Sunday, July 3, 2022
HomeNewsআন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত জিলিকিল ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্রী ৰিমঝিম গোঁহাই

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত জিলিকিল ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্রী ৰিমঝিম গোঁহাই

অলিম্পিয়া প্ৰতিবেদন

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ মহিলা খেলুৱৈৰ কৃতিত্ব ।মাউন্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ অৰ্জন ডিব্ৰুগড়ৰ যুৱতী ৰিমঝিমৰ।এইবাৰ নেপালৰ কাঠমাণ্ডুত জিলিকিল অসমৰ যুৱতী।


ক্ৰীড়া জগতত অসমৰ যুৱ খেলুৱৈসকলে গঢ়িছে ইটোৰ পিছত সিটো অভিলেখ ।অসম তথা ভাৰতলৈ কঢ়িয়াই আনিছে স্বৰ্ণ, ৰূপ অথবা ব্ৰঞ্জৰ পদক। পুৰুষৰ সমান্তৰালকৈ মহিলাসকলৰ অব্যাহত আছে জয়যাত্ৰা ।শেহতীয়াকৈ বিগত ১০,১১ আৰু ১২ ছেপ্তেম্বৰত ছাউথ এছিয়ান ফেডাৰেচন অৱ অল স্পটৰ্চৰ উদ্যোগত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল “ফাৰ্ষ্ট মাউন্ট এভাৰেষ্ট ইন্টাৰনেচনেল গেমছ ২০২১”। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ জীয়ৰী ৰিমঝিম গোঁহাইয়ে। অৱশেষত নেপালৰ পৰাও আহিল সেই ভাল খবৰটো। ১০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰিলে ৰিমঝিমে। অসম জীয়ৰী ৰিমঝিমৰ সাফল্যত গৌৰৱান্বিত টিংখাংবাসী, ডিব্ৰুগড়বীসী তথা অসমবাসী। উল্লেখযোগ্য যে, ৰিমঝিম গোঁহাই ডিব্ৰুগড়ৰ কানৈ কলেজৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্রী। ছাত্রীগৰাকীৰ সাফল্যত আনন্দিত কলেজ কতৃপক্ষ। ৰিমঝিমৰ সফলতাৰ খবৰ পোৱাৰ পাছতে কানৈ মহাবিদ্যালয়ত আনন্দমুখৰ পৰিৱেশ। অধ্যক্ষ, অধ্যাপক আৰু ছাত্র-ছাত্রী সকলোৱে মিঠাই বিতৰণ কৰি ৰিমঝিমৰ বিজয় উৎসৱ উদযাপন কৰে।আনহাতে নিজ কন্যাৰ সাফল্যত সুখী পিতৃ প্ৰেম গোঁহাই।

ৰিমঝিমৰ দৰে বহু অসমৰ যুৱক-যুৱতীয়ে এইদৰে পদক অৰ্জনেৰে ভাৰতলৈ কঢ়িয়াই আনিছে গৌৰৱ। ক্ৰীড়াৰ পৃথিৱীত ৰিমঝিমৰ এয়া সফল আৰম্ভণি। আগন্তক দিনত এইগৰাকী সম্ভাৱনাময় খেলুৱৈ বিশ্বক্ৰীড়াত জিলিকি উঠক, তাকেই ক্ৰীড়াপ্ৰেমী ৰাইজে কৰিছে কামনা।এইগৰাকী ছাত্রী ৰিমঝিমৰ উজ্বল ভৱিষ্যৰ বাবে সকলোৱে যাচিছে শুভকামনা আৰু আৰ্শীবাদ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments