Monday, October 3, 2022
HomeNewsসদৌ অসম আন্ত:জিলা ছাব-জুনিয়ৰ বক্সিঙত ওদালগুৰিৰ ছোৱালী দলৰ শ্ৰেষ্ঠ স্হান

সদৌ অসম আন্ত:জিলা ছাব-জুনিয়ৰ বক্সিঙত ওদালগুৰিৰ ছোৱালী দলৰ শ্ৰেষ্ঠ স্হান

✍️ গৌতম জ্যোতি তালুকদাৰৰ প্ৰতিবেদন

গোলাঘাট জিলাৰ দেৰগাঁওত যোৱা ২৫ ৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত ৪২ সংখ্যক সদৌ অসম আন্ত:জিলা বক্সিং প্ৰতিযোগিতাত ওদালগুৰিৰ ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ ছোৱালী দলে অসমৰ ভিতৰত সোণৰ পদকেৰে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।
প্ৰশিক্ষক ধনেশ্বৰ বসুমতাৰীয়ে জনোৱা মতে ছোৱালীৰ শাখাত হংগালী বসুমতাৰী (৫২কেজি), ৰমৈ কেট্ৰিন মুছাহাৰী (৫৮কেজি), অঞ্জনা দৈমাৰীয়ে (৩৫ কেজি) সোণৰ পদক লাভ কৰি ছোৱালী শাখাত শ্ৰেষ্ঠ দলৰ অধিকাৰ লাভ কৰে । ছোৱালীৰ শাখাত ৰূপৰ পদক লাভ কৰা খেলুৱৈসকল হ’ল ক্ৰমে–বিৰিণা ৰাভা (৩৭কেজি), অৱন্তী দেৱী চৌহান (৪৩কেজি), হেমা নাৰ্জাৰী (৬১কেজি)। ল’ৰাৰ শাখাত সোণৰ পদক লাভ কৰে প্ৰকাশ বসুমতাৰীয়ে (৭০কেজি)।৬৪ কেজিত ৰূপৰ পদক লাভ কৰে জ’নী মুছাহাৰীয়ে।ইপিনে বিশাল বড়ো (৪৩কেজি), জিতু বড়ো (৩৭কেজি) আৰু জুমন ব্ৰহ্ম (৫৫কেজি) ই ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments