Monday, October 3, 2022
HomeNewsএজন চিকিৎসক, যিজন আছিল ভাৰতীয় ফুটবল দলৰ প্ৰথমজন অধিনায়ক!

এজন চিকিৎসক, যিজন আছিল ভাৰতীয় ফুটবল দলৰ প্ৰথমজন অধিনায়ক!

লণ্ডন অলিম্পিক-১৯৪৮। প্ৰথমবাৰৰ বাবে ভাৰতীয় ফুটবল দলে অলিম্পিকত অংশ লোৱাৰ সুযোগ লাভ কৰিছে। ভাৰতীয় দলটোৰ নেতৃত্বত এগৰাকী অসম সন্তান। সকলো খেলুৱৈৰ মুখত উৎকণ্ঠাৰ চাপ স্পষ্ট। প্ৰতিযোগিতাখনৰ প্ৰথম মেচ খনত বিপক্ষ মহাশক্তিশালী ফ্ৰান্স। মেচখনত ২-১ গলত পৰাস্ত হ’ল ভাৰত। ভাৰতে মেচখনত দুটা পেনাল্টি কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাৰ বাবেই হৈছিল এই পৰাজয়। এক ট্ৰেজিক এক্সিডেণ্ট। এই মেচখনত ভাৰত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’লেও ভাৰতীয় দলটোৰ নেতৃত্বত থকা অসম সন্তান গৰাকীয়ে প্ৰতিপক্ষৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ক্ৰীড়া প্ৰতিভা দেখি হতবাক হৈ পৰিছিল বিশ্বফুটবলৰ অন্যতম শক্তিশালী ফৰাচী বাহিনী। আপুনি জানি আচৰিত সেই মেচখনত খালী ভৰিৰেই খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰিছিল এইগৰাকী অসম সন্তানে। খেলৰ অন্তত ফৰাচী বাহিনীয়ে পৰম আশ্চৰ্যৰে এই মহান ফুটবলাৰ গৰাকীৰ ভৰি দুখন চুই চাইছিল। কিজানি ভৰিখনত বন্ধা আছে তীখা!

লণ্ডন অলিম্পিকত অংশ লোৱা মেচখনৰ অধিনায়ক টালিমেৰেন আও

সমগ্ৰ বিশ্বক বিমুগ্ধ কৰি তোলা এই মহান ফুটবলাৰ গৰাকী আছিল ডাঃ টালিমেৰণ আও। তেতিয়াৰ অবিভক্ত অসম আৰু বৰ্তমানৰ নাগালেণ্ডৰ মোককচাঙত ১৯১৮ চনত জন্মগ্ৰহণ কৰিছিল এইগৰাকী মহান ফুটবলাৰে। ভাৰতীয় ক্ৰীড়া ইতিহাসতেই কিজানি এজন চিকিৎসক ফুটবলাৰ হোৱাৰ এনে নজিৰ পাবলৈ নাই। এইজন মেধাৱী ছাত্ৰই যোৰহাটৰ মিছন হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটীলৈ গুছি আহে ১৯৩৫ চনত। গুৱাহাটীত আহি উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান কটন কলেজত নামভৰ্তি কৰে। পঢ়াৰ সমানে ক্ৰীড়াৰ ক্ষেত্ৰতো নাম কৰিবলৈ সক্ষম হোৱা টি আও তিনিটাকৈ বছৰ কটন কলেজৰ শ্ৰেষ্ঠ এথলিট আছিল। নগা যুৱকজনৰ এনে ক্ৰীড়া দক্ষতাত মুগ্ধ হৈ এদিন মহাৰানা ক্লাবত খেলাৰ প্ৰস্তাৱ লৈ টি আওৰ ওচৰ চাপিছিল অনিমেষ গাংগুলী। আৰু এদিন মহাৰানা ক্লাবৰ নিয়মীয়া সদস্য হৈ পৰিছিল টি আও। আৰম্ভ হৈছিল তাতেই তেওঁৰ ফুটবল জীৱনৰ বৰ্ণময় যাত্ৰাৰ।

টালিমেৰেন আওৰ স্মৃতিত ভাৰতীয় ডাক বিভাগে ডাক টিকট মুকলি কৰাৰ মুহূৰ্ত

খেলৰ লগতে চিকিৎসক হোৱাৰ সপোনটোও বাদ দিয়া নাছিল টি আওয়ে। সেয়ে ডাক্টৰী পঢ়িবলৈ ক’লকাতালৈ ঢাপলি মেলিছিল। ক’লকাতালৈ যোৱা বৰ্ষতে তেওঁ যোগ দিয়ে মোহন বাগান ক্লাবত। ১৯৪২ ৰ পৰা ১৯৫১ চন পৰ্যন্ত সুদীৰ্ঘ সময় তেওঁ স্বমহিমাৰে মুগ্ধ কৰি ৰাখে মোহন বাগানৰ সমৰ্থকক। দীঘল দীঘল শ্বটৰ অধিকাৰী তাৰকাজনে আধিপত্য বজায় ৰাখে চেণ্টাৰ হাফ পজিছনত। দলটোৰ হৈ তেওঁ আই এফ এ শ্বিল্ড জয় কৰে ১৯৪৭ আৰু ১৯৪৮ চনত। এসময়ত মোহন বাগান দলৰ অধিনায়কৰো দায়িত্ব চম্ভালি লয় তেওঁ। লণ্ডন অলিম্পিকৰ সেই গৌৰৱোজ্জ্বল অভিজ্ঞতাৰে অভিজ্ঞ ফুটবলাৰজনে অলিম্পিকৰ পৰা উভতি আহোঁতে আফ্ৰিকা আৰু আমেৰিকাৰ কেইবাটাও দলৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক মেচত অংশ লৈছিল। ইয়াৰোপৰি ১৯৪৩,৪৪, ৪৫ আৰু ৪৬ চনত ইউৰোপীয় একাদশৰ বিৰুদ্ধে ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰে মহান ফুটবলাৰগৰাকীয়ে। ১৯৫১ চনত ভাৰতীয় দলৰ অধিনায়ক হিচাবে চিংগাপুৰ, মালয়েছিয়া আদি দেশ ভ্ৰমন কৰে তেওঁ। ১৯৫০ চনত এম বি বি এছ পৰীক্ষাত উত্তীৰ্ণ হোৱা টি আও হ’ল নাগালেণ্ডৰ প্ৰথমজন চিকিৎসক। ফুটবল পথাৰৰ পৰা অৱসৰ গ্ৰহণ কৰি পিছত তেওঁ কোহিমা চিকিৎসালয়ৰ এছিছষ্টেণ্ট ছাৰ্জন হিচাবে দায়িত্ব পালন কৰে। নাগালেণ্ড ফুটবল ক্ষেত্ৰখনলৈ প্ৰভূত অৰিহণা আগবঢ়োৱা টি আও ভাৰতীয় ফুটবলৰ ইতিহাসত চিৰদিনৰ বাবে এটা নক্ষত্ৰ হিচাবে চিহ্নিত হৈ ৰ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments