অলিম্পিয়া প্ৰতিবেদন
অসমৰ দু:সাহসিক যাত্ৰাৰ অন্যতম কাণ্ডাৰী অতনু প্ৰসাদ বৰুৱা আৰু প্ৰয়াত ৰোহিনী কুমাৰ ভূঞাৰ সহযোগী বিশিষ্ট পৰ্বতাৰোহী সুবোধ কুমাৰ দত্তৰ যোৱা ১৯ জানুৱাৰী, শুক্ৰবাৰৰ দিনা পুৱা ৭.৩০ বজাত গুৱাহাটী মেডিকেল মহাবিদ্যালয়ত শ্বাসজনিত কাৰণত পৰলোকপ্ৰাপ্তি হয়। ৰোহিনী কুমাৰ ভূঞাৰ পিছত দত্ত অসম পৰ্বতাৰোহণ সন্থাৰ দ্বিতীয়জন সাধাৰণ সম্পাদক আছিল আৰু সন্থাৰ সক্ৰিয় সদস্য হিচাপে বহুতো দু:সাহসী অভিযানত অংশগ্ৰহণৰে অভিজ্ঞ আছিল। ১৯৭১ বৰ্ষত পৰ্বতাৰোহণ সন্থাৰ পৰা যোৱা প্ৰথমটো প্ৰাথমিক প্ৰশিক্ষণ দলৰ সদস্য ৰূপে হিমালয়ৰ পশ্চিম হিমালয় পৰ্বতাৰোহণ প্ৰশিক্ষণ কেন্দ্ৰত সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰিছিল । ১৯৭২ চনত ভাৰতীয় কামেট শৃঙ্গ অভিযান (৭৭২৫ মি.) আৰু ১৯৭৪ চনত বান্দৰপুৰ অভিযান, ১৯৭৬ চনত চতুৰঙ্গী শৃঙ্গ অভিযান, ১৯৮১ চনত মাউন্ট গণেশ শৃঙ্গ অভিযানত সফলতাৰে অংশগ্ৰহণ কৰাৰ উপৰি কালিন্দী খান ট্ৰেকিঙৰ লগতে কেইবাটাও উচ্চ হিমালয় ট্ৰেকিঙত অংশগ্ৰহণ কৰিছিল ।
১৯৭৯ বৰ্ষত প্ৰয়াত ৰোহিনী কুমাৰ ভূঞাৰ অন্তিমটো কেদাৰডোম অভিযানতঝ সতীৰ্থ আৰোহী হিচাপে দত্ত এগৰাকী সদস্য আছিল।
দত্ত এগৰাকী সুদক্ষ হকী খেলুৱৈ হিচাপেও খ্যাত আছিল । এগৰাকী অতি সৰবৰহী সমাজ সচেতন আৰু ক্ৰীড়াপ্ৰেমী দত্তৰ বিয়োগত অসম পৰ্বতাৰোহণ সন্থাৰ পৰা গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা প্ৰকাশ কৰে ।