Tuesday, October 4, 2022
HomeNewsএ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফীঃ ধনশিৰি, বৰাকৰ জয়লাভ

এ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰ্ছ ট্ৰফীঃ ধনশিৰি, বৰাকৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

ধনশিৰি ডেছাৰ্ছে প্ৰথম এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰছ ক্ৰিকেটৰ সোমবাৰৰ মেচত জয়লাভ কৰিছে । আমিনগাঁও‍ ষ্টেডিয়ামত দলটোৱে কপিলী প্ৰিন্সেছৰ বিৰুদ্ধে ১৩ ৰাণত বিজয়ী হয় । ধনশিৰিয়ে উমা ছেত্ৰীৰ ৪৮ ৰাণৰ সহায়ত ২০ অভাৰত ৪ উইকেটত কৰে ৯৪ ৰাণ । বলিঙত বিপক্ষৰ কাকলি শইকীয়াই ২ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত কপিলীয়ে ২০ অভাৰত ৭ উইকেটত ৮১ ৰাণহে কৰে । দলৰ কাকলি শইকীয়াই ২৭, জেনেভি পাণ্ডুৱে ২৫ ৰাণৰ বৰঙনি যোগায় । বিজয়ী দলৰ মৌচুমী নৰহে ৩ টা উইকেট লাভ কৰে । ইফালে দ্বিতীয় মেচত বৰাক কুইন্সে ২২ ৰাণত পৰাস্ত কৰে সোৱণশিৰি চেম্পছক ।বৰাকে পাপৰি গগৈৰ ২৮ আৰু গায়ত্ৰী গুৰুঙৰ ২২ ৰাণৰ সহায়ত ৮ উইকেটত সংগ্ৰহ কৰে ১০৭ ৰাণ । প্ৰতিপক্ষৰ হৈ ৰশ্মি দেই চাৰিটা উইকেট পায় । প্ৰত্যুত্তৰত সোৱণশিৰিয়ে ৭ উইকেটত কৰে মাত্ৰ ৮৫ ৰাণ । দলৰ খুচি শৰ্মাই ২৬ আৰু মানসী ভোয়েলে ১২ ৰাণ কৰে । বিজয়ী দলৰ হৈ দুটাকৈ উইকেট লাভ কৰে পাপৰি গগৈ আৰু সুমন সুতে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments