেওঁ হাতত বেন্দেচ লৈ ৰেষ্ট ল’বলগীয়া হোৱাত ফাইনেল কেম্পলৈ তেওঁ যাব নোৱাৰিলে। শেষত তেওঁ ইণ্ডিয়া খেলাৰ আশা কলিতে মৰহি গৈছিল। দুখ আৰু বেজাৰত উভতি আহিছিল পুষ্পজ্যোতি ওজা। তেওঁ সকলো ভাগ্যৰে লিখন বুলি ধৰি লৈ পুনৰ ভলীবলত মনোনিবেশ কৰে যদিও সেই কথাই তেওঁক আজিও আমনি কৰি থাকে।

পৰৱৰ্তী সময়ত তেওঁ অসম দলৰ হৈ হায়দৰাবাদ, ফৰিদাবাদ, মাদ্ৰাচ, বেঙ্গলোৰ, ভিল্লাই, পাঞ্জাৱ, ৰাঁছি ইত্যাদিত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহন কৰে আৰু কেইবাবাৰো অসম দলৰ অধিনায়কৰ দায়িত্ব সূচাৰুৰূপে পালন কৰে। ইয়াৰ উপৰিও তেও নৰ্থইষ্ট চেম্পিয়নশ্বীপত নাগালেণ্ড, মনিপুৰ আৰু অসমত অংশ গ্ৰহন কৰি পাৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হয়। ১৯৮৮ চনত তেওঁ এম চি মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে চাকৰিত যোগদান কৰে। ১৯৮৯ চনত অসমত অনুষ্ঠিত হোৱা নেচনেল গেমছতে তেওঁ খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰে। উক্ত প্ৰতিযোগিতাতে তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈ সকলক শপত বাক্য পাঠ কৰোৱাৰ দায়িত্ব পালন কৰি খেলুৱৈ জীৱন মধুৰ কৰি তোলে। উল্লেখ্য যে তেওঁ প্ৰকৃততে আছিল এথলেটিকছ খেলুৱৈ। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ব বিদ্যালয়ত তেওঁ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কেইবাবাৰো নিৰ্বাচিত হৈ আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি সুনাম অৰ্জন কৰিছিল। ইয়াৰ ভিতৰত ১৯৮৪ চনত নগাওঁত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতাত তেওঁ ৫ ফুট ২ ইঞ্চি হাইজাম্প কৰি ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ সুবাদতে তেওঁ হাৰিয়ানাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছিল। তেওঁ খেলি থকা সময়ত অনুশীলনৰ বাবে নাছিল অৰ্হতা সম্পন্ন প্ৰশিক্ষক, পৰ্য্যাপ্ত পৰিমাণৰ খেলৰ সামগ্ৰী ইত্যাদি অনেক অসুবিধাৰ সন্মুখীন হৈছিল কিন্তু নিজৰ সাহস, একাগ্ৰতা, কষ্ট আৰু ত্যাগৰ বাবেই পুস্পজ্যোতি ওজা হৈ পৰিছিল অসমৰ ক্ৰীড়া জগতৰ এগৰাকী সম্পদ। ব্যাস্ততাৰ বাবে খেলপথাৰ এৰিবলগীয়া হৈছে যদিওঁ এতিয়াও ভলীবল, এথলেটিকছ বুলি কলে তেওঁ ৰোমাঞ্চিত হৈ পৰে।

বৰ্তমান তেওঁ অসমৰ ভলীবলকলৈ যথেষ্ট আশাবাদী। বিশেষকৈ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত গঠন হোৱা অসম ভলীবল মিছন-১০০ ৰ জড়িয়তে অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মান হ’ব বুলি তেওঁ দৃঢ় বিশ্বাসী। তেওঁ সময় সুবিধা পালে আজিওঁ অসমৰ ভলীবল জগতৰ পীঠস্থান বৰপেটাৰ ভলীবল খেলপথাৰত উপস্থিত হৈ খেলুৱৈ সকলক উৎসাহ দি থকা পৰিলক্ষিত হৈছে। শেষত তেওঁ খেলুৱৈ জীৱনত বিভিন্ন প্ৰকাৰৰ সহায়-সহযোগিতা পোৱা প্ৰশিক্ষক, ক্ৰীড়া সংগঠক, খেল পৰিচালক, বৰপেটা ক্ৰীড়া সন্থা, অসম ভলীবল সন্থা আৰু সতীৰ্থ খেলুৱৈ সকলক আন্তৰিকতাৰে শলাগ জনাই ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *