Monday, October 3, 2022
HomeNewsবন্ধুত্বমূলক টি-২০ ক্ৰিকেটত বিজনী জয়ী

বন্ধুত্বমূলক টি-২০ ক্ৰিকেটত বিজনী জয়ী

অলিম্পিয়া প্ৰতিবেদন , বঙাইগাওঁ

চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে গুৱাহাটী জনসংযোগ প্ৰাইড ইলেভেন আৰু বিজনী প্ৰেছ ক্লাব- ইংখঙ পাব্লিকেশ্যন ক্ৰিকেট দলৰ মাজত এখন বন্ধুত্বমূলক টি-২০ ক্ৰিকেট খেল অনুষ্ঠিত হয় । খেলখনত বিজনী প্ৰেছ ক্লাৱ – ইংখঙ পাব্লিকেশ্যন দলে ৩৯ ৰাণত বিজয়ী হয় । টছত জিকি জনসংযোগ দলে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি বিজনী প্ৰেছ ক্লাব – ইংখঙ পাব্লিকেশ্যন দলে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৬৭ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত গুৱাহাটীৰ জনসংযোগ দলে ১২৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । খেলখনত মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে বিজয়ী দলৰ শম্ভু সৰকাৰে । সৰকাৰে ২৭ ৰাণ সংগ্ৰহ কৰাৰ লগতে ৪ টাকৈ উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

7 + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments