Sunday, October 2, 2022
HomeNewsভাৰতৰ প্ৰাক্তন ফুটবলাৰ তথা প্ৰশিক্ষক সুভাষ ভৌমিক আৰু নাই

ভাৰতৰ প্ৰাক্তন ফুটবলাৰ তথা প্ৰশিক্ষক সুভাষ ভৌমিক আৰু নাই

অলিম্পিয়া প্ৰতিবেদন

ভাৰতৰ প্ৰাক্তন জনপ্ৰিয় ফুটবলাৰ তথা প্ৰশিক্ষক সুভাষ ভৌমিকৰ শনিবাৰে নিচেই পুৱা মৃত্যু হয় । মধুমেহ আৰু বৃক্ক জনিত চিকিৎসাৰ বাবে বিগত দুসপ্তাহ ধৰি তেওঁ দক্ষিণ কলকাতাৰ ইকবালপুৰৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসা গ্ৰহণ কৰি আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ । কলকাতাত ভাম্বলদা ৰূপে জনপ্ৰিয় ভৌমিক আছিল ১৯৭০ চনৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতীয় দলৰ অন্যতম সদস্য । ক্লাব কেৰিয়াৰত তেওঁ মুঠতে ২৬ টা ট্ৰফী জয় কৰিছে। কেৱল মোহন বাগান দলৰ হৈ জয় কৰিছে ১৮ টা ট্ৰফী । ছবছৰত মোহন বাগানৰ হৈ তেওঁ মুঠ গল দিছে ৮২ টা । ইয়াৰ ভিতৰত ৪ টা হেটট্ৰিকো আছে। ইষ্ট বেংগলৰ হৈ ৫ বছৰত তেওঁ গ’ল স্কৰ কৰিছে ৮২ টা । গ’ল দিয়াৰ অসীম দক্ষতাৰ বাবে কলকাতাৰ মৈদানত তেওঁক বুলডজাৰ বুলি কোৱা হৈছিল । ফুটবল কেৰিয়াৰ সফলতাৰে সামৰণি মৰাৰ পাছত প্ৰশিক্ষক হিচাপে তেওঁ দ্বিতীয় ইনিংছ আৰম্ভ কৰে । ইষ্ট বেংগল দলে এছিয়ান ক্লাব কাপ অৰ্জন কৰোঁতে তেওঁ আছিল মুখ্য প্ৰশিক্ষক । সুভাষ ভৌমিকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত বহু খেলুৱৈ পাছলৈ ভাৰতীয় দলৰ হৈ খেলিছে । তেওঁৰ মৃত্যুত দেশৰ ফুটবলপ্ৰেমীৰ মাজত গভীৰ শোকৰ ছাঁ পৰে । উল্লেখযোগ্য যে খেলুৱৈ জীৱনত তেওঁ ১৯৭৬ আৰু ১৯৭৭ দুবছৰ গুৱাহাটীৰ বৰদলৈ ট্ৰফী জয় কৰিছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments