Wednesday, October 5, 2022
HomeNewsসুনীল চেত্ৰীয়ে লাভ কৰিলে বিশেষ সন্মান

সুনীল চেত্ৰীয়ে লাভ কৰিলে বিশেষ সন্মান

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে লাভ কৰিছে এক বিশেষ সন্মান। এছিয়ান ফুটবল কাউন্সিলে জনাইছে যে সুনীলে এছিয়া কাপ ২০১৯ ৰ আটাইতকৈ ফেভাৰিট খেলুৱৈৰ স্বীকৃতি লাভ কৰিছে। অনলাইন ভোটিঙৰ জড়িয়তে সুনীলৰ অনুৰাগীসকলে সুনীলক এই সন্মান প্ৰদান কৰিছে।

এছিয়া কাপ ২০১৯ ৰ আটাইতকৈ ফেভাৰিট প্লেয়াৰৰ সন্মান লাভ কৰা ভাৰতীয় অধিনায়ক সুনীলে উজবেকিস্তানৰ ফুটবলাৰ Eldor Shomurodov ক পিছ পেলাবলৈ সক্ষম হৈছে। সুনীলে অনলাইন ভোটিং পদ্ধতিৰ ৫১ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে Eldor Shomurodov য়ে ৪৯ শতাংশ ভোট লাভ কৰে।

এছিয়ান ফুটবল কাউন্সিলে এই প্ৰসংগত টুইটাৰত সবিশেষ লিখিছে এইদৰে, “১৯ দিন, ৫৬১৮৫৬ভোট আৰু এছিয়া কাপৰ সকলোতকৈ প্ৰিয় খেলুৱৈৰ সিদ্ধান্ত। সুনীল চেত্ৰীলৈ শুভেচ্ছা।”

উল্লেখ্য যে সুনীলে এতিয়ালৈকে ভাৰতৰ হৈ ১১৫ আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি ৭২টা গ’ল কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলোতকৈ অধিক গ’ল কৰা ভাৰতীয় ফুটবালাৰৰূপে বিবেচিত হৈছে। আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আটাইতকৈ বেছি গ’লকৰা ফুটবলাৰৰ তালিকাত চেত্ৰী দ্বিতীয় স্থানত আছে। এই স্থানত উপনীত হবলৈ চেত্ৰীয়ে তাৰকা ফুটবালাৰ লিয়নেল মেচিৰ দৰে মহান ফুটবলাৰক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। প্ৰথম স্থানত আছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো।

https://www.instagram.com/p/CDVaZGJlcaB/?igshid=zvm63kxuft3q

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments