Wednesday, August 10, 2022
HomeNewsঅৱশেষত আই পি এলত অন্তৰ্ভুক্ত সুৰেশ ৰইনা !!

অৱশেষত আই পি এলত অন্তৰ্ভুক্ত সুৰেশ ৰইনা !!

অলিম্পিয়া প্ৰতিবেদন

হাতত মাত্ৰ কেইটামান দিন । ক্ৰিকেটপ্ৰেমীৰ মনত আশংকা । কোনে পিন্ধিব বিজয়ী মুকুট ! সমুখ সমৰৰ বাবে সাজু হৈছে প্ৰতিটো দল । সাজু হৈ উঠিছে প্ৰতিটো ষ্টেডিয়াম । সোঁৱৰণিৰ কাঠ ঘৰত ৰাইনা । আই পি এলৰ মজিয়াত তেওঁ অপৰিহাৰ্য নে ? ২০৫খন মেচত ৫৫২৮ ৰাণ সংগ্ৰহেৰে তালিকাৰ চতুৰ্থ স্থান দখল কৰা ৰাইনা এইবাৰ এলাগী । এই বিষয়ে চলিছিল সৰ্বত্ৰে চৰ্চা । চেন্নাই ছুপাৰ কিংছে অৱহেলা কৰাৰ পাছতে ক্ৰিকেটপ্ৰেমীৰ আশা আছিল নৱ গঠিত দল গুজৰাট টাইটানছে ক্ৰয় কৰিব ৰাইনাক । কিন্তু তেনে নহ’ল । আশাহত লক্ষাধিক সমৰ্থক । ক্ৰিকেটপ্ৰেমীৰ এনে এক দোমোজাৰ মাজতে আহিছে এটা ভাল খবৰ । অৱশেষত আই পি এলত অন্তৰ্ভুক্ত হ’ল ৰাইনা । সৰ্বভাৰতীয় এক সংবাদমাধ্যমৰ জৰিয়তে জানিব পৰা গৈছে এই বাতৰি । সকলো ঠিকে থাকিলে আই পি এলত দেখা পাব পাৰে ৰাইনা আৰু ৰবি শাস্ত্ৰীক । কিন্তু ৰাইনাৰ হাতত এইবাৰ নাথাকিব বেট । তাৰ বিপৰীতে থাকিব মাইক্ৰফোন । আই পি এলত ৰাইনাক দেখা যাব ধাৰাভাষ্যকাৰৰ ৰূপত । তেওঁৰ লগত থাকিব ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰী । আই পি এলত এজন দুৰ্দান্ত বেটাৰৰ লগতে বলাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰা ৰাইনাক এনে ৰূপত দেখিবলৈ পোৱাটোও ৰাইনাপ্ৰেমী সকলৰ ববে এক গৌৰৱৰ ক্ষণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments