Tuesday, October 4, 2022
HomeNewsঅপৰহণ হৈছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ষ্টুৱাট মেকগিল

অপৰহণ হৈছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ষ্টুৱাট মেকগিল

দেৰিকৈ হ’লেও প্ৰকাশিত এটি খবৰ৷ যিটো খবৰে এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ক্ৰিকেট বিশ্ব৷ অপৰহণ কৰা হৈছিল অষ্ট্ৰেলিয়াৰ জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য ষ্টুৱাট মেকগিলক৷ সোমবাৰে অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত এই বিস্ফোৰক কথা সদৰি কৰে তেওঁ৷ চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছিডনীস্থিত নিজা বাসভৱনৰ সমীপৰ পৰা অপহৰণ কৰা হৈছিল মেকগিলক৷ অপহৰণত জড়িত আছিল তেওঁৰ প্ৰেয়সী ভাতৃ৷ অপহৰণকাৰী সকলে মেকগিলক চহৰৰ সমীপৰ এখন নিৰ্জন ঠাইলৈ লৈ যায় আৰু বন্দুক দেখুৱাই ভয় ভাৱুকি প্ৰদান কৰাৰ লগতে বেয়াকৈ মাৰধৰ কৰে৷ অৱশ্যে তেওঁক এঘণ্টাৰ পিছত মুকলি কৰি দিয়ে অপহৰণকাৰীয়ে৷ ঘটনাত শংকিত হৈ পৰা মেকগিলে ২০ এপ্ৰিলত আৰক্ষীক এই বিষয়ে অভিযোগ দাখিল কৰে৷ মেকগিলৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে আটক কৰে প্ৰেয়সী মাৰিয়াৰ ভাতৃ মেৰিন ছাতিৰ’পউলছ সহ আন তিনিজনক৷ অবৈধ ড্ৰাগছ কোকেইন সৰবৰাহৰ সৈতে জড়িত কৰা হৈছে মেকগিলৰ নাম৷ অৱশ্যে এই কথা অস্বীকাৰ কৰিছে অষ্ট্ৰেলিয়া দলৰ প্ৰাক্তন স্পীনবলাৰজনে৷ আৰক্ষীয়েও তেওঁক অভিযোগ মুক্ত কৰিছে৷ ‘‘মোৰ কোনো ভূল নাছিল৷ ক্ৰিকেটৰ পৰা আঁতৰি অহাৰ পিছত চাকৰি কৰিছো আৰু পৰিয়ালৰ সৈতে সময় কটাইছো৷ আন কোনো কথাৰ লগত মই জড়িত নহয়’’- মেকগিলে কয়৷ উল্লেখ্য যে অভিযুক্ত মেৰিণৰ ৰেষ্টুৰেণ্টত মেনেজৰৈ হিচাপে কাম কৰিছিল মেকগিলে৷ বিনা দোষত অপমানিত হোৱা এই ঘটনাৰ পিছত বন্ধু মহলে তেওঁক ত্যাগ কৰা বুলি দুখ প্ৰকাশ কৰে মেকগিলে৷ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ হৈ ৪৪ খন টেষ্ট খেলি ২০৮ টা উইকেট সংগ্ৰহ কৰা মেকগিলে এদিনীয়াত এখন মেচত দখল কৰিছে ৬ টা উইকেট৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments