Thursday, May 26, 2022
HomeNewsঅসমত সাঁতোৰৰ পৰিবেশ উন্নত হৈছে : অলিম্পিয়াৰ ফেচবুক লাইভত প্ৰশিক্ষক ৰাজীৱ দে'

অসমত সাঁতোৰৰ পৰিবেশ উন্নত হৈছে : অলিম্পিয়াৰ ফেচবুক লাইভত প্ৰশিক্ষক ৰাজীৱ দে’

অলিম্পিয়া বিশেষ প্ৰতিবেদন
✍️ তুষাৰ প্ৰতিম

‘অসমৰ সকলো জিলাতে সাঁতোৰৰ উন্নত আন্তঃগাঁথনি নাই। অসমৰ কামৰূপ মেট্ৰ’, কামৰূপ গ্ৰাম্য, গোলাঘাট, শিৱসাগৰ, তিতাবৰ এই কেইখন জিলাত হে চুইমিং পুল আছে। অসম চৰকাৰে যিদৰে নিজা উদ্যোগত কামৰূপ জিলাৰ শুৱালকুচি, যোৰহাট, তিতাবৰত চুইমিং পুল নিৰ্মাণ কৰিছে, তেনেদৰে আন আন জিলাসমূহতো এক আঁচনি লৈ চুইমিং পুল নিৰ্মাণ কৰিলে সা‍ঁতোৰৰ ক্ষেত্ৰত অসম বহু উপকৃত হ’ব।’ — এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সা‍ঁতোৰবিদ তথা ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰাজীৱ দে’ৰ।

অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনীৰ উদ্যোগত ‘অলিম্পিয়া’ৰ ডিজিটেল সংস্কৰণ olympiasports.in য়ে লকডাউনৰ সময়ছোৱাত অসমৰ বিভিন্ন খেলুৱৈ প্ৰশিক্ষকক এক মঞ্চ প্ৰদান কৰিছে। যি মঞ্চৰ পৰা খেলুৱৈ, প্ৰশিক্ষকসকলে নিজৰ অনুৰাগী তথা ক্ৰীড়া অনুৰাগীৰ লগত বাৰ্তালাপত মিলিত হ’ব পাৰে।

olympiasports.in
ৰ ফেচবুক পে’জৰ জৰিয়তে লাইভ আহি কালি অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ তথা ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰাজীৱ দে’ই বহু কেইটা গুৰুত্বপূৰ্ণ কথা অনুৰাগীৰ লগত আলোচনা কৰিলে। এই অনুষ্ঠানত ৰাজীৱ দে’ই কয়— ‘ অসমত যিমান বেছি চুইমিং পুল থাকিব অসমে সিমান বেছি সফল খেলুৱৈ পাবলৈ সক্ষম হম। তেজপুৰৰ পাহি বৰা আৰু খ্যাতিমান কাশ্যপে পুখুৰীত সাঁতোৰি বিগত তিনিবছৰে তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰিছে। পুখুৰীত সাঁতোৰিও স্বৰ্ণ পদক পাবলৈ সক্ষম হ’ব পাৰি কিন্তু আজিৰ এই আধুনিক সময়ত পুখুৰীত সাঁতোৰি কিমান দূৰ আগুৱাই যাব পাৰিব তাত কিছু সন্দেহ আছে। অসম চৰকাৰলৈ অনুৰোধ জনাওঁ যে অসমৰ যিসমূহ জিলাত চুইমিং পুল নাই সেই জিলাসমূহতো অন্ততঃ ২৫ মিটাৰৰ একোটাকৈ চুইমিং পুল নিৰ্মাণ কৰক। যিহেতু অসমৰ প্ৰায় ভাগ জিলাই বানপীড়িত, সকলো গ্ৰামাঞ্চলতে পুখুৰী আছে আৰু সকলোৱে সাঁতোৰে গতিকে উপযুক্ত সুবিধা পালে অসমৰ বহু সাঁতোৰবিদে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিব পাৰিব।’

কৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত স্তব্ধ হৈ পৰা ক্ৰীড়া জগতখনৰ অন্যান্য ক্ৰীড়াৰ লগতে সাঁতোৰৰ ক্ষেত্ৰখনৰো বহু ক্ষতি হৈছে। প্ৰায় ডেৰ মাহ ধৰি সন্তৰণবিদসকল পানীত নামিবলৈ সক্ষম হোৱা নাই। প্ৰশিক্ষক দে’ৰ মতে, এই সময়ছোৱাত যিসকল সা‍ঁতোৰৰ লগত জৰিত তেওঁলোক পানীত নামিব পৰা নাই বুলিয়েই বহি থাকিলে ন’হব। তাৰ পৰিবৰ্তে ঘৰত থাকিয়েই নিজক ফিট ৰাখিবলৈ বিভিন্ন ধৰণৰ শাৰীৰিক অনুশীলন অব্যাহত ৰাখিব লাগিব। লকডাউনৰ এই সময়খিনিত খেলুৱৈসকলে নিজৰ যি যি দিশত দুৰ্বলতা আছে, সেই দিশবোৰ উন্নত কৰিবলৈ এই সময়খিনিৰ সদ ব্যৱহাৰ কৰিব লাগিব।

আনহাতে অসমত বৰ্তমান সাঁতোৰৰ পৰিবেশ তেওঁ সা‍ঁতোৰাৰ সময়তকৈ বহু উন্নত হ’ল বুলি উল্লেখ কৰি কয় যে,
‘আমাৰ দিনত চুইমিং পুল অসমত প্ৰায় নাছিলেই। গুৱাহাটী আৰু গোলাঘাটত হে আছিল। এতিয়া অৱশ্যে বহু কেইটা চুইমিং পুল অসমত হ’ল। যিবোৰ জিলাত আজিও চুইমিং পুল নাই সেই জিলা বোৰে পুখুৰীত সাঁতোৰিয়েই ভাল কাম কৰি আছে। তেজপুৰৰ পৰা দুই বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ পদক পোৱা ছোৱালীজনীয়ে পুখুৰীতেই সাঁতোৰি এই সফলতা লাভ কৰিছে। আগতে খেলুৱৈ আৰু অভিভাৱকসকলো সাঁতোৰৰ প্ৰতি বেছি আগ্ৰহী নাছিল। এতিয়া অৱশী খেলুৱৈ,অভিভাৱকো সাঁতোৰৰ প্ৰতি অত্যন্ত আকৰ্ষিত হৈছে। যাৰ বাবে বৰ্তমান অসমত খেলুৱৈৰ সংখ্যা বাঢ়িছে।’

অসম পেৰা অলিম্পিক এছ’চিয়েছনৰ সম্পাদকৰো দায়িত্বত থকা প্ৰশিক্ষক ৰাজীৱ দেই কালিৰ লাইভ ভিডি’ত পেৰা অলিম্পিকৰ বিষয়েও বহু গুৰুত্বপূৰ্ণ কথা অনুৰাগীসকলক অৱগত কৰিছে।

ৰাজীৱ দে’ই কয়, ‘অসমেও পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ লৈছে। বিগত চাৰিবছৰত নেচনেল পেৰা গেমছৰ পৰা অসমলৈ বিভিন্ন পদক আহিছে। যোৱা দুই বছৰৰ পৰা ক্ৰীড়া ও যুৱ কল্যাণ বিভাগৰ পৰা পেৰা অলিম্পিক এছ’চিয়েছনক সমৰ্থন কৰিছে।’

অসমৰ পেৰা অলিম্পিক প্ৰসংগত ৰাজীৱ দেই পুনৰ কয়, ‘এইবছৰ ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত আমি পেৰা অলিম্পিক ক্ৰীড়াক ৰাজ্যিক ক্ৰীড়া হিচাপে পাতিছিলো। য’ত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় ৪০০ পেৰা এথলিটে অংশগ্ৰহণ কৰিছিল। যোৱা বছৰ অংশগ্ৰহণকাৰীৰ সংখ্যা আছিল মাত্ৰ ১৫০। এবছৰতেই খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে। পেৰা অলিম্পিকৰ বাবে এয়া অতি ভাল লক্ষণ। অসমৰ পেৰা খেলুৱৈৰ বাবে আৰু এটা ভাল খবৰ আছে।অসম চৰকাৰে তেওঁলোকৰ জলপানী আঁচনিত সকলোধৰণৰ জলপানীৰ ক্ষেত্ৰত ৪ শতাংশ পেৰা অলিম্পিকৰ বাবে সংৰক্ষণ কৰিছে।’

উল্লেখ্য যে ২০১৩ চনৰ পৰা অসমত পেৰা অলিম্পিক এছ’চিয়েছনে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে। খুব কমসময়তে অসমৰ চিৰঞ্জিতা ভৰালী, বিকাশ মাহত্ব, কুঞ্জলতা, অজয় চেতিয়া আদি পেৰা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্জ্বল কৰিছে। এও‍ঁলোকে নেচনেল পেৰা অলিম্পিকত বহু কেইটা পদক লাভ কৰিছে।

লকডাউনৰ এই সময়ছোৱাত খেলুৱৈ সকলে ঘৰতেই থাকি অনুশীলন কৰাৰ প্ৰসংগত ৰাজীৱ দে’ই পুনৰ কয় যে, এইসময়ছোৱাত ঘৰতে বিচনা, টেবুল, চকী আদিত বহিয়েই শৰীৰৰ বিভিন্ন অংগৰ অনুশীলন কৰিব পাৰি। ধ্যান কৰি মানসিক শক্তি বৃদ্ধি কৰিব পাৰি। সকলো খেলুৱৈৰে যাতে মনোবল অটুট থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে। মানসিক শক্তি বৃদ্ধিৰ বাবে ধ্যান আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

আনহাতে অসমৰ ‘সোণালী জলপৰী’ হিচাপে খ্যাত তথা সা‍ঁতোৰৰ নৱতম চাঞ্চল্য শিৱাংগী শৰ্মা প্ৰসংগত অনুৰাগীয়ে কৰা প্ৰশ্নৰ উত্তৰ দি ৰাজীৱ দে’ই কয়—‘শিৱাংগী শৰ্মাৰ মই প্ৰশিক্ষক নহয়। তথাপিও তেওঁক খেল’ ইণ্ডিয়াৰ সময়ত এনালাইচিচ কৰিছোঁ তাৰ পৰা ক’ব বিচাৰোঁ তেওঁ খুব ভাল প্ৰদৰ্শন কৰি আহিছে। তেওঁ কিমানদূৰ আগবাঢ়ি যাব পাৰিব সেয়া তেওঁৰ নিজৰ প্ৰশিক্ষক মোৰ বন্ধু পাৰ্থ প্ৰতিম মজুমদাৰে ক’ব পাৰিব।তথাপিও ক‌ও, শিৱাংগীক আৰু অধিক অনুশীলনৰ প্ৰয়োজন। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত প্ৰদৰ্শন কৰিবলৈ যি সময়ৰ প্ৰয়োজন সেয়া তেওঁ অলপ কষ্ট কৰিলেই লাভ কৰিব। তেওঁৰ শৰীৰৰ খুব ধুনীয়া।তেওঁ শৰীৰ সাঁতোৰৰ উপযোগী। শিৱাংগীয়ে বহুত কষ্ট কৰে, সেয়ে দক্ষিণ এছিয়া ক্ৰীড়া সমোৰহ, খেল’ ইণ্ডিয়াত বহু পদক লাভ কৰিছে। পাৰ্থ আৰু শিৱাংগী মিলি নতুন নতুন উন্নত কৌশলৰে অনুশীলন কৰিলে খুব ভাল প্ৰদৰ্শন কৰিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক পদক লাভ কৰিব।’

বৰ্তমানলৈকে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে অসমৰ ৰাজীৱ দে’ই বহুকেইটা সফলতা লাভ কৰাৰ উপৰিও দেশক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৪ কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰশিক্ষক আছিল। ইয়াৰ পূৰ্বে আকৌ ২০১০ চনৰ কমনৱেলথ গেমছত তেওঁ মালদ্বিপৰ দলটোৰ প্ৰশিক্ষক হিচাপে আছিল। বৰ্তমানলৈকে এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু পেৰা অলিম্পিক এই তিনিওখন প্ৰতিযোগিতাত অসমৰ পৰা অফিচিয়েলি অংশগ্ৰহণ কৰা ৰাজীৱ দে’ই একমাত্ৰ প্ৰশিক্ষক। এই কথা ৰাজীৱ দে’ই নিজেই প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ এইবুলি উল্লেখ কৰিছে যে, ‘এয়া মোৰ নিজৰ ইনফ’ৰমেচনৰ তথ্য হে।’ আনহাতে ইন্দোনেচিয়াত হোৱা পঞ্চম এছিয়ান স্কুল চেম্পিয়নশ্বিপ য’ত ভাৰতীয় দলৰ সদস্য হিচাপে অসমৰ বাস্তৱ তপন বৰদলৈ আছিল, ২০১৫ চনৰ অষ্ট্ৰেলিয়া পেচিফিক ৱৰ্ল্ড স্কুল গেমছ য’ত অসমৰ তানিস্কা তালুকদাৰ আৰু ইচ্ছানী গগৈ ভাৰতীয় দলৰ সদস্য আছিল, থায়েলেণ্ড এছ গ্ৰোপ, ডুবাই ইণ্টাৰনেচনেল আদি বহু টুৰ্ণামেণ্টত ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে এই গৰাকী সফল প্ৰশিক্ষকে। এতিয়া কেৱল বিশ্ব ক্ৰীড়া সমাৰোহ ‘অলিম্পিক’ ত অংশগ্ৰহণ কৰাৰ আশা পুহি ৰখা ৰাজীৱ দে’ই সকলোৰে সহায়, সহযোগিতা আশা কৰিছে। তেওঁৰ মতে, ‘ এগৰাকী প্ৰশিক্ষক হিচাপে এইদৰে ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাটো মোৰ বাবে গৌৰৱৰ বিষয়।’

লকডাউনৰ এই সময়ছোৱাত খেলুৱৈ সকলৰ শাৰীৰিক অনুশীলনৰ কিবা অসুবিধা থাকিলে তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব বুলিও জনাই প্ৰশিক্ষকগৰাকীয়ে। সকলোকে লকডাউনৰ নীতি নিয়ম সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাই নিজ ঘৰতেই আৱদ্ধ হৈ থাকিবলৈ কয়‌। ফেচবুক লাইভটোৰ সময়ছোৱাত olympiasports.in য়ে লোৱা প্ৰচেষ্টাকো বাৰে বাৰে শলাগ লয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments