Monday, October 3, 2022
HomeNewsবহু যুঁজত সতীৰ্থ আছিল দুয়ো, সেয়ে প্রিয় সতীৰ্থৰ বাটেৰে বাট বুলিলে তেওঁ....!!

বহু যুঁজত সতীৰ্থ আছিল দুয়ো, সেয়ে প্রিয় সতীৰ্থৰ বাটেৰে বাট বুলিলে তেওঁ….!!

অলিম্পিয়া বিশেষ লেখা

✍️যুগললোচন দাস

১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা সন্ধিয়া ভাৰতীয় ক্ৰিকেটত জটিল এক নজিৰ বিহীন ঘটনা। অৱশ্যে ঘটনাটো আনন্দদায়ক আৰু অভিলেখস্থাপনৰো নহয়। দেশৰ অগনিত ক্ৰিকেট অনুৰাগীৰ মনত কষ্ট পোৱা এই ঘটনাটো হ’ল টীম ইণ্ডিয়াৰ দুজনকৈ ক্ৰিকেটতাৰকাৰ একেলগে অৱসৰ ঘোষণা। ভাৰতৰ অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনিয়ে ৭ বজাৰ পিছত ইনষ্টাগ্ৰামযোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অবসৰ ঘোষণা কৰাৰ কিছুসময়ৰ পিছতেই তেওঁৰেই সতীৰ্থ সুৰেশ ৰাইনায়ো ঘোষণা কৰিলে অবসৰৰ কথা। নীলা জাৰ্ছী পৰিহিত টীম ইণ্ডিয়াৰ বহু সংকটৰ সময়ত একেলগে বেটিং কৰি যুঁজ দিয়া এই দুয়োজন তাৰকা ক্ৰিকেটাৰৰ একেলগে হোৱা বিদায়ত হতচকিত হ’বই অনুৰাগীসকল।

সুৰেশ ৰাইনা এদিনীয়া দলটোৰ এজন নিৰ্ভৰযোগ্য বাওঁহতীয়া মিডল অৰ্ডাৰ বেটছমেন। তদুপৰি তেওঁ কৰিছিল অফ স্পিন বলিঙো । ১৯৮৬ চনৰ ২৭ নবেম্বৰত জন্ম গ্ৰহন কৰা সুৰেশৰ ঘৰ উত্তৰ প্ৰদেশৰ চুৰাট নগৰত। তেওঁৰ নিকনেইম হ’ল ছানা আৰু চিন্না থালা। উত্তৰ প্ৰদেশৰ হৈ ঘৰুৱা ক্ৰিকেটত কৰা অনবদ্য প্ৰদৰ্শনৰ সুবাদত সুৰেশ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ চকুত পৰিছিল। ২০০৫ চনৰ জুলাই মাহৰ ১৯ বছৰ বয়সত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া দলত খেলাৰ প্ৰথম সুযোগ পাইছিল। তাৰ ৫ বছৰৰ পিছতহে অৰ্থাৎ ২০১০ চনৰ জুলাইত টেষ্টত আত্মপ্ৰকাশ কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে এই অভিষেক টেষ্টতে শতৰান অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰাইনাই। ধোনিৰ নেতৃত্বত ২০১১ চনত বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰো অন্যতম সদস্য আছিল ৰাইনা। টেষ্ট ক্ৰিকেটত বৰ বেছি খেলাৰ সুযোগ নাপালেও সীমিত অভাৰ ক্ৰিকেটত ৰাইনা এজন আক্ৰমনাত্মক ক্ৰিকেটাৰ হিচাবে খ্যাতি লাভ কৰে।

১৮ খন টেষ্ট খেলি ২৬.৪৮ গড়ে ৭৬৫ ৰান সংগ্ৰহ কৰা ৰাইনাৰ শতকৰ সংখ্যা এটা আৰু অৰ্ধশতক ৭ টা। অভিষেক টেষ্টত তেওঁ কৰিছিল একমাত্ৰ টেষ্ট শতক ১২০ ৰান। আনহাতে ২২৬ খন এদিনীয়া খেলি ৫,৬১৫ ৰান সংগ্ৰহ কৰে। ৰানৰ গড় হ’ল ৩৫.৩১। শতৰান ৫ টা আৰু হাফ চেঞ্চুৰী ৩৬ টা। ১১৬ ৰানেই হ’ল সৰ্বোচ্চ। টি-২০ মেচ খেলিছে ৭৮ খন। ২৯.১৬ গড়ে ৰান সংগ্ৰহ ১,৬০৪ । ৫ টা অৰ্ধশতক আৰু এটা শতক অৰ্জনো কৰিছে। সৰ্বোচ্চ ১০১ ৰান। এইদৰে ক্ৰিকেটৰ টেষ্ট এদিনীয়া আৰু টি-২০ তিনিওটা সংস্কৰণত শতৰান কৰি অনন্য অভিলেখৰ অধিকাৰী হয়। এনে কৃতিত্ব অৰ্জন কৰা ৰাইনা ভাৰতৰ প্ৰথমজন ক্ৰিকেটাৰ।

ধোনিক বহুত ভাল পায় সুৰেশে। ১৫ আগষ্টত অৱসৰ লোৱাৰ সিদ্ধান্তটো দুয়োৰে পূৰ্বপৰিকল্পিত। দেশৰ হৈ আৰু কোনো দিন নীলা জাৰ্ছী পৰিধান কৰি খেলিব নোৱাৰাৰ বিষাদ বেদনাত দুয়ো জৰ্জৰিত হৈছিল। এই মনোকষ্ট সহিব নোৱাৰি দুয়োজনেই ইজনে সিজনক সাবটি ধৰি কান্দিছিল। ধোনিৰ অবসৰৰ সিদ্ধান্তৰ কথা বহু আগৰ পৰাই জানিছিল ৰাইনাই। সেইবাবেই তেওঁ নিজকেও প্ৰস্তুত কৰি ল’লে ধোনিৰ পদাংক অনুসৰণ কৰিবলৈ। ৰাইনাই সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে, “মই আগতেই জানিছিলো চেন্নাইত উপস্থিত হৈয়েই অবসৰৰ কথা ঘোষণা কৰিব ধোনিয়ে। ময়ো মানসিক ভাবে সাজু হ’লো নিজৰ সিদ্ধান্তৰ বাবে। চাৰ্টাৰ্ড বিমান যোগে ১৪ আগষ্টত চেন্নাই চুপাৰ কিংছৰ সতীৰ্থ পীয়ুস চাওলা, দীপক চাহৰ আৰু কৰন শৰ্মাৰ সৈতে মই ৰাচীত উপস্থিত তাৰ পৰা মাহি ভাই (ধোনি) আৰু মন সিঙক বিমানত উঠাই লৈ যাত্ৰা কৰিছিলোঁ চেন্নাই অভিমুখে। সন্ধিয়া অবসৰ ঘোষণা কৰাৰ পিছত আমি দুয়ো দুয়োকে সাবটি ধৰি প্ৰচণ্ড আবেগ আৰু বেদনাত বহু সময় ধৰি কান্দিছিলো। কিছুসময়ৰ পিছত পীয়ুস, অম্বতি ৰায়ুডু, কেদাৰ যাদবৰ সৈতে আমি আমাৰ ভৱিষ্যত জীৱন সম্পৰ্কত আলোচনা কৰো। তেনে দুখৰ পৰিস্থিতিৰ মাজত নিশা অলপ স্ফুৰ্টিও কৰিলোঁ।”

ছমাহৰ অগা পিছাকৈ ধোনি আৰু ৰাইনাৰ ভাৰতীয় দলত ঘটিছিল অভিষেক। দীৰ্ঘদিন একেলগে খেলি এতিয়া একেলগে বিদায়ো ল’লে। ধোনিৰ জাৰ্ছী নম্বৰ ৭ আৰু ৰাইনাৰ ৩ । দুয়োটা মিনাই দিলে হয় ৭৩ । সেয়ে ভাৰতৰ স্বাধীনতাই ৭৩ বছৰ অতিক্ৰম কৰাৰ দিনা ১৫ আগষ্টত একেলগে অৱসৰ লোৱাৰ দিদ্ধান্ত লৈ থৈছিল আগতীয়াকৈ। ক্ৰিকেট পথাৰ আৰু বাহিৰত দুয়ো বহুত ভাল বন্ধু। ধোনি আৰু ৰাইনাৰ আই পি এল দল একেটাই,চেন্নাই চুপাৰ কিংছ। দুয়ো এই দলটোক আই পি এলত বিজয়ীও কৰিছে। দলটোৰ অধিনায়ক ধোনি আৰু সহ অধিনায়ক ৰাইনা। এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অবসৰ ল’লেও আই পি এলত খেলি যাব দুয়োজন সতীৰ্থই। ক্ৰিকেটৰ সৈতে সম্পৰ্ক ত্যাগ নকৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments