Wednesday, October 5, 2022
HomeNewsজগত চন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতফেয়াৰীলেণ্ড, বাডৰ জয়লাভ

জগত চন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতফেয়াৰীলেণ্ড, বাডৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত পুৰ্ণ গতিত চলি আছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্লৰিৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ সোমবাৰৰ প্ৰথম মেচত ফেয়াৰীলেণ্ড একাডেমীয়ে ৬ উইকেটত পৰাস্ত কৰে জ্ঞানজ্যোতি মিলন সংঘক | জ্ঞানজ্যোতিয়ে ৯ উইকেটত সংগ্ৰহ কৰে ১১৫ ৰাণ | দলৰ বিত্তজ্যোতি শৰ্মাই ২২ আৰু ৰাজদীপ দাসে ২১ ৰাণ কৰে | বিপক্ষৰ কৌয়ম চিকে ৩ টা উইকেট দখল কৰে | প্ৰত্যুত্তৰত ফেয়াৰীলেণ্ডে ৰোছন ওৱাবহৰ ৩১, দিলীপ সিঙৰ ২৫ আৰু মিট ৰাজকুমাৰৰ ২১ ৰাণৰ সহায়ত ১৯.১ অভাৰত ৪ টা উইকেট হেৰুৱাই বিজয়ী হয় | কোয়ম চিকে লাভ কৰে মেন অৱ দ্য মেচৰ সন্মান | দ্বিতীয় মেচত বাড ক্ৰিকেট ক্লাবে ১০ উইকেটত পৰাস্ত কৰে তেজপুৰ টাউন ক্লাবক | তেজপুৰে ১৩.৪ অভাৰত ৪১ ৰাণ কৰে | বলিঙত প্ৰতিপক্ষৰ অভিলাস গগৈয়ে ৪ টা উইকেট দখল কৰি মেন অব দ্য মেচ ট্ৰফী দখল কৰে | প্ৰত্যুত্তৰত বাডে মাত্র ৫.৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৪৫ ৰাণ কৰি বিজয়ী হয় | দলৰ স্বৰূপম পুৰকায়স্থ‌ই ৩৭ ৰাণ কৰে | মঙ্গলবাৰে জেনিথ ক্লাবে ৰঙিয়া আৰু ফেয়াৰীলেণ্ডে উই আৰ নৰ্থ ইষ্টৰ বিৰুদ্ধে খেলিব |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments