Tuesday, October 4, 2022
HomeNewsআৰম্ভ হ'ল প্ৰথম এ চি এ আন্ত:প্ৰতিষ্ঠান টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

আৰম্ভ হ’ল প্ৰথম এ চি এ আন্ত:প্ৰতিষ্ঠান টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটীত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল প্ৰথম এ চি এ আন্ত:প্ৰতিষ্ঠান টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । গুৱাহাটী টাউন ক্লাব পেক্ষাগৃহত শনিবাৰে এই টুৰ্ণামেণ্টৰ ট্ৰ’ফী উন্মোচন কৰা হয় । মুঠ ১৮ টা দলে ভাগ ল’বলগীয়া এই টুৰ্ণামেণ্ট অনুষ্ঠিত হ’ব বৰ্ষাপাৰা ষ্টেডিয়াম আৰু আমিনগাঁও ষ্টেডিয়ামত ।
টাউন ক্লাবত টুৰ্ণামেণ্টৰ ট্ৰ’ফী উন্মোচন অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা , অসম মহা গাণনিক কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া গুলজাৰিলাল , অসম আৰক্ষীৰ উপ আৰক্ষী সঞ্চালক এল আৰ বিষ্ণ‌য় , এফ চি আইৰ উত্তৰ- পূব মণ্ডলৰ কাৰ্যবাহী সঞ্চালক পায়ছুনি কুমাৰ , এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক তথা আই এ এছ বিষয়া হিতেশ দেৱ শৰ্মা, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, অসম ক্ৰিকেট সন্থাৰ সম্পাদক, সভাপতি, উপ-সভাপতিসহ ৰাজ্যৰ ক্ৰীড়াজগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি । দিনৰ লগতে নৈশলোকত হ’বলগা এই টি-২০ ক্ৰিকেটৰ মুঠ প্ৰাইজমানি হ’ব ১৭.২০ লাখ টকা । টুৰ্ণামেণ্টৰ মুঠ ১৮ টা দলক ৪ টা ভাগত ভাগ কৰা হৈছে । ইয়াত অংশগ্ৰহণ কৰা দলবোৰ হ’ল অ’ এন জি চি, চেণ্ট্ৰেল ৱেৰহাউছিং কৰ্পোৰেচন, বৰোদা বেংক , ৰিজাৰ্ভ বেংক, অসম সচিবালয়, চি এ জি, এফ চি আই, ষ্টেট বেংক, ৰাজ্যিক বিদ্যুৎ পৰিষদ, বাৰ কাউন্সিল, এন এফ ৰেলৱে, জনসংযোগ বিভাগ, বি এছ এন এল, এন আৰ চি সঞ্চালকালয়, প’ষ্টেল , গুৱাহাটী উচ্চ ন্যায়ালয়, অসম পুলিচ আৰু আই অ’ চি এল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments