অলিম্পিয়া প্রতিবেদন
আই পি এলৰ মাজভাগতেই মোক্ষম আঘাতৰ সন্মুখীন হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ। দলটোৰ পৰা বাহিৰ হ’বলগীয়া হৈছে ভাৰতৰ তাৰকা বেগী বলাৰ টি নটৰাজন। আঘাতৰ সমস্যাৰ বাবে তেওঁ বাকী থকা আই পি এলৰ মেচসমূহত ভাগ ল’ব নোৱাৰিব।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও আঘাতৰ সমস্যাৰ বাবে নটৰাজনে ইংলেণ্ডৰ বিপক্ষে ৫ খনীয়া টি টুৱেন্টি শৃংখলাটো ভাগ ল’ব পৰা নাছিল। চলিত আই পি এলত নটৰাজনে প্ৰথম দুখন মেচত অংশ লৈ দুটা উইকেট দখল কৰিবলৈ সক্ষম হয় যদিও পৰৱৰ্তী দুখন মেচত অংশ লোৱাৰ পৰা বিৰত থাকে বেগী বলাৰজন।
মূলতঃ আঁঠুৰ আঘাতৰ বাবে পৰৱৰ্তী মেচসমূহত তেওঁক দেখা পোৱা নাযাব বুলি উল্লেখ কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলীয় সূত্ৰই। সেয়ে হ’লে দলটোৰ বাবে এয়া এক বৃহৎ আঘাত হ’ব। এই পৰ্যন্ত দলটোৱে চাৰিখন মেচৰ কেৱল এখনতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে ডেভিড ৱাৰ্নাৰ নেতৃত্বাধীন দলটোৱে।