অলিম্পিয়া অলিম্পিয়া
পৰম্পৰাগত খেলত জীপাল শুৱালকুছিৰ ঐতিহ্যমণ্ডিত ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্রৰ প্ৰাঙ্গন । ফাকুৰ ৰঙৰ মাজতে সোণত সুৱগা চৰাই অনুষ্ঠিত হৈছে বিভিন্ন পৰম্পৰাগত খেল-ধেমালী । পুৰুষ -মহিলা উভয়ৰে অংশগ্ৰহণত আনন্দৰ জোৱাৰ উঠিছে সত্রত ।
ফাকু ৰঙত ডুব গ’ল সত্র নগৰী শুৱালকুছি । ফাকু উপলক্ষে বিগত ১৭ ৰ পৰা ১৯ মাৰ্চত শ্ৰী শ্ৰী হাটী সত্রত অনুষ্ঠিত হ’ল দৌল উৎসৱ । চৌদিশে ৰঙেৰে উপচি পৰিল সত্র নগৰী । লোকে লোকাৰণ্য হৈ পৰিল সত্রৰ প্ৰাংগন ।
এই ৰঙৰ উৎসৱৰ মাজতে প্ৰতিবছৰৰ দৰে প্ৰাধান্য লাভ কৰিলে পৰম্পৰাগত খেল ধেমালীয়ে । বাঁহ ভঙা খেলত অংশ ললে পুৰুষ -মহিলা উভয়ে। বহু দশক জুৰি পৰম্পৰাগতভাৱে চলি আহিছে এই খেল । এই বৰ্ষতো তাৰ ব্যতিক্ৰম নহ’ল । দৰ্শকৰ আনন্দ কিৰিলিৰ মাজত দলগত ভাৱে ভাঙিলে বাঁহ । প্ৰতিটো দলত থাকে ১৫ জন খেলুৱৈ । পুৰুষ -মহিলা সৰ্বমুঠ ৯ টাকৈ দলে অংশ ললে এইবাৰৰ বাঁহ ভঙা প্ৰতিযোগিতাত । এই দৃশ্য শনিবাৰৰ। খেলৰ আনন্দ উপভোগ কৰিলে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । বাঁহ ভাঙি খেল উদ্বোধন কৰিলে বিষয়াজনে ।
ইফালে বাঁহ ভঙা খেলৰ উপৰি আন বহু পৰম্পৰাগত খেলত জীপাল হ’ল ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্রৰ প্ৰাংগন । পঞ্চ অমৃত টেকেলী ভঙা, তলুৱা বাঁহত বগোৱা আদি আছিল অন্যতম ।
উল্লেখযোগ্য যে, এনে খেলসমূহ দৌল উৎসৱৰ লগতে পুৰুষে পুৰুষে চলি আহিছে । ৰঙৰ উৎসৱত ক্ৰীড়াক জীয়াই ৰখাৰ ই এক যেন পৰম্পৰাগত প্ৰচেষ্টা ।
সঁচাকৈ সত্র নগৰীত ক্ৰীড়াৰ পৰিবেশে বিৰাজ কৰাতো অতিকৈ মনোমোহা । আধ্যাত্মিকতাৰ মাজতো ক্ৰীড়াও মানুহৰ শিৰে শিৰে বিৰাজমান, তাকেই প্ৰমাণ কৰি আহিছে সত্র নগৰীৰ এনে পৰম্পৰাগত খেল ধেমালিয়ে ।
ক্ৰীড়া অনুৰাগীৰ আশা — শুৱালকুছিৰ ঐতিহ্যমণ্ডিত ঈশ্বৰ শ্ৰী শ্ৰী হাটী সত্রত আয়োজিত খেল-ধেমালীৰ দৰে অসমৰ প্ৰতি প্ৰান্তত সিচঁৰতি হৈ থকা পৰম্পৰাগত খেলে জনপ্ৰিয়তাৰ শিখৰ চুৱক । ফাকুৰ ৰঙে যিদৰে মনত আনন্দৰ বন্যা বোৱাব পাৰে, এনে পৰম্পৰাগত খেল ধেমালীয়েও একতাৰ ভাব জাগ্ৰত কৰি মন প্ৰফুল্লিত কৰিব পাৰে । শান্তিৰ বাৰ্তাৰে উত্তৰ পুৰুষলৈ বৈ যাওক পৰম্পৰাগত খেল ধেমালীৰ সোঁত ।