অলিম্পিয়া প্রতিবেদন
দেশৰ এগৰাকী উদীয়মান মল্লযোদ্ধাক হত্যাৰ গোচৰত সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে দেশৰ চেলিব্ৰেটি মল্লযোদ্ধা সুশীল কুমাৰ। দিল্লীৰ সত্ৰশাল ষ্টেডিয়ামৰ বাহিৰত যোৱা ৪ মেত ঘটা এটা হত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰিছিল সুশীল কুমাৰৰ। উক্ত ঘটনাত নিহত উদীয়মান মল্লযোদ্ধা সাগৰ ৰানাৰ হত্যাৰ অভিযোগ উত্থাপন হৈছে দেশৰ তাৰকা মল্লযোদ্ধাগৰাকীৰ বিৰুদ্ধে। বহুদিন ধৰি পলাতক অৱস্থাত থকা মল্লযোদ্ধাগৰাকীক অৱশেষত দেওবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
সুশীল কুমাৰৰ গ্ৰেপ্তাৰৰ লগে লগে এতিয়া তেওঁৰ উচিত শাস্তি বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে। সাগৰ ৰানাৰ পিতৃ মাতৃয়ে পুত্ৰৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবী কৰিছে। ৰাজনৈতিকভাৱে শক্তিশালী সুশীল কুমাৰে তদন্ত প্ৰক্ৰিয়াত বিভিন্ন ধৰণে প্ৰভাৱ খটুৱাব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।
ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাৎকাৰত সাগৰৰ মাতৃয়ে মল্লযোদ্ধাগৰাকীৰ পৰা তেওঁ লাভ কৰা সকলো পদক ঘূৰাই লোৱাৰ লগতে তেওঁৰ পুত্ৰৰ হত্যাকাৰীক ফাঁচী কাঠত ওলোমাব লাগে বুলি মন্তব্য কৰিছে।
সাগৰৰ পিতৃয়েও সংবাদমাধ্যমৰ আগত ন্যায়ৰ দাবী কৰিছে। তেওঁ সুশীল কুমাৰ ইমানদিনে আৰক্ষীৰ চকুত ধূলি দি ক’ত লুকাই আছিল আৰু এই কাৰ্যত তেওঁক কোনে সহায় কৰিছিল তাৰ উচিত তদন্ত হ’ব লাগে বুলিও দাবী কৰিছে। উল্লেখযোগ্য যে, ভুক্তভোগী পৰিয়ালে সাগৰৰ হত্যাকাণ্ডত সুশীল কুমাৰকে মূল অভিযুক্ত হিচাবে গোচৰ ৰুজু কৰিছিল। দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্তৰ ভাৰ ক্ৰাইম ব্ৰান্সলৈ হস্তান্তৰ কৰিছে।