Wednesday, July 6, 2022
HomeNewsSports News৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবলৰ শুক্ৰবাৰে ফাইনেলত কেৰেলা ইউনাইটেড এফ চি...

৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবলৰ শুক্ৰবাৰে ফাইনেলত কেৰেলা ইউনাইটেড এফ চি বনাম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

✍️ দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

কেৰেলা ইউনাইটেড ফুটবল ক্লাব আৰু গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ(এ.এছ.ই.বি.) স্পৰ্টছ ক্লাব দল দুটাই শুক্ৰবাৰে ৭৩ সংখ্যক সৰ্বভাৰতীয় আমন্ত্ৰণমূলক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ খিতাপ লাভৰ যুঁজত প্ৰতিদ্বন্দিতা কৰিব । নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতাৰ শুক্ৰবাৰে সন্ধিয়া ৪-৩০বজাত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনত দুয়োটা দলেই আশা ৰাখিছে এইবাৰ ট্ৰফী হস্তগত কৰিবলৈ । ছেমি ফাইনেলত কেৰালা ইউনাইটেড ফুটবল ক্লাবে অসম পুলিচ ব্লুজ’ক ২-১ গ’লত আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাবে অ’ইল ইণ্ডিয়া এফ চিক ৩-০ গ’লত হৰুৱাই ফাইনেলত উপনীত হৈছে।কেৰেলা ইউনাইটেড ফুটবল ক্লাবে পোনপ্ৰথমবাৰৰ বাবে ভাগলৈ ফাইনলত উপনীত হোৱাৰ বিপৰীতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’ৰ্টছ ক্লাবে এইবাৰকে ধৰি ষষ্ঠবাৰলৈ ফাইনেলত প্ৰৱেশ কৰিছে ।

ইতিপূৰ্বে এ.এছ.ই.বি.স্প’ৰ্টছ ক্লাৱে ১৯৮৬,১৯৯৫ আৰু ২০১৫ চনত নগঞা ক্ৰীড়াপ্ৰেমীৰ হিয়াৰ আমঠু সদৃশ স্বাধীনতা দিৱস কাপৰ বিজয়ী খিতাপ অৰ্জন কৰিছে।শুক্ৰবাৰৰ ফাইনেল খেলখন যথেষ্ট উপভোগ্য হ’ব বুলি আয়োজকসকলৰ লগতে ক্ৰীড়াপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে । খেলখনত প্ৰবীন অধিবক্তা দেবব্ৰত শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব বুলি নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments