Tuesday, October 4, 2022
HomeNewsজাগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীত স্পুটনিক, তেজপুৰ টাউন ক্লাবৰ জয়

জাগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীত স্পুটনিক, তেজপুৰ টাউন ক্লাবৰ জয়

জাগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীত স্পুটনিক, তেজপুৰ টাউন ক্লাবৰ জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ শুকুৰবাৰৰ প্ৰথম মেচত স্পুটনিক ক্লাবে ৫২ ৰাণত পৰাস্ত কৰে কে এইছ কহিনুৰ দলক । মেঘালয়ৰ স্পুটনিক ক্লাবে ৬ উইকেটত কৰে ১৮৫ ৰাণ । দলৰ চামান পুষ্প‌ই ৬৪, আদিত্য সিংহানীয়াই ৩৪ আৰু ৰোহিত থাপাই ২৪ ৰাণ কৰে । বিপক্ষৰ তাইজুদ্দিনে ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত কহিনুৰ দলে নিশাংকমণি নাথৰ ২৩ ৰাণ সত্ত্বেও ১৮.৫ অভাৰত ১৩৩ ৰাণহে কৰে । বলিঙত স্পুটনিকৰ অমীয়াংশু সেনে ৪ টা আৰু আৰিয়ান বৰাই ৩ টা উইকেট দখল কৰে । অমীয়াংশু সেনক মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী দিয়া হয় । দ্বিতীয় মেচত
তেজপুৰ টাউন ক্লাবে মঙলদৈ টাউন ক্লাবক ১৬ ৰাণত পৰাস্ত কৰে । তেজপুৰে ৮ উইকেটত কৰে ১৩৪ ৰাণ । দলৰ যোগেন দাস আৰু ৰমেন বৰাই ক্ৰমে ৩৬ আৰু৩৫ ৰাণ কৰে । প্ৰত্যুত্তৰত মঙলদৈয়ে মনোজ কুমাৰ দাসৰ ২৮ ৰাণ সত্ত্বেও ১৯.৫ অভাৰত ১১৮ ৰাণতে ইনিংছ সামৰে । প্ৰতিপক্ষৰ ৰফিক আলীয়ে ৩ টা উইকেট দখল কৰে । ৰফিক আলীয়ে লাভ কৰে মেন অৱ দ্য মেচ ট্ৰফী ।
শনিবাৰে উই আৰ নৰ্থ ইষ্ট দলে জ্ঞানজ্যোতি মিলন সংঘ আৰু ৰঙিয়া ক্ৰিকেট সন্থাই আয়োজক ২২ য়াৰ্ডছ গ্ল’ৰীৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments