Thursday, May 19, 2022
HomeNews৭৩সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল , আপাৰ আছাম ফুটবল ক্লাৱৰ অগ্ৰগতি

৭৩সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল , আপাৰ আছাম ফুটবল ক্লাৱৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ৭৩সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ বুধবাৰে অনুষ্ঠিত নৈশালোকৰ শ্বাসৰুদ্ধকাৰী খেলত দুলীয়াযানৰ আপাৰ আসাম ফুটবল ক্লাৱে গোসাইগাঁৱৰ গ্ল’ৱেল ফুটবল ক্লাৱক চাডেন ডেথযোগে সামগ্ৰিকভাৱে ১০-৯(১-১) গ’লত পৰাজিত কৰে।

তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত আপাৰ আছাম ফুটবল ক্লাৱৰ হৈ আকাশ কৰ্মকাৰে(৭মিনিট)গ’ল দিয়াৰ বিপৰীতে গ্ল’ৱেল ফুটবল ক্লাৱৰ হৈ পেনাল্টিযোগে লোহিত নাৰ্জাৰী(৫০মিনিট)য়ে সমতাসূচক গ’লটো দিয়ে।ইয়াৰ পিছত ফলাফল নিৰ্ণয়ৰ বাবে টাইব্ৰেকাৰ পদ্ধতিৰ অৱলম্বন কৰা হয় যদিও টাইব্ৰেকাৰতো ফলাফল ৪-৪গ’লত ড্ৰ’ থকাত অৱশেষত চাডেন ডেথৰ সহায় লোৱা হয়।

খেলখন পৰিচালনা কৰাত ৰেফাৰী ঘনশ্যাম দাসক সহায় কৰে প্ৰৱন চন্দ্ৰ পাঠক,ৰূপম বৰদলৈ আৰু শোণিত কুমাৰ বৰা(চতুৰ্থ)ই।ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ খেলত যোৰহাট টাউন ক্লাৱে বঙাইগাঁৱৰ ইলেভেন ষ্টাৰ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব।

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments