Friday, September 30, 2022
HomeNewsসংগ্ৰাম জীৱনৰ এক অন্য নাম; ফুটপাথৰ পৰা বিশ্ব ক্ৰিকেটলৈ এক সংগ্ৰামী যাত্ৰাৰ...

সংগ্ৰাম জীৱনৰ এক অন্য নাম; ফুটপাথৰ পৰা বিশ্ব ক্ৰিকেটলৈ এক সংগ্ৰামী যাত্ৰাৰ কাহিনী; বাচন ধুৱা ল’ৰাটো হৈ পৰিল কোটিপতি

অনূৰ্ধ্ব ১৯ বিশ্বকাপ ক্ৰিকেটত বাংলাদেশৰ হাতত ভাৰত পৰাস্ত হ’ল। প্ৰতিযোগিতাখনৰ আৰাম্ভণিৰে পৰা অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোক বাংলাদেশৰ দলটোৱে পৰাভূত কৰিলে। এয়া বাংলাদেশৰ একমাত্ৰ আই চি চিৰ ট্ৰফী। ইয়াৰ আগলৈকে বাংলাদেশে কোনো আই চি চিৰ মেগা ইভেণ্টৰ ট্ৰফী নিজৰ দখললৈ নিব পৰা নাই। বাংলাদেশৰ যুৱ দলটোৱে প্ৰতিযোগিতাখনত সুন্দৰ প্ৰদৰ্শন কৰি ২০২০ বৰ্ষৰ বিশ্বকাপ ট্ৰফী দখল কৰিলে। চূড়ান্ত খেল খনত ভাৰত পৰাস্ত হলেও ভাৰতে মুঠ চাৰিবাৰ এই ট্ৰফী লাভ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাখনতো ভাৰতকেই সকলোৱে ফেভাৰিত আখ্যা দিছিলে।

চেম্পিয়ন বাংলাদেশ

অনূৰ্ধ্ব ১৯ দলৰ পৰাই ভৱিষ্যতৰ তাৰকা কোন হ’ব তাৰ এক পূৰ্বানুমান কৰিব পাৰি। বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি, শিখৰ ধাৱান, যুৱৰাজ সিং আদিকে কৰি বহু ভাৰতীয় ক্ৰিকেট তাৰকা অনূৰ্ধ্ব ১৯ ক্ৰিকেটৰ ফচল। এইবাৰৰ ভাৰতীয় দলটোৰ সদস্যসকলৰ মাজতো আছিল এনে কেইগৰাকীমান ক্ৰিকেটাৰ যিয়ে ভৱিষ্যতে ভাৰতীয় ক্ৰিকেটৰ ধ্বজ্জা বহন কৰিব পাৰিব। এই কথা তেওঁলোকৰ প্ৰতিভাৰ পৰাই অনুমান কৰিব পাৰি। অনূৰ্ধ্ব ১৯ দলটোৰ এইবাৰৰ সদস্যসকলৰ ভিতৰত আটাইতকৈ বেছি চৰ্চিত ক্ৰিকেটাৰ গৰাকীয়েই হ’ল যশশ্বী জয়ছোৱাল।

চৰ্চাৰ কাৰণ

অনূৰ্ধ্ব ১৯ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগেই চৰ্চালৈ আহিছিল যশশ্বী। ইতিমধ্যে ঘৰুৱা ক্ৰিকেটত সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে দ্বিশতক অৰ্জন কৰি ক্ৰিকেট বিশেষজ্ঞ সকলৰ উচ্চ প্ৰশংসা লাভ কৰা যশশ্বী ঘৰুৱা ক্ৰিকেটৰ এটা চিনাকী নাম। বিশ্বকাপ ক্ৰিকেটত প্ৰতিখন মেচত ভাৰতৰ জয়ত মুখ্য ভুমিকা পালন কৰা যশশ্বীৰ জীৱন সংগ্ৰামৰ কাহিনী অতি কৰুণ। সংবাদ মাধ্যমত এই বিষয়ে ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। ১৩ বছৰ বয়সতে উত্তৰ প্ৰদেশৰ পৰা নিজৰ ঘৰ এৰি মুম্বাইলৈ যোৱা আৰু তাৰ পিছত হোটেলত বাচন ধোৱাৰ পৰা ফুচকাৰ দোকান দিয়ালৈ এক দীঘলীয়া সংগ্ৰামৰ কাহিনী। এই সংগ্ৰামৰ মাজতেই ক্ৰিকেট চৰ্চা কৰি ঘৰুৱা ক্ৰিকেটত স্থান লাভ কৰাৰ পৰা ভাৰতীয় দলত স্থান লাভ কৰাখিনি ইতিহাস।

সংগ্ৰাম জীৱনৰ এক অন্য নাম

তেতিয়া যশশ্বীৰ ১৩ বছৰ। দুৰন্ত হেপাঁহ এগৰাকী ক্ৰিকেটাৰ হোৱা। নহবই বা কিয়! ক্ৰিকেটৰ দেশ ভাৰত। ভাৰতত ক্ৰিকেট এক উতসৱ, ক্ৰিকেট এক আৱেগ। সকলোৰে মন যায় শচীন হোৱাৰ, সেহৱাগ, দ্ৰাবীৰ, ধোনী অথৱা বিৰাট হোৱাৰ। অৱশ্যে সপোন দেখিলেই সেয়া সাকাৰ নহয়। সপোনক বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন হয় প্ৰচুৰ অধ্যৱসায়, একাগ্ৰতা, ধৈৰ্য আৰু কষ্ট। যশশ্বীৰ এই সকলো আছিল। নাছিল অৰ্থ। অৰ্থৰ অভাৱে জুৰুলা কৰিছিল যশশ্বীক। সেয়ে ১৩ বছৰ বয়সতেই উত্তৰ প্ৰদেশৰ পৰা গুছি গৈছিল স্বপ্নৰ চহৰ মুম্বাইলৈ। প্ৰথমে পেট প্ৰবৰ্তাবলৈ এখন হোটেলত বাচন ধুৱাৰ কাম আৰম্ভ কৰিলে যশশ্বীয়ে। পাৰিশ্ৰমিক হিচাপে লাভ কৰা টকা কেইটাৰ পৰাই কেইটামান টকা সাচি ৰাখি কিনি ল’লে এখন বেট আৰু এযোৰ পেদ। ইয়াৰ পিছত নিশা যশশ্বীয়ে আৰম্ভ কৰিলে আজাদ মৈদানত নিজাবৱীয়াকৈ আনুশীলন। অৱশ্যে কেইদিনমানৰ পিছত যশশ্বীয়ে হোটেলৰ বাচন ধুৱা কাম এৰি পদপথত নিজাকৈ আৰম্ভ কৰিলে ফুচকাৰ ব্যৱসায়। থাকিবলৈ ল’লে চাফাই কৰ্মী সকলে ব্যৱহাৰ কৰা অত্যন্ত লেটেৰা এক টেণ্ট। আজাদ মৈদানত যশশ্বীৰ ক্ৰিকেট প্ৰতিভা দেখি কোনোবা এগৰাকী ব্যক্তিয়ে আজাদ নগৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক গৰাকীক যশশ্বীৰ ক্ৰিকেট প্ৰতিভাৰ কথা ক’লে। আজাদ নগৰ ক্ৰিকেট দলত যশশ্বীৰ বাবে অনুষ্ঠিত কৰিলে ট্ৰায়েল। ট্ৰায়েলত আজাদ নগৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক গৰকীয়ে প্ৰতিভাৱান যশশ্বীৰ ক্ৰিকেটৰ ওপৰত থকা সুপ্ত প্ৰতিভাৰ উমান পাইছিল। লগে লগে স্থান দিলে আজাদ নগৰ ক্ৰিকেট দলত। সেয়াই যশশ্বীৰ জীৱনৰ ট্ৰাৰ্নিং পইণ্ট।

আজাদ নগৰ ক্ৰিকেট ক্লাবৰ সদস্য হোৱাৰ সুৱাদত যশশ্বীয়ে লাভ কৰিলে আজাদ নগৰ ক্ৰিকেট ক্লাৱত থকাৰ সুবিধা। চাফাই কৰ্মীয়ে ব্যৱহাৰ কৰা লেটেৰা টেণ্টৰ পৰা আহি যশশ্বীয়ে বাহৰ পাতিলে আজাদ নগৰ ক্ৰিকেট ক্লাবত। ক্লাবটোৰ হৈ যশশ্বীয়ে খেলিবলৈ আৰম্ভ কৰাৰ লগতে প্ৰতিখন খেলতেই উজাৰি দিছিল নিজৰ সৰ্বচ্ছ। যাৰ বাবে যশশ্বীয়ে লাভ কৰিছিল এটাৰ পিছত আন এটা সুযোগ। সুৱ কম সময়তেই নিজৰ প্ৰচুৰ অধ্যাৱসায়ৰ বলত মুম্বাই ক্ৰিকেটৰ নায়কলৈ পৰিণত হ’ল যশশ্বী। চিনিয়ৰ ক্ৰিকেটত সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ হিচাপে সংগ্ৰহ কৰিলে দ্বিশতক। যাৰ বেটিংশৈলী দেখি মুগ্ধ হ’ল ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন টেণ্ডুলকাৰো। ঘৰুৱা ক্ৰিকেটত দেখুওৱা প্ৰদৰ্শনৰ বাবেই যশশ্বীয়ে লাভ কৰিলে অনূৰ্ধ্ব ১৯ বিশ্বকাপ দলত।

বিশ্বকাপত যশশ্বীৰ প্ৰদৰ্শন

বিশ্বকাপত মুঠ ছয়খন খেলত অংশগ্ৰহণ কৰি যশশ্বীয়ে সংগ্ৰহ কৰিলে ৪০০ ৰান। চাৰিটা অৰ্ধশতকৰ লগতে ছেমি ফাইনেলত পাকিস্তানৰ বিপক্ষে সংগ্ৰহ কৰিলে এটা শতক। পৰাজিত হ’লেও চূড়ান্ত খেলখনত যশশ্বীয়ে সংগ্ৰহ কৰিলে ৮৮ ৰান। ইয়াৰ উপৰিও যশশ্বীয়ে লাভ বলিং কৰি লাভ কৰিলে ৩ টা উইকেট। যাৰ বাবে যশশ্বীক প্ৰদান কৰা হ’ল ‘প্লেয়াৰ অৱ দ্যা টুৰ্ণামেণ্ট’ সন্মান।

ডেইল ষ্টেইন, ডেভিড মিলাৰ, শ্বট্বেশ্বৰ পূজাৰা, মাৰ্টিন গোপটিলতকৈ গুৰুত্বপূৰ্ণ যশশ্বী

ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য যশশ্বী জয়ছোৱাল এতিয়া বিশ্ব ক্ৰিকেটৰ বহু জনপ্ৰিয় আৰু সমাদৃত ক্ৰিকেটাৰতকৈ অধিক গুৰুত্বপূৰ্ণ। আনহে নালাগে ভাৰতৰ শ্বট্বেশ্বৰ পুজাৰা, ডেইল ষ্টেইন আদিৰ দৰে ক্ৰিকেটাৰক অতিক্ৰম কৰি যশশ্বীয়ে সকলৰোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ২০২০ বৰ্ষৰ আই পি এলৰ নিলাম প্ৰক্ৰিয়াত যশশ্বীৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ২০ লাখ। সকলোকে আচৰিত কৰি যশশ্বীক ৰাজস্থান ৰয়েলছ দলে ক্ৰয় কৰিলে ২.৪ কোটি টকাত। যশশ্বীয়ে এই নিলাম প্ৰক্ৰিয়াত অতিক্ৰম কৰিলে ডেইল ষ্টেইন ডেভিড মিলাৰ শ্বট্বেশ্বৰ পুজাৰা আদিৰ দৰে ক্ৰিকেটাৰক। আই পি এলৰ নিলাম প্ৰক্ৰিয়াত ডেইল ষ্টেইনক ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুয়ে ২ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে ডেভিড মিলাৰক ৰাজস্থান ৰয়েলছ দলে ক্ৰয় কৰিলে ৭৫ লাখ টকাত। ইয়াৰ বিপৰীতে আকৌ শ্বট্বেশ্বৰ পূজাৰাক কোনো এটা দলে এতিয়ালৈকে ক্ৰয় নকৰিলে।

যশশ্বী সম্পৰ্কত প্ৰীতি জিণ্টাই ক’লে এইদৰে

সপোন দেখিব লাগে

যশশ্বী জয়ছোৱাল আজি ভাৰতৰ সবাটোকৈ বেছি চৰ্চিত ক্ৰিকেটাৰ। বিশ্বৰ ক্ৰিকেট বিশেজ্ঞ সকলে যশশ্বীক ভূয়সী প্ৰশংসা কৰিছে। ১৩ বছৰ বয়সতেই দেখা সপোনটোক সাকাৰ কৰিবলৈ অচিন-অজান চহৰ মুম্বাইলৈ গুছি যোৱা যশশ্বীয়ে বাস্তবায়িত কৰিলে তেওঁৰ সপোনক। কেৱল যে সপোন বাস্তবায়িত হ’ল তেনে নহয়, যশশ্বীয়ে লাভ কৰিছে অৰ্থ।শূন্যৰ পৰা যশশ্বী আজি হৈ পৰিল কোটিপতি খেলুৱৈ। যশশ্বী হৈ পৰক ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল তাৰকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments