Monday, October 3, 2022
HomeNewsস্বীকৃতি নেপালে যিসকলৰ প্ৰতিভাই

স্বীকৃতি নেপালে যিসকলৰ প্ৰতিভাই

নিজৰ দেশৰ জাৰ্ছি পিন্ধি খেলপথাৰত নমাৰ সপোন সকলো খেলুৱৈৰে৷ দেশৰ জাৰ্ছি পিন্ধি খেলপথাৰত জাতীয় সংগীত গোৱাৰ অনুভুতিয়েই সুকীয়া৷ মনত প্ৰবল ইচ্ছা থাকে সেই জাৰ্ছি পিন্ধি খেলপথাৰত কিছু স্মৰণীয় প্ৰদৰ্শন আগবঢ়োৱাৰ৷ কিন্তু এনে কিছুমান খেলুৱৈ আছে যি জাতীয় দলৰ জাৰ্ছি গাত পিন্ধাৰ সুযোগ লাভ কৰি স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়ো দলত নিজৰ স্থান স্থায়ী কৰিব নোৱাৰিলে৷ দলত তাৰকা খেলুৱৈৰ সমাহাৰ অৱহেলিত হৈ ৰৈ যায় তেওঁলোকৰ প্ৰতিভা৷ আন সময়ত হ’লে হয়তো ইতিহাসৰ পাতত জিলিকি ৰ’ল হয় তেওঁলোকৰ নাম৷

ষ্টুৱাট মেকাগিল ঃ শ্বেন ৱাৰ্ণৰ দৰে স্পীনাৰ দলত থকাৰ পিছত দলত আন এগৰাকী স্পীনাৰৰ আন্তভুক্তি হয়তো একেবাৰেই কঠিন৷ বিশ্বজয়ী অষ্ট্ৰেলিয়াৰো চাগে তেনে অৱস্থাই হৈছিল৷ লেগ স্পীনাৰ যাদুকৰ শ্বেন বাৰ্ণ৷ বিশ্বত্ৰাস৷ দলৰ বলিং আক্ৰমণৰ মূল ভৰষা৷ এই অস্ত্ৰ থকাৰ পিছত ষ্টুৱাট মেকগিলক দলত অন্তভূক্ত কৰাৰ কোনো সুযোগেই পোৱা নাছিল ক্ৰিকেট অষ্ট্ৰেলিয়ায়৷ বয়স ৱাৰ্ণতকৈ এবছৰ কম৷ ঘৰুৱা ক্ৰিকেটত মেকৰ যথেষ্ট সুনাম আছে৷ কিন্তু জাতীয় দলৰ জাৰ্ছি পিন্ধাৰ ক্ষেত্ৰত যেন বাৰে বাৰে মুখ থেকেছা খাব লাগে তেওঁ৷ কিন্তু যেতিয়াই সুযোগ পাইছে তেতিয়াই উজলি উঠিছে ‘দ্য মেক’৷ ৪৪ খন টেষ্ট মেচ খেলি সংগ্ৰহ কৰিছে ২০৮ উইকেট৷ ৱান ডে খেলিছে মাত্ৰ তিনিখন৷ দখল ছটা উইকেট৷ শ্বেন ৱাৰ্ণ বিহীন অষ্ট্ৰেলিয়া দলত থকা হ’লে হয়তো মেকগিকলৰ নাম অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ লগতে বিশ্ব ক্ৰিকেটৰ ইতিহাসত লিখা হৈ ৰলহেতেন সুকীয়া ভাবে৷

ব্ৰেড হজ ঃ বিশ্বজয়ী অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ আন এগৰাকী দুৰ্ভগীয়া৷ বিভিন্ন ফ্ৰেন্সাইজি ক্ৰিকেট খেলৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত ‘দ্য হজ্জি’৷ কিন্তু যোগ্যতা থাকিলেও জাতীয় দলৰ হৈ সাংঘাটিক কিবা কৰাৰ সুযোগ নেপালে তেওঁ৷ দলত ৰিকি পণ্টিং, মেথিউ হেডেন, মাইকেল ক্লাৰ্ক, মাইক হাছিৰ নিয়মীয়া উপস্থিতিৰ বাবে সদায়েই ৰিজাৰ্ভ বেন্সত বহি থাকিব লগা হয় ব্ৰেড৷ তেওঁলোকৰ বিশ্ৰাম নতুবা ইনজিউৰিৰ সময়ত মাজে মাজে দলত সুযোগ লাভ কৰে তেওঁ৷ কিন্তু যেতিয়াই সুযোগ লাভ কৰিছে তেতিয়াই নিজকে প্ৰমাণ কৰি গৈছে হাছিয়ে৷ টেষ্টত দ্বিশতক আৰু এদিনীয়াত শতক অৰ্জন কৰাৰ পিছতো মাত্ৰ তিনিবছৰৰ বাবেহে অষ্ট্ৰেলিয়া দলত স্থান লাভ কৰিছিল ব্ৰেডে৷ ২০১৫ বৰ্ষত জাতীয় জাৰ্ছিত শেষ বাৰৰ বাবে দেখা গৈছিল তেওঁক৷ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত দলত সুযোগ লাভ নকৰি যোৱা বছৰ অৱসৰ গ্ৰহণ কৰে ‘দ্য হজি’য়ে৷

 ভিক্টৰ ভালদেছ ঃ বিশ্বজয়ী স্পেইন ফুটবল দলৰ সদস্য আছিল তেওঁ৷ ২০০৮ ৰ পৰা ২০১২ পৰ্যন্ত ইউৰো বিশ্বকাপ দখল কৰি ফুটবল বিশ্বৰ একছত্ৰী সম্ৰাট হৈ আছিল স্পেইন৷ ক্লাৱ ফুটবল বাৰ্ছিলোনা তেওঁৰ স্বৰ্ণযুগ৷ জাভি, ইনিয়েষ্টা, পুয়েলৰ সৈতে খেলাৰ অভিজ্ঞতা ভালদেছ৷ ক্লাৱ ফুটবলত তেওঁ বাৰ্চিলোনাৰ ষ্টাৰ হৈ ৰলেও জাতীয় দলৰ ইতিহাসত তেওঁ ট্ৰেজিক হিৰ৷ নহবই বা কিয়৷ দলত ইকাৰ কেছিয়াছ থকাৰ সময়ত ভালদেছক দলত লোৱাৰ হয়তো সাহস কৰিব নোৱাৰিলে প্ৰশিক্ষক ডেল ডাস্কৰে৷ ২০১০ বিশ্বকাপ আৰু ২০১২ ইউৰোকাপত দলত স্থান পালেও খেলপথাৰ নমাৰ সুযোগ মাত্ৰ ২০ খন মেচতহে৷

মাইকেল অৰ্টেটা ঃ বিশ্বজয়ী স্পেইনৰ আন এগৰাকী ফুটবলাৰ৷ ভিক্টৰ ভালদেছেতো ২০ খন মেচত খেলাৰ সুযোগ পাইছিলেই৷ অটেটোৰ ভাগ্যততো সেয়াও নহল৷ স্পেইনৰ অনুদ্ধ – ২১ দলৰ অধিনায়কজনে জাতীয় ছিনিয়ৰ দলৰ জাৰ্ছি পিন্ধাৰ সুযোগ কেতিয়াও নেপালে৷ ডাভি, ইনিয়েস্তা, বুছকেটছ, এলেনছ, ফেনিগেছবা দলত থকাৰ পিছত জাতীয় দলত হয়তো তেওঁক অন্তভূক্ত কৰাৰ কথা প্ৰশিক্ষকে ভবাৰ সুযোগেই নেপালে ফলত জাতীয় দলৰ জাৰ্ছি পিন্ধাৰ সুযোগ তেওঁলৈ কেতিয়াও নাহিল৷ পৰৱৰ্তী সময়ত ইংলেণ্ডৰ হৈ খেলাৰ কথাও ভাবিছিল ইংলিছ প্ৰিমিয়াৰৰ লীগ আৰ্ছেনাল, এভাৰটনত খেলা আটেটায়৷

মাৰ্টিন হৱান দেল প’ত্ৰ’ ঃ এইজন তাৰকা টেনিছ জগতৰ৷ সেইখন পৃথিৱীত যেতিয়া তেওঁৰ প্ৰৱেশ তেতিয়া তেওঁৰ সন্মুখত ৰ’জাৰ ফেডেৰাৰ, ৰাফেল নাডাল, ন’ভান জকোভিছ৷ বিশ্বটেনিছত তেওঁৰ অভিষেকৰ পিছৰে পৰা হোৱা ৫৬ টা গ্ৰেণ্ড শ্ৰাম টুৰ্ণামেণ্টৰ ৪৮ টাই গ্ৰাস কৰিছে এই ত্ৰিমুৰ্তিয়ে৷ তেওঁলোকৰ হাতৰ পৰা এবাৰ গ্ৰেণ্ড শ্লাম কাঢ়ি আনিছে এই গৰাকী আৰ্জেণ্টিনাৰ টেনিছ তাৰকায়৷ সেয়াও আকৌ ৰজাৰ ফেডেৰাৰক পৰাস্ত কৰি৷ ২০১৬ অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক জয় কৰিছে প’ত্ৰ’ই৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments