Thursday, July 7, 2022
HomeNewsমে হু না!! নিৰ্বাচকমণ্ডলীলৈ উচিত প্ৰত্যুত্তৰ সূৰ্যকুমাৰৰ

মে হু না!! নিৰ্বাচকমণ্ডলীলৈ উচিত প্ৰত্যুত্তৰ সূৰ্যকুমাৰৰ

অলিম্পিয়া প্ৰতিবেদন

অকলেই জয়ৰ কাষ চপাই লৈ গ’ল তেওঁ মুম্বাই ইণ্ডিয়ানছক। তাৰ পিছত সতীৰ্থলৈ লক্ষ্য কৰি ক’লে, মই আছোঁ নহয়!’। মেচখনত ৪৩ টা বলত বিস্ফোৰক ৭৯ ৰান আহিল মুম্বাইৰ তাৰকা বেটছমেনজনৰ বেটৰ পৰা।

সূৰ্যকুমাৰ যাদৱ। ভাৰতীয় ক্ৰিকেটৰ সম্ভাৱনাময় তাৰকা। আই পি এলত ধাৰাৱাহিকভাৱে উজলি উঠিছে সূৰ্যকুমাৰ। ২০১৮ বৰ্ষত ৫১২, ২০১৯ বৰ্ষত ৪২৪ আৰু চলিত বৰ্ষত এই পৰ্যন্ত ৩৬২ ৰান। ধাৰাবাহিকতাৰ সুন্দৰ নিদৰ্শন। কেৱল আই পি এলেই নহয়, ঘৰুৱা ক্ৰিকেটতো ধাৰাবাহিক উন্নত প্ৰদৰ্শন তেওঁৰ। কিন্তু ইমানৰ পিছতো ভাৰতীয় জাতীয় দললৈ আমন্ত্ৰণ পোৱাৰ পৰা বঞ্চিত হৈ আহিছে মুম্বাইৰ এইগৰাকী বেটছমেনে। তাকে লৈ এতিয়া ইণ্টাৰনেটত চলিছে সৰৱ চর্চা। বহুতে নিৰ্বাচকমণ্ডলীলৈ পক্ষপাতিত্বৰ আঙুলি টোঁৱাইছে।

বুধবাৰে অনুষ্ঠিত আই পি এলৰ ৪৮তম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক পৰাজিত কৰাৰ আঁৰৰ নায়ক আছিল সূৰ্যকুমাৰ। মেচখনত জয়লাভ কৰাৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে সতীৰ্থসকললৈ বুলি লক্ষ্য কৰি ক’লে ‘মই আছোঁ নহয়!’ ভাৰতীয় দল নিৰ্বাচনৰ দুদিন পিছতেই যেন সূৰ্যকুমাৰৰ যোগ্য প্ৰত্যুত্তৰ নিৰ্বাচক মণ্ডলীলৈ। তাৰেই যেন ছবি ফুটি উঠিল ক্ৰিকেটাৰজনৰ আচৰণত। যেন প্ৰকাশ কৰিলে নিৰ্বাচকৰ প্ৰতি থকা উষ্মা! ৰবি শাস্ত্ৰীয়েও টুইট কৰি ক’লে, অপেক্ষা কৰা সূৰ্যকুমাৰ। তোমাৰো দিন আহিব!!

উল্লেখযোগ্য যে শেহতীয়াকৈ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যাবলগীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে। দল ঘোষণা কৰাৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈছে বি চি চি আই। ৰোহিত শৰ্মাক আঘাতৰ সমস্যাৰ দোহাই দি দলত অন্তৰ্ভুক্ত নকৰাক লৈ সৰৱ হৈ পৰিছে দেশৰ ক্ৰিকেট অনুৰাগী। বহুতে চক্ৰান্তৰ গোন্ধ পাইছে দল নিৰ্বাচনত। তাৰ পিছতেই সূৰ্যকুমাৰ যাদৱে স্থান লাভ নকৰাক লৈও কটু সমালোচনাৰ সন্মুখীন হৈছে নিৰ্বাচক মণ্ডলী।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments