Sunday, October 2, 2022
HomeNewsশুৱালকুছিত ৰঙিয়া কে চি চি চেম্পিয়ন:টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ পৰশমণি কলিতা

শুৱালকুছিত ৰঙিয়া কে চি চি চেম্পিয়ন:টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ পৰশমণি কলিতা

অলিম্পিয়া প্ৰতিবেদন, শুৱালকুছি

শুৱালকুছি অসম জ্যোতি ক্লাৱৰ উদ্যোগত আয়োজিত চিক্স এ চাইড প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত ৰঙিয়াৰ কে চি চি একাদশে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত অনুষ্ঠিত এখন আকৰ্ষনীয় ফাইনেল মেচত ৰঙিয়াৰ বলিং বিক্ৰমত পৰাজয় স্বীকাৰ কৰে ৰানাৰ্চ আপ বঁটা লাভ কৰা মাজু ষ্টোৰে। বিজয়ী দলৰ পৰশমণি কলিতাই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২৫ টা দলে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনত বিজয়ী দল ৰঙিয়া কে চি চি একাদশে ১৫ হাজাৰ টকা আৰু ট্ৰফী লগতে বিজিত দলে ১০ হাজাৰ টকা আৰু ট্ৰফী লাভ কৰে।
যুৱ ক্ৰীড়া সাংবাদিক ৰূপক বৈশ্যই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত ট্ৰফীসমূহ বিতৰণ কৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থাৰ উপ সভাপতি ঋতুবৰন শৰ্মা,অসম অলিম্পিক সন্থাৰ আন এগৰাকী উপ সভাপতি বিষ্ণুৰাম নুনিছাৰ লগতে ক্ৰীড়া সংগঠক প্ৰকাশ চেত্ৰীয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments