Friday, September 30, 2022
HomeNewsইউ এছ অপেনৰ মূল ড্ৰত প্ৰৱেশ ভাৰতৰ সুমিত নাগালৰ

ইউ এছ অপেনৰ মূল ড্ৰত প্ৰৱেশ ভাৰতৰ সুমিত নাগালৰ

অলিম্পিয়া বাৰ্তা

২০২০ ৰ ইউ এছ অপেনৰ মূল ড্ৰত প্ৰৱেশ কৰিছে ভাৰতৰ টেনিছ তাৰকা সুমিত নাগালে। সুমিতে কোৱালিফায়িং মেচত অৱতীৰ্ণ হোৱাৰ অবিহনেই ইউ এছ অপেনৰ ছিংগলছৰ মূল ড্ৰত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিছে। ক’ভিডৰ পিছতে এই সুযোগ লাভ কৰা নাগাল হৈছে একমাত্ৰ ভাৰতীয়।

গ্ৰেণ্ডশ্লামৰ মেগা ইভেণ্টখন নিউয়ৰ্কত অনুষ্ঠিত হ’ব ৩১ আগষ্টৰ পৰা ১৩ ছেপ্টেম্বৰলৈ।

উল্লেখযোগ্য যে যোৱাবছৰ ভাৰতৰ সুমিত নাগালে টেনিছ বিশ্বত খলকনি তুলিবলৈ সক্ষম হৈছিল। ইউ এছ অপেনৰ মূল ৰাউণ্ডৰ খেলত নাগালে টেনিছ কিম্বদন্তী ৰ’জাৰ ফেডাৰেৰ বিপক্ষে প্ৰথম ছেটৰ বিজয় সাবস্ত্য কৰি ক্ৰীড়াপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

২০২০ৰ ইউ এছ অপেনত এইবাৰ দেখা পোৱা নাযাব ৰাফেল নাডাল আৰু ৰ’জাৰ ফেডাৰেৰক। সেয়ে ন’ভাক জ’কভিছৰ এইবাৰ ১৬ তম গ্ৰেণ্ডশ্লেমৰ খিতাপ অর্জনৰ পথ মসৃণ হোৱা বুলি ক’ব পাৰি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments