Wednesday, October 5, 2022
HomeNewsক্ৰিকেটৰ পৃথিৱীৰ অনুৰাগী:সুধিৰ কুমাৰ গৌতম আৰু অন্যান্যসকল

ক্ৰিকেটৰ পৃথিৱীৰ অনুৰাগী:সুধিৰ কুমাৰ গৌতম আৰু অন্যান্যসকল

অলিম্পিয়া বিশেষ লেখা

✍️ জিন্তু বৰঠাকুৰ

খেল পথাৰত খেলুৱৈৰ গুৰুত্ব যিমান অনুৰাগীৰ গুৰুত্বও হয়তো তাতোকৈ কম নহয়। খেলুৱৈৰ সুনিপুণ ক্ৰীড়া দক্ষতা আৰু অনুৰাগীৰ পাৰভঙা উছাহে খেল এখন কৰি তোলে সম্পূৰ্ণ উপভোগ্য। খেলপথাৰত কৰা ধাৰাবাহিক প্ৰদৰ্শনেৰে কোনো খেলুৱৈ যিদৰে বিখ্যাত হৈ উঠে সেইদৰে কোনো খেলুৱৈ বা দললৈ সমৰ্থন আগবঢ়াই ব্যতিক্ৰমী বেশ-ভূষাৰে নিৰন্তৰ খেলপথাৰত উপস্থিত থাকি জগতজোৰা খ্যাতি অৰ্জন কৰা অনুৰাগীও আমাৰ মাজত আছে। প্ৰিয় দল বা অনুৰাগীৰ পক্ষত জীৱন সমৰ্পণ কৰি এওঁলোক হৈ পৰে এই পৃথিৱীত বিৰল ব্যতিক্ৰম। আন আন ক্ষেত্ৰৰ লগতে ক্ৰিকেটতো দেখা পোৱা যায় এনে বহু অনুৰাগী। এই লেখাত আমি আলোচনা কৰিব খুজিছো ক্ৰিকেট পথাৰৰ কেইজনমান বিশেষ ক্ৰীড়ানুৰাগীৰ বিষয়ে, নিজস্ব কাৰ্যৰে যিসকলে অৰ্জন কৰিছে অম্লান খ্যাতি। ভাৰতৰ বিশেষ ক্ৰীড়ানুৰাগী বুলিলে সকলোৰে মনলৈ অৱধাৰিতভাৱে এজন ব্যক্তিৰে নাম আহে, তেওঁ হৈছে সুধীৰ কুমাৰ গৌতম।

সুধীৰ কুমাৰ গৌতম

ত্ৰিৰংগৰ ৰঙেৰে সমগ্ৰ শৰীৰ বোলাই এখন বৃহৎ পতাকা জোকাৰি জোকাৰি প্ৰতিখন খেলতে ভাৰতীয় দলক উৎসাহিত কৰা, গেলাৰীৰ পৰা গেলাৰীলৈ উৎসাহৰ ধল বিয়পাই দিয়া সুধীৰ কুমাৰ গৌতম এতিয়া সহজ পৰিচয় সকলোৰে বাবে। দেশ অথবা বিদেশ সকলোতে ভাৰতীয় দলৰ খেলৰ সময়ত সহজ উপস্থিতি এই ক্ৰিকেটপাগল সুধীৰৰ। ভৰিৰ আঙুলিৰ পৰা মস্তক পৰ্যন্ত ভাৰতীয় ত্ৰিৰংগ পতাকাৰ ৰঙেৰে অংকিত সুধীৰৰ হাতত থাকে এটা শংখও। হিন্দু সংস্কৃতিৰ অন্যতম অংশ শংখ বজাই তেওঁ ক্ৰিকেটৰ পথাৰত উৎসাহিত কৰে যুঁজাৰু ভাৰতীয় সৈনিকসকলক। ১৯৮১ চনত বিহাৰৰ মজফ্‌ফৰপুৰত জন্ম হোৱা এই অনুৰাগীজনে ২০০৩ চনৰ পৰাই ভাৰতীয় দলৰ সমৰ্থনত উপস্থিত আছে খেলপথাৰত। ধন ৰাহি কৰিবৰ বাবে বহুসময়ত তেওঁক খেলপথাৰলৈ যোৱা দেখা যায় চাইকেল মাৰিও। ২০০৭ চনত বাংলাদেশলৈ, ২০০৬ চনত পাকিস্তানৰ লাহোৰলৈ তেওঁ চাইকেল মাৰি গৈছিল। শচীন তেণ্ডুলকাৰৰ এজন একনিষ্ঠ অনুৰাগী সুধীৰ কুমাৰ গৌতমৰ বুকুত প্ৰায়েই তুলিকাৰে আঁকি থোৱা থাকে ক্ৰিকেটৰ ভগৱানজনৰ নামটো। ২০০৩ চনৰ ২৮ অক্টোবৰত ভাৰতে মুম্বাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অংশ লোৱা খেলৰ সময়ত প্ৰথমবাৰৰ বাবে তেওঁ শচীনৰ খেল চোৱাৰ বাবে ত্ৰিৰংগ পতাকা লৈ উপস্থিত আছিল খেলপথাৰত। এই খেলখন চাবলৈ বিহাৰৰ মজফ্‌ফৰপুৰৰ পৰা চাইকেল মাৰি তেওঁ উপস্থিত হৈছিলগৈ মুম্বাইত। যাত্ৰাত প্ৰয়োজন হৈছিল ২১ দিনৰ। এয়াই আৰম্ভণি তেওঁৰ অনুৰাগী জীৱনৰ। এক অন্তহীন যাত্ৰাৰ। সদায়ে অৱশ্যে আনৰ মৰম আৰু শুভেচ্ছাই লাভ কৰা নাই সুধীৰে। বহু সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰো সন্মুখীন হৈছে তেওঁ। ২০১৫ চনত মীৰপুৰত ভাৰত-বাংলাদেশৰ শৃংখলাৰ সময়ত বাংলাদেশৰ অনুৰাগীৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল সুধীৰ। বাংলাদেশ আৰক্ষীৰ হস্তক্ষেপতহে কোনোমতে তেওঁ উদ্ধাৰ পাইছিল। ২০১১ চনত ভাৰতে শ্ৰীলংকাক হৰুৱাই বিশ্বকাপ জয় কৰোঁতে শচীন তেণ্ডুলকাৰৰ সহযোগত ভাৰতীয় দলৰ ড্ৰেছিং ৰুমত বিশ্বকাপ জয়ৰ আনন্দ উপভোগৰ সুযোগ পাইছিল টীম ইণ্ডিয়াৰ এই একনিষ্ঠ অনুৰাগীজনে। তেণ্ডুলকাৰে সুধীৰৰ সৈতে কৰমৰ্দন কৰিছিল, সাবটি ধৰিছিল আৰু জাহিৰ খানৰ পৰা তেওঁ বিশ্বকাপ তুলি ধৰাৰ সুযোগ দিছিল। এই অনুৰাগীজনলৈ বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে তেণ্ডুলকাৰে। বি চি চি আই-এ তেওঁক স্পনছৰ কৰি আহিছে প্ৰতিখন মেচত। আই চি চি বিশ্বকাপ-২০১৯ তো ইংলেণ্ডৰ বিভিন্ন খেলপথাৰত ভাৰতীয় দলৰ সমৰ্থনত গেলাৰীৰ পৰা গেলাৰীলৈ তেওঁ বোৱাইছে আনন্দৰ ধল। আঠ বছৰ বয়সৰ পৰা তেণ্ডুলকাৰৰ অনুৰাগী হৈ পৰা সুধীৰে ১৪ বছৰ বয়সতে পঢ়া-শুনা ত্যাগ কৰিছিল। মাজতে তেওঁ কাম কৰিছিল গাখীৰ কোম্পানী এটাতো। ভাৰতীয় ক্ৰিকেট দলক সমৰ্থন কৰাৰ স্বাৰ্থতেই তেওঁ আঁতৰি থাকে বিবাহ-পাশত আবদ্ধ হোৱাৰ পৰাও। শচীন তেণ্ডুলকাৰৰ অৱসৰৰ পিছত খেলপথাৰত উপস্থিত থকাৰ সময়ত সুধীৰ কুমাৰ গৌতমে শৰীৰত অংকিত কৰি লৈছিল ‘মিছ ইউ তেণ্ডুলকাৰ’ বাক্যশাৰী। ক্ৰিকেটক তেওঁ জীৱনসংগী কৰি তোলা সুধীৰে ভাৰতৰ খেলৰ আগদিনা পাৰ কৰে উজাগৰী নিশা, খেলৰ দিনা পুৱাৰ পৰাই গ্ৰহণ নকৰে কোনো খাদ্য।

সুগুমাৰ ডি

ক্ৰিকেটৰ ক্ষেত্ৰত আন এজন চৰ্চিত অনুৰাগী হৈছে সুগুমাৰ ডি। তেওঁ পৰিচিত বিৰাট কোহলিৰ অনুৰাগী হিচাপে। দীৰ্ঘ সময়জুৰি আই পি এলৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মেচত কোহলি আৰু তেওঁৰ দললৈ সমৰ্থন আগবঢ়াই আহিছে সুগুমাৰ ডিয়ে।

আব্দুল জলিল

পাকিস্তান ক্ৰিকেট দলৰ ৭০ বছৰীয়া অনুৰাগী আব্দুল জলিল সৰ্বত্ৰ পৰিচিত ‘চাচা ক্ৰিকেট’ হিচাপে। ১৯৯৮ চনৰ পৰাই পাকিস্তান ক্ৰিকেট দলৰ সমৰ্থনত দেশে-বিদেশে ঘূৰি ফুৰা চাচা ক্ৰিকেটলৈ মাহিলি ২৬ হাজাৰ টকাকৈ আগবঢ়াই আহিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। ১৯৬৭ চনত প্ৰথমখন ক্ৰিকেট মেচত উপস্থিত থকা জলিল তিনিশৰো অধিক আন্তঃৰাষ্ট্ৰীয় মেচত পাকিস্তান দলৰ সমৰ্থনত উপস্থিত আছে।

ছোৱেব আলী বুখাৰী

জাতীয় ক্ৰিকেট দললৈ অবিৰত সমৰ্থনেৰে ক্ৰিকেটৰ ব্যতিক্ৰমী অনুৰাগীসকলৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে বাংলাদেশৰ ছোৱেব আলী বুখাৰী। বাংলাদেশ ক্ৰিকেট দলৰ খেল চাবলৈ বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰা বুখাৰীয়ে সমগ্ৰ দেহ অংকিত কৰি লয় বাঘৰ দৰে। ১৯৯২ চন পৰ্যন্ত সাধাৰণ অনুৰাগীৰ দৰেই তেওঁ খেলপথাৰলৈ আহিছিল। কিন্তু ইয়াৰ পিছতেই নিজকে সলনি কৰি ভিন্ন ধৰণে তেওঁ উপস্থিত থাকিবলৈ লয় বাংলাদেশৰ খেলৰ সময়ত। জাতীয় দলক সমৰ্থন কৰি ঘূৰি ফুৰোঁতে বহু সময়ত আৰ্থিক অভাৱৰ সন্মুখীন হৈছে বুখাৰী। কিন্তু, বিভিন্নজনৰ সঁহাৰিয়ে তেওঁ এই আৰ্থিক দুৰৱস্থা অতিক্ৰম কৰিছিল।

আন এজন ক্ৰিকেট অনুৰাগী হৈছে শ্ৰীলংকাৰ গায়ান সেনানায়ক। তেওঁ আমন্ত্ৰিত হৈছিল বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানলৈ।


ক্ৰিকেটপাগল এই অনুৰাগীসকলে দেশে-দেশে বোৱাই আহিছে ক্ৰিকেটৰ গৰম বতাহ। নিজ দল আৰু খেলুৱৈৰ সমৰ্থনত বাৰম্বাৰ মুখৰ কৰি তুলিছে খেলপথাৰ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments