Monday, October 3, 2022
HomeNewsভাৰতত অনুষ্ঠিত হ‌ওক টি-২০ বিশ্বকাপ: সুনীল গাভাস্কাৰ

ভাৰতত অনুষ্ঠিত হ‌ওক টি-২০ বিশ্বকাপ: সুনীল গাভাস্কাৰ

olympiasports.in

কৰ’না ভাইৰাছৰ বাবে স্তব্ধ হৈ আছে ক্ৰীড়া বিশ্ব। অলিম্পিকৰ লগতে স্থগিত ৰাখিব লগীয়া হৈছে বিভিন্ন সৰু বৰ ক্ৰীড়া প্ৰতিযোগিতা। ভাৰততো আই পি এলৰ ত্ৰয়োদশ সংস্কৰণ অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিবলৈ বাধ্য হৈছে। কিন্তু এনে সময়তে ভাৰতত টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে ভাৰতৰ প্ৰবাদ প্ৰতিম ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে।

ক’ভিড-১৯ বা কৰ’না ভাইৰাছৰ বাবে চলিত বছৰৰ অক্টোবৰ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাখনলৈ অনিশ্চয়তা নামি আহিছে। সমগ্ৰ বিশ্বৰ লগতে অষ্ট্ৰেলিয়াতো কৰ’না ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। আনহাতে অক্টোবৰ মাহলৈকে বিশ্বত কৰ’না ভাইৰাছৰ আতংক কিমানদূৰ কমিহ সেয়াও এতিয়াই অনুমান কৰাটো সম্ভৱ নহয়। ইয়াৰ উপৰিও অষ্ট্ৰেলিয়াত ছেপ্টেম্বৰ মাহৰ ৩০ তাৰিখলৈকে বিদেশী লোকৰ প্ৰবেশত বাধা আৰোপ কৰা হৈছে। ফলত প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

এনে এক অনিশ্চয়তাৰ মাজতে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে আই চি চি আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট ব’ৰ্ডলৈ আগবঢ়াইছে এক প্ৰস্তাৱ। গাভাস্কাৰৰ প্ৰস্তাৱ অনুসৰি টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত অনুষ্ঠিত কৰক। গাভাস্কাৰৰ মতে অষ্ট্ৰেলিয়াত অক্টোবৰ মাহত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাতো সম্ভৱ হৈ নুঠিব। আনহাতে ২০২১ চনৰ টি-২০ বিশ্বকাপখন ভাৰতত অনুষ্ঠিত হ’ব। ভাৰতত যদি কৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পায়, তেনে ভাৰত আৰু অষ্ট্ৰেলিয়াই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত সালসলনি কৰিব পাৰিব বুলিও পৰামৰ্শ আগবঢ়াইছে গাভাস্কাৰে। তেওঁৰ মতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ প্ৰতিযোগিতাখন উক্ত সময়ছোৱাত ভাৰতত অনুষ্ঠিত হ‌ওক। উল্লেখ্য যে ২০১৮ চনৰ পৰা আই চি চিয়ে চেম্পিয়ছ ট্ৰফীক টি-২০ বিশ্বকাপ হিচাপে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments