Thursday, July 7, 2022
HomeNewsহত্যাৰ অভিযোগত নাম সাঙোৰ খালে অলিম্পিক পদকজয়ী সুশীল কুমাৰৰ নাম

হত্যাৰ অভিযোগত নাম সাঙোৰ খালে অলিম্পিক পদকজয়ী সুশীল কুমাৰৰ নাম

অলিম্পিয়া প্ৰতিবেদন

এইবাৰ এটা হত্যাকাণ্ডত নাম সাঙোৰ খালে দুবাৰৰ অলিম্পিয়ান মল্লযুঁজাৰু সুশীল কুমাৰৰ। মঙ্গলবাৰে নতুন দিল্লীৰ সত্ৰশাল ষ্টেডিয়ামৰ বাহিৰত সংঘটিত মাৰপিটৰ ঘটনাত প্ৰাণ হেৰুৱায় জুনিয়ৰ ৰাষ্ট্ৰীয় মল্লযুঁজ চেম্পিয়ন সাগৰে। উক্ত হত্যাকাণ্ডৰ সৈতে সাঙোৰ খাই পৰিছে তাৰকা মল্লযুঁজাৰুগৰাকীৰ নাম।

ঘটনাৰ বিৱৰণী অনুসৰি সত্ৰ শাল ষ্টেডিয়ামৰ বাহিৰত মংগল বাৰে নিশা ১.১৫-১.৩০ বজাৰ ভিতৰত এটা মাৰপিটৰ ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু পাঁচ খনকৈ গাড়ী উদ্ধাৰ কৰে। ঘটনাস্থলীত সাগৰকে ধৰি চাৰিগৰাকী সতীৰ্থক আহত অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয়ত মৃত্যুক সাৱটি লয় জুনিয়ৰ চেম্পিয়ন সাগৰে।

বন্ধুৰ মাজত হোৱা এই কাজিয়াৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সম্পৰ্কত অভিযোগৰ আঙুলি গৈছে অলিম্পিক পদকজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ ওপৰত। ঘটনাৰ সৈতে দেশৰ তাৰকা মল্লযুঁজাৰু গৰাকী জড়িত থকা বুলি আৰক্ষীৰ ওচৰত এটা গোচৰ ৰুজু কৰা হৈছে। খেলুৱৈ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পিছতেই আৰক্ষীয়ে মল্লযুঁজাৰুগৰাকীক বিচাৰি দিল্লীস্থিত বাসগৃহলৈ যায় যদিও তেওঁক বিচাৰি নাপায়। দিল্লীৰ বিভিন্ন স্থানত সুশীল কুমাৰক বিচাৰি অভিযান চলাইছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments