অলিম্পিয়া প্ৰতিবেদন
নগাঁও ক্ৰীড়া সংন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত সোমবাৰৰ পৰা সৰ্বভাৰতীয় আমন্ত্ৰণমূলক ৭৩সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে।ঐতিহ্যমণ্ডিত এই প্ৰতিযোগিতাৰ নৈশালোকত অনুষ্ঠিত উদ্বোধনী খেলত মাজুলীৰ কাৰছং ফুটবল ক্লাৱে ওডালগুৰিৰ দৈমালু ক্লাৱক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৬-৪(৩-৩)গ’লত পৰাজিত কৰে।
তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত মাজুলীৰ কাৰছং ফুটবল ক্লাৱৰ হৈ ভাৰ্গৱ দ’লে,মনোজ নৰহ আৰু পিতাম্বৰ পায়েঙে গ’লকেইটা দিয়াৰ বিপৰীতে ওডালগুৰিৰ দৈমালু এফ.চি.ৰ হৈ শুকুৰসিং বসুমতাৰীয়ে দুটা আৰু দেৰ্হা দৈমাৰীয়ে এটা গ’ল দিয়ে।টাইব্ৰেকাৰত কাৰছন এফ.চি.ৰ হৈ ভাৰ্গৱ দ’লে,মাইনা পায়েং আৰু নহেন্দ্ৰ পায়েঙে গ’ল স্ক’ৰ কৰাৰ বিপৰীতে দৈমালুৰ হৈ কেৱল দীপ বাগলাৰীয়েহে গ’ল দিবলৈ সক্ষম হয়।
খেলখন পৰিচালনা কৰাত ৰেফাৰী কল্যাণ বৰুৱাক সহায় কৰে ঘনশ্যাম দাস,শোণিত কুমাৰ বৰা আৰু নিৰ্মল ভটাচাৰ্যী(চতুৰ্থ)য়ে।এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন ফুটবলাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক দীপক দাসে।নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা আৰু ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত প্ৰাক্তন খেলুৱৈ তথা প্ৰবীন ক্ৰীড়া সংগঠক হেমেন গোহাঁই,আব্দুল মতিন,ড° জগন্নাথ বিশ্বকৰ্মা আদি উপস্থিত থাকে।মঙলবাৰৰ খেলত মৰাণ টাউন ক্লাৱে তিনিচুকীয়াৰ বডোচা স্প’ৰ্টছ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব।
✍️ নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন