Tuesday, October 4, 2022
HomeNewsঅসম ক্ৰিকেট দলৰ নতুন দায়িত্বত ষ্টুৱাৰ্ট বিনী

অসম ক্ৰিকেট দলৰ নতুন দায়িত্বত ষ্টুৱাৰ্ট বিনী

অলিম্পিয়া প্রতিবেদন

সদ্য অৱসৰপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ষ্টুৱাৰ্ট বিনীয়ে লাভ কৰিছে অসম ক্ৰিকেটৰ এক বিশেষ দায়িত্ব। অসম ছিনিয়ৰ পুৰুষ দলটোৰ সহকাৰী প্ৰশিক্ষক হিচাবে নিযুক্তি দিয়া হৈছে ক্ৰিকেটাৰজনক। শুক্ৰবাৰে বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম প্ৰেক্ষাগৃহত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই। অসম দলটোৰ প্ৰশিক্ষক হিচাবে পূৰ্বৰ প্ৰশিক্ষক অজয় ৰাট্ৰাক বাহাল ৰখা গৈছে। সন্থাই আশা প্ৰকাশ কৰিছে ষ্টুৱাৰ্ট বিনীৰ দীর্ঘদিনীয়া অভিজ্ঞতাই অসম দলটোক এক নতুন মাত্ৰা প্ৰদান কৰিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ষ্টুৱাৰ্ট বিনীয়ে নাগালেণ্ড দলৰ হৈ ৰঞ্জি ট্ৰফীত অংশ লৈছিল। ভাৰতীয় দলৰ হৈ ১৪ খন এদিনীয়াত ২৩০ ৰান কৰাৰ লগতে ২০ টাকৈ উইকেট দখল কৰা বিনীয়ে ৬ খন টেষ্টত ১৯৪ ৰান কৰাৰ লগতে উইকেট দখল কৰিছিল ৩ টা। কেৰিয়াৰৰ অধিক সময় কৰ্ণাটকৰ হৈ ৰঞ্জি ট্ৰফীত অংশ লোৱা এইগৰাকী খেলুৱৈয়ে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত মুম্বাই ইণ্ডিয়ানছ, ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, ৰাজস্থান ৰয়েলছ আদি দলৰ হৈ খেলিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments