কামৰূপ জিলা আন্তঃক্লাৱ এথলেটিকচত শুৱালকুছি স্প’ৰ্টছ একাডেমীৰ সাফল্য

অলিম্পিয়া প্ৰতিবেদন

কামৰূপ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত হাজো ক্ৰীড়া সন্থাৰ উদ্যোগত হাজোত অনুষ্ঠিত আন্তঃক্লাৱ এথলেটিকচ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে সফলতাৰ ধাৰা অব্যাহত ৰাখিলে স্প’ৰ্টছ একাডেমী অৱ্ শুৱালকুছিৰ এথলীটসকলে। জিলাখনৰ ৫০০ এথলীটে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনত ১০ টা সোণৰ,৮ টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে একাডেমীৰ খেলুৱৈসকলে।

পদক প্ৰাপ্ত খেলুৱৈ সকল ক্ৰমে, (লৰাৰ)-বিকি কুমাৰ,দ্বীপ দাস,প্ৰনৱ বৰ্মন,চিন্ময় বৰ্মন,দিব্যজ্যোতি কলিতা,ৰোহিত নাথ,বিদ্যাসাগৰ বৈশ্য,নিখিল ঠাকুৰীয়া,মনজিত বৈশ্য, ধ্ৰুৱজ্যোতি কলিতা,প্ৰশান্ত দাস, উপকূল নাথ,বিশ্বজিত দাস আৰু কিশোৰ ঠাকুৰীয়া। ইপিনে (ছোৱালীৰ)- মধুমিতা বৈশ্য,কাকুমণি ভূঞা,মধুস্মিতা কলিতা,জুহিছা অনুভূতি,হিমা তাঁতী,ভনিতা মেধি,গৰিমা দাস আৰু ডিম্পী মেধি।

দলটোৰ নেতৃত্বত আছিল প্ৰশিক্ষক নৱজিৎ মালাকৰ,ট্ৰেইনাৰ ভাৰ্গৱ কুমাৰ ওজা আৰু মেনেজাৰ গীতুমণি দাস। পদক প্ৰাপ্ত সকলৰ বহু কেইগৰাকী খেলুৱৈয়ে আগন্তুক বৰ্ষত অনুষ্ঠিত হ’বলগীয়া আন্তঃজিলা এথলেটিকচ প্ৰতিযোগিতাত যোগ্যতাৰ ভিত্তিত কামৰূপ জিলাক প্ৰতিনিধিত্বৰে অংশগ্ৰহন কৰিব। একাডেমী খনৰ এই সফলতাত শুভেচ্ছা জ্ঞাপন কৰিছে শুৱালকুছিবাসীয়ে। ২ বছৰ অতিক্ৰম কৰা একাডেমীখনে নতুন বৰ্ষৰ নামভৰ্তিৰ বাবে সাজু হৈছে বুলি সংবাদমাধ্যমক জনাইছে একাডেমীখনৰ সভাপতি-সম্পাদকে।

Leave a Reply

Your email address will not be published. Required fields are marked *