Tuesday, October 4, 2022
HomeNewsমনোমোহা পৰিৱেশৰ মাজত সফলতাৰে সামৰণি পৰিল ট্ৰেইল ৰানিং প্ৰতিযোগিতাৰ

মনোমোহা পৰিৱেশৰ মাজত সফলতাৰে সামৰণি পৰিল ট্ৰেইল ৰানিং প্ৰতিযোগিতাৰ

অলিম্পিয়া প্ৰতিবেদন

হেঙেৰাবাৰী পাহাৰৰ মনোমোহা পৰিৱেশৰ মাজত দেওবাৰে সফলতাৰে সামৰণি পৰে আকৰ্ষণীয় ট্ৰেইল ৰানিং ৰেচৰ। আজি গুৱাহাটীৰ ভি আই পি ৰোডৰ সমীপৰ প্ৰতীক্ষা চিকিৎসালয়ৰ গাতে লাগি থকা হেঙেৰাবাৰী পাহাৰস্থিত মাংকী টেম্পল ট্ৰেইলত অনুষ্ঠিত হৈ যায় প্ৰতিযোগিতাখন।

অংশগ্ৰহণকাৰী প্ৰতিযোগীৰ একাংশ

অসমৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু মণিপুৰক মিলাই মুঠ ১০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই ৰেচত। মহিলাৰ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে দাখাই কেইণ্ডিয়া (Dakhai Kyndiat), চুনা প্ৰধান আৰু দীপামণিয়ে। পুৰুষৰ শাখাত প্ৰথম তিনিটা স্থান লাভ কৰে ক্ৰমে বিপুল সতনামি, ক্ৰিছট্ৰাজুন পাথ’ আৰু ইউনুছ আলীয়ে। উল্লেখযোগ্য যে, প্ৰতিযোগীসকলক পথ নিৰ্দেশনাৰ ভূমিকা পালন কৰে ৪০ গৰাকীকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে।

পুৰুষৰ শাখাৰ বিজয়ী
মহিলা শাখাৰ বিজয়ী
অন্যান্য বিজয়ী প্ৰতিযোগীসকল

উল্লেখযোগ্য যে এই ট্ৰেইল ৰান হৈছে পাহাৰৰ মনোমোহা পৰিৱেশৰ মাজত ওখোৰা-মোখোৰা বাটেৰে কৰা এক বিশেষ দৌৰ। স্বাভাৱিক দৌৰতকৈ এই দৌৰত কাৰিকৰী কিছু কথাও থাকে। পাহাৰৰ ওখোৰা-মোখোৰা পথত অপ্ৰত্যাশিত হয় এনেবোৰ দৌৰ।

বঁটা গ্ৰহণৰ মুহূৰ্তত একাংশ প্ৰতিযোগী

গুৱাহাটীৰ বৰবাৰীত দেশৰ আগশাৰীৰ ক্ৰীড়া সামগ্ৰী নিৰ্মাতা Garmin Watch নতুনকৈ বিপনি খোলাৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আয়োজনৰ আঁৰত আছে স্প’কহাব, পেডেল ফৰ এ চেঞ্জ আৰু Whacky Talky নামৰ সংস্থাকেইটা । তাৰোপৰি ট্ৰেইল ৰানিং ৰেচখনৰ তত্বাৱধায়ক আছিল trailnexus.in নামৰ স্পৰ্টছ ইভেণ্ট প্ৰতিষ্ঠানটো।

প্ৰতিযোগিতাৰ বিজয়ীসকললৈ আগবঢ়োৱা হয় Garmin ৰ তৰফৰ পৰা Garmin ঘড়ী, নগদ ধনৰ লগতে উপহাৰ কুপন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + 11 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments