Wednesday, May 18, 2022
HomeNewsচুকাফা ক্লাব আৰু ধনশিৰি জিলা শৰীৰ কলা সন্থা :

চুকাফা ক্লাব আৰু ধনশিৰি জিলা শৰীৰ কলা সন্থা :

অসমৰ শক্তি আৰু শৰীৰ ক্ৰীড়া জগতৰ এক অতুলনীয় নাম

olympiasports.in

✍️ অজয় চেতিয়া

সত্তৰ আৰু আশীৰ দশকত অসমত শক্তি আৰু শৰীৰ ক্ৰীড়া বুলিলে মুষ্টিমেয় কেইখনমান ঠাইতেই আৱদ্ধ আছিল। ৰাজ্যখনৰ গুৱাহাটীৰ, শিৱসাগৰ, যোৰহাট, তেজপুৰ, নগাঁও, ডিব্ৰুগড় আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ চহৰতেই এই ক্ৰীড়াবিধ সীমাবদ্ধ আছিল। ফুটবল, ভলীবল, দৌৰ, জাম্প আদি কেইটামান খেলতেই অসমৰ ক্ৰীড়াক্ষেত্ৰখন শেষ হৈছিল। তাৰ আগতেই অসমত বিশেষকৈ সেইসময়ৰ বৰঅসমত ‘শক্তিমেলা’ নামেৰে এখনি ক্ৰীড়া প্ৰতিযোগিতা হৈছিল বুলি শুনা যায়। খেলবোৰ আছিল সা‍ঁতোৰ, দৌৰ, খোজকঢ়া, ৰচী টনা, গধুৰ বল দলিওৱা আদি। শক্তি আৰু শৰীৰ ক্ৰীড়া ভাৰতত বৃটিছ আমদানিকৃত আছিল। সেইসময়ৰ বৃটিছ সেনা, বৃটিছ পুলিচ আৰু তেওঁলোকৰ অধীনত চাকৰি কৰা বিষয়া-কৰ্মচাৰী সকলেহে এই ক্ৰীড়াৰ চৰ্চা কৰিব পাৰিছিল বুলি মূলতঃ কব পাৰি।


ধনশিৰি শৰীৰ কলা সন্থাৰ মহিলা দলটো আৰু কৰ্মকৰ্তাসকল মুখ্য প্ৰশিক্ষক শান্তনু গগৈৰ সৈতে। দলটোৱে কেইবা বছৰ ধৰি সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

ইতিমধ্যে উল্লেখ কৰা ‘শক্তিমেলা’ প্ৰতিযোগিতাখনত আজিৰ দৰে শক্তিউত্তোলন, ভাৰোত্তোলন আৰু শৰীৰচৰ্চাৰ দৰে খেল সমূহৰ আয়োজন নহৈছিল। আজি ৰাজ্যখনত শক্তি আৰু শৰীৰক্ৰীড়াৰ জনপ্ৰিয়তা যিদৰে দেখা যায় ঠিক তেনেদৰে অসমত এই ক্ৰীড়াৰ জন্ম আৰু আৰম্ভণি কিন্তু খুবেই সংঘাটপূৰ্ণ আছিল। দেশ স্বাধীন হোৱাৰ দুটামান দশকৰ পিছতেই অসমত কেইবাটাও আন্দোলনে জোকাৰি গৈছিল। সেই সময়ত অসমৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু ৰাজ্যখনৰ প্ৰত্যেকজন নাগৰিকে আন বিষয় বাদ দি আন্দোলনমুখীহে হৈছিল। সেইসময়ছোৱাত ৰাজ্যখনত খেলা-ধূলা, কলা-সংস্কৃতি সকলোবোৰ বিষয় তল পৰিছিল বুলি ক’ব পাৰি। কিন্তু তাৰ মাজতো মুষ্টিমেয় কিছুসংখ্যক ক্ৰীড়াপ্ৰেমী ব্যক্তি, ক্ৰীড়া সংগঠক আৰু ক্ৰীড়াবিদে বহু ত্যাগ আৰু কষ্টৰ মাজেৰে অসমৰ ক্ৰীড়াক্ষেত্ৰখন আগবঢ়াই নিছিল। এই সময়ছোৱাই আছিল অসমৰ শক্তি আৰু শৰীৰ ক্ৰীড়াৰ জন্ম আৰু আৰম্ভণি।

অপূৰ্ব চেতিয়া

শক্তি আৰু শৰীৰক্ৰীড়াৰ বাবে প্ৰয়োজনীয় সা-সঁজুলিবোৰ আজি যেনেদৰে সুলভ, সেই সময়ত কিন্তু এই সজুলিবোৰ আনিবলৈ অসমৰ এই ক্ৰীড়াবিধৰ লগত জড়িত ক্ৰীড়াবিদসকলে কলিকতা বা পঞ্জাৱলৈ যাবলগীয়া হৈছিল। লেখাটিৰ আৰম্ভণিতেই উল্লেখ কৰিছিলোঁ, এটা সময়ত এই ক্ৰীড়াবিধ অসমৰ কোনকেইখন ঠাইত চৰ্চা আছিল বা আৱদ্ধ আছিল। কিন্তু আজি ৰাজ্যখনৰ জনসংখ্যাৰ অধিকতকৈও বেছি সংখ্যক জনসাধাৰণ গাঁও অঞ্চলতেই বাস কৰে। সেয়েহে আ‍ঁশীৰ দশকত আমাৰ ৰাজ্যখন কিমান পিছপৰা আছিল সেয়া বহলাই কোৱাৰ প্ৰয়োজন নাই। আজিও যেনেদৰে আমাৰ গাঁৱে-ভূঁইয়ে প্ৰতিভাৰ অভাৱ নাই ঠিক সেইদৰে আজিৰ পৰা ৩০-৪০ বছৰৰ আগতো প্ৰতিভাৰ অভাৱ নাছিল। সেই সময়ৰ অসমৰ ক্ৰীড়াবিদসকলো বোকা পানীৰ মাজৰেই আহিছিল আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দৰে সেই সময়তে শৰীৰ ক্ৰীড়াত হৰকান্ত বৰগোঁহাই ডাঙৰীয়াৰো আবিৰ্ভাৱ হৈছিল।

নিৰজৰা ৱাৰী

শিৰোনামাৰ পৰা ফালৰি কাটি বহুত কিবা-কিবি লিখিব লগীয়া হ’ল। কিন্তু সেয়াই সত্য , ৰাজ্যখনৰ সীমান্তৱৰ্ত্তী একেবাৰে পিছপৰা এটা অঞ্চলৰ চিনাকী দিবলৈ আজিৰ পৰা ৭৫ বছৰ পিছুৱাই যাবলগীয়া হয়। এই অঞ্চলৰ বুলি ক’বলৈ হ’লে আজিও শ্বহীদ কুশল কোঁৱৰৰ ঠাইৰ মানুহ বুলি চিনাকী দিব’লগীয়া হয়। এইয়াই হৈছে আজিৰ ধনশিৰি মহকুমা আৰু ইয়াৰ সদৰ ঠাই সেই ৪২ চনৰ বৃটিছ সৈন্যৰ ৰেল বগৰোৱা বা ‘সৰুপথাৰ’।

আজি অসমৰ ক্ৰীড়াজগতখনত দপদপাই থকা বক্সিং খেলুৱৈ লাভলীনা বৰগোঁহাই, লনবলৰ নয়নমণি শ‌ইকীয়াৰ দৰে ক্ৰীড়াবিদৰ জন্ম দিয়া এই ঠাইটুকুৰাই ইয়াৰ বহু বছৰ আগতেই অসমৰ ক্ৰীড়া মানচিত্ৰতৰ এক চিনাকী নাম হৈ পৰিছিল। স্থানীয় ‘চুকাফা ক্লাব’ৰ জৰিয়তেই অসমৰ ক্ৰীড়া মানচিত্ৰত স্থান লাভ কৰিছিল। ইয়াৰ অৱস্থিতি আছিল সৰুপথাৰ সদৰ ঠাইৰ পৰা পূবে তিনি কিলোমিটাৰ আঁতৰত আহোম সম্প্ৰদায়ৰ লোকৰ বসতি থকা টেঙাহোলা গাঁও। এই অঞ্চলৰ পাহোৱাল ডেকাই অসমৰ শক্তি আৰু শৰীৰ ক্ৰীড়াত দেখুওৱা সফলতাই এসময়ত ঠাইখনৰ চিনাকি অসমৰ ক্ৰীড়া জগতখনক দিছিল। যি আজিও জিলিকি আছে আৰু এই যাত্ৰা আজিও অব্যাহত আছে।

বিজয় সন্দিকৈ

এই অঞ্চলৰ এজন ক্ৰীড়াবিদে শৰীৰচৰ্চাৰ ক্ষেত্ৰখনত অসমৰ নাম ভাৰতৰ শৰীৰ ক্ৰীড়াজগতত আঁশীৰ দশকতেই উজলাবলৈ সক্ষম হৈছিল আৰু তেওঁ আছিল বিজয় সন্দিকৈ। ১৯৮৭ চনত কেৰেলাত হোৱা ৰাষ্ট্ৰীয় দেহশ্ৰী প্ৰতিযোগিতাত ‘ভাৰত কিশোৰ’ আৰু ১৯৮৮ চনত মহাৰাষ্ট্ৰত হোৱা একে নামৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ‘ভাৰত কুমাৰ’ খিতাপ হস্তগত কৰি এই অঞ্চললৈ খ্যাতি কঢ়িয়াই আনিছিল। যি সফলতা অসমৰ শৰীৰ ক্ৰীড়া জগতখনৰ বাবে আজিও এক আলোড়নকাৰী বিষয়। এই খিতাপৰেই আন এক নাম আছিল ‘মিঃ ইণ্ডিয়া’। চুকাফাক্লাবৰ আন এজন উল্লেখনীয় খেলুৱৈ আছিল ৰেব গগৈ। গগৈয়ে ১৯৯১ চনত অষ্ট্ৰেলিয়াত হোৱা বিশ্ব শক্তিউত্তোলন প্ৰতিযোগিতা আৰু ১৯৯২ চনত ছুইজাৰলেণ্ডত হোৱা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল।

ৰেব গগৈ

এসময়ত এই অঞ্চলৰ খেলুৱৈয়ে ৰাজ্যিক প্ৰতিযোগিতাত গোলাঘাট মহকুমাক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু ১৯৮৭ চনত সৰুপথাৰ আৰু বৰপথাৰ মৌজা দুটাক লগলগাই ধনশিৰি মহকুমা গঠন হোৱাৰ পাছত আজিলৈকে এই মহকুমাৰ নামতেই ৰাজ্যিক প্ৰতিযোগিতাত ধনশিৰি ক্ৰীড়া জিলা বুলি প্ৰতিনিধিত্ব কৰি আহিছে।

এই অঞ্চলৰ খেলুৱৈ সকলক সু-সংগঠিত কৰাৰ মানসেৰে ১৯৯৫ চনত গঠন হৈছিল ‘ধনশিৰি জিলা শৰীৰ কলা সন্থা’। সংগঠনটি জন্ম হোৱাৰ পিছতেই খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰা আন এজন উল্লেখনীয় খেলুৱৈ আছিল শান্তনু গগৈ। তেওঁ ১৯৯৫ চনৰ পৰা ২০০০ চনলৈকে অসম আৰু পূব ভাৰতৰ বিভিন্ন শক্তিউত্তোলন প্ৰতিযোগিতাত ‘Strongman of Assam’ খিতাপ মুঠ ছবাৰ, ‘Strongman of Eastern India’s ৰ খিতাপ এবাৰ আৰু ‘Strongman of North East India’s ৰ খিতাপ এবাৰ জয় কৰাৰ লগতে ১৯৯৮ চনৰ পৰা ২০০০ চনলৈকে ভাৰোত্তোলনৰ ৰাজ্যিক প্ৰতিযোগিতাত ‘Best Lifter of Assam’ ৰ সন্মান তিনিবাৰ লাভ কৰি এক ঈৰ্ষণীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।তেওঁ সৃষ্টি কৰা অভিলেখ আজিও অসমৰ শক্তিক্ৰীড়াত অক্ষুন্ন হৈ আছে। শান্তনু গগৈ বৰ্তমান অসমৰ ভাৰোত্তোলন দলৰ নিয়মীয়া মুখ্য প্ৰশিক্ষক ভাৰোত্তোলনৰ NSNIS প্ৰশিক্ষক হৈ আছে। উল্লেখ্য শান্তনু গগৈ ভাৰোত্তোলনৰ এগৰাকী ৰাষ্ট্ৰীয় বিচাৰক।তেওঁ এই অঞ্চলৰ যিকোনো ক্ৰীড়াৰো প্ৰথমজন বিচাৰক।


শান্তনু গগৈৰ পিছতেই নাম ল’ব অলকেশ বৰুৱাৰ। বৰুৱা ‘Strongman of Assam’ আৰু ‘Strongman of North East India’ খিতাপেৰে বিভূষিত। বৰ্তমান ‘ছাই’ৰ ভাৰোত্তোলন ক্ৰীড়াৰ NSNIS প্ৰশিক্ষক। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় জুনিয়ৰ ভাৰোত্তোলন দলৰো এজন প্ৰশিক্ষক। অলকেশ বৰুৱা এই অঞ্চলৰ এক গৌৰৱময় নাম। অনাগত দিনত বৰুৱাৰ পৰা আমাৰ অঞ্চলে আৰু অধিক এইধৰণৰ সফলতা আশা কৰিব।

সহধৰ্মীনি ৰাষ্ট্ৰীয় খেলুৱৈ ৰেখামনি বৰা আৰু পুত্ৰ ৰিয়ানচৰ সৈতে শান্তনু গগৈ |


বৰ্তমান এই অঞ্চলৰ নাম দেশৰ শক্তিক্ৰীড়াজগতত উজলাই তোলা খেলুৱৈজন হৈছে অপূৰ্ব চেতিয়া। পেৰু, দক্ষিণ আফ্ৰিকা, মালয়ছিয়া, থাইলেণ্ড, কোৰিয়া আৰু কিৰ্গিস্তান দেশ ভ্ৰমণ কৰা আৰু ভাৰোত্তোলন ক্ৰীড়াত দেশক মুঠ ৮ বাৰ প্ৰতিনিধিত্ব কৰা এই খেলুৱৈজন বৰ্তমান ভাৰতীয় সেনাবাহিনীত কৰ্মৰত।


চুকাফা ক্লাবৰ পৰা আৰম্ভ কৰি ধনশিৰি জিলা শৰীৰ কলা সন্থালৈকে এই সফলতা ধাৰাবাহিকতা ৰক্ষা কৰাৰ আঁৰত আছে এজন বিশেষ ব্যক্তি। তেওঁ হৈছে ৰাজ্যখনৰ ক্ৰীড়া বিভাগৰ এজন উচ্চপদস্থ ক্ৰীড়া বিষয়া উদয় কমল চেতিয়া। চেতিয়াৰ ক্ৰীড়াসুলভ সুচিন্তাৰ সচলেই হৈছে চুকাফা ক্লাব আৰু আজিৰ জিলা শৰীৰ কলা সন্থা।
ধনশিৰিৰ নিৰ্দিষ্ট কেইজনমান শুভাকাংক্ষীৰ দান-বৰঙণি আৰু সু-পৰামৰ্শত ক্ৰীড়া সংগঠনটি আজিৰ এই অৱস্থাত আহি উপনীত হৈছে। আজিও এই ক্ৰীড়া সংগঠনটোৰ সা-সঁজুলি বোৰ আওপুৰণি। ক্ৰীড়া সংগঠনটিৰ অনুশীলনৰ সা-সৰঞ্জামবোৰ ৪০ বছৰ পুৰণি আৰু মামৰে ধৰা। তথাপিতো সংগঠনটিৰ সফলতা আৰু ৰাজ্যখনৰ শক্তিক্ৰীড়াত যি দপদপনি সেই ধাৰাবাহিকতা আজিও চলি আছে। শেহতীয়াকৈ ধনশিৰিৰ মহিলা ভাৰোত্তোলন দলটিয়ে ৰাজ্যিক ভাৰোত্তোলন প্ৰতিযোগিতাত ক্ৰমাগতভাৱে পঞ্চমবাৰলৈ শ্ৰেষ্ঠদলৰ সন্মান কঢ়িয়াই আনিছে। যিটো মহিলাসৱলীকৰণ ক্ষেত্ৰত সংগঠনটিৰ এক উল্লেখনীয় পদক্ষেপ। এই অঞ্চলৰ শেহতীয়া এক চাঞ্চল্য- শক্তিউত্তোলন আৰু ভাৰোত্তোলন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাত ‘Strongwomen of Dibrugarh University’ আৰু লগতে শেহতীয়া কেবাটাও ৰাজ্যিক শক্তিউত্তোলন প্ৰতিযোগিতাত ‘Strongwomen of Assam’ সন্মানেৰে বিভূষিত নিৰজৰা ৱাৰী।

ভাৰতীয় ভাৰোত্তোলন দলৰ প্ৰশিক্ষকৰ ৰূপত বাঁওফালৰ পৰা দ্বিতীয়জন অলকেশ বৰুৱা


লেখাটিৰ সামৰণিত ক’ব বিচাৰিছোঁ যে অসমৰ শক্তি আৰু শৰীৰ ক্ৰীড়াৰ জগতখনত এই অঞ্চলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈৰ সংখ্যা ইমানেই যে এখন তালিকা প্ৰস্তুত কৰিলে কেইটামান পৃষ্ঠাতে সামৰিব পৰা নাযাব। সেয়েহে হয়তো নিৰ্ধাৰিত আখৰ আৰু শব্দৰ মাজত লেখাটিৰ শেষ কৰিবলৈ যাওঁতে অনাকা‌ংক্ষিতভাৱে থাকি যোৱা সেইসকল প্ৰতিভাশালী খেলুৱৈৰ ওচৰত জনাইছোঁ ক্ষমা প্ৰাৰ্থনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments