Tuesday, October 4, 2022
HomeNewsৰোহিতবাহিনীৰ ধাৰাবাহিক জয়:দ্বিতীয় টী-২০ ত অৰ্ধশতক কোহলি-ঋষভৰ

ৰোহিতবাহিনীৰ ধাৰাবাহিক জয়:দ্বিতীয় টী-২০ ত অৰ্ধশতক কোহলি-ঋষভৰ

অলিম্পিয়া প্ৰতিবেদন

আকৌ দুৰ্দান্ত ফৰ্মলৈ প্ৰত্যাৱৰ্তন বিৰাট । কলকাতাৰ ইডেন গাৰ্ডেনত কোহলিয়ে কোবালে অৰ্ধশতক । জয়ৰ ধাৰা অব্যাহত ৰোহিতবাহিনীৰ । টী-২০ শৃংখলাৰ দ্বিতীয় মেচত ভাৰতৰ হাতত পৰাভূত ৱেষ্ট ইণ্ডিজ । অৰ্ধশতকেৰে ঋষভ পন্টলৈ মেন অৱ দ্য মেচ ।

দেশৰ মাটিত সগৌৰৱেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলি আছে টী-২০ দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা ।এদিনীয়া শৃংখলাত ৩-০ ৰ ক্লিন ছুইপেৰে জয়ী হোৱাৰ পাছত টী-২০ শৃংখলাতো অপ্ৰতিৰোধ্য মেন ইন ব্লু । এতিয়ালৈ টী-২০ শৃংখলাৰ তিনিখন মেচৰ ভিতৰত ২-০ ত আগবাঢ়ি আছে টীম ইণ্ডিয়া । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টী-২০ শৃংখলাও হস্তগত কৰিছে ভাৰতে । শুক্ৰবাৰে, শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে ৱেষ্ট ইণ্ডিজক ৮ ৰাণত পৰাস্ত কৰি মৈদানত ৰোহিতবাহিনীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আনিলে চুনামী । ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৫ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিলে ১৮৬ ৰাণ সংগ্ৰহ কৰে ।ভাৰতৰ বাবে প্ৰথম সময়খিনি সুখকৰ নাছিল । মাত্র ২ ৰাণতে শ্বেলডন কটৰেলৰ হাতত চিকাৰ হয় ঈশান কিষাণ । ইয়াৰ পাছতেই ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে দলক জয়ী কৰাৰ যেন ললে দায়িত্ব । কিন্তু ৰোহিত শৰ্মা অফ স্পিনাৰ ৰ’ষ্টনৰ হাতত ১৯ ৰাণতে আউট হয় । ইয়াৰ পৰিৱৰ্তে কোহলিয়ে অৰ্ধশতকেৰে পূৰ্বৰ ফৰ্মলৈ উভতি অহাৰ দিলে সংকেত । তেওঁ ৪১ টা বলত ৫২ ৰাণৰ উপহাৰ দিয়ে । লগতে, ঋষভ পন্টেও ২৮ টা বলত ৫২ ৰাণেৰে দলটোক জয়ী হোৱাত যোগালে বৰঙণি
। মেচৰ শেষত মেন অৱ দ্য মেচৰ সন্মান অৰ্জন কৰে ঋষভ পন্টে ।
ইফালে ১৮৭ ৰাণৰ লক্ষ্য লৈ ক্ৰিজত নমা ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৩ টা উইকেটৰ বিনিময়ত ১৭৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ফলত ২-০ ব্যৱধানৰে টী-২০ শৃংখলাতো ভাৰতে আৰোহণ কৰাটো নিশ্চিত হৈ পৰিল ।
শনিবাৰে নিয়ম মাফিকৰ বাবে কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পুনৰ টীম ইণ্ডিয়া অৱৰ্তীণ হ’ব টী-২০ ৰ অন্তিম খন মেচত ।

এদিনীয়া আৰু টী-২০ শৃংখলাত দেশৰ মাটিত ধাৰাবাহিক জয়ৰে আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীলৈ ।
সকলোৰে আশা–টেষ্ট মেচত দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে অনাগত মেচসমূহলৈ প্ৰস্তুত হওক টীম ইণ্ডিয়া । বিশ্বৰ প্ৰতি কোণত বিজয় ধ্বজা উৰক ভাৰতৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen + sixteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments