অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীৰ ঐতিহাসিক জজ খেলপথাৰত ৩০ ডিচেম্বৰৰ পৰা অষ্টম সংখ্যক তুলসী গোবিন্দ বৰুৱা সোঁৱৰণি মিডিয়া টি-২০ ক্ৰিকেট প্ৰতিযোগিতাখন আৰম্ভ হ’ব।এইবাৰৰ প্ৰতিযোগিতাখন ক’ভিড যোদ্ধাসকলৰ নামত উৎসৰ্গিত কৰা হৈছে।তদুপৰি ক’ভিড যোদ্ধাসকলক লৈ এখন বন্ধুত্বপূৰ্ণ মেচ অনুষ্ঠিত কৰাৰো পৰিকল্পলা কৰা হৈছে।
আনহাতে, টি জি বৰুৱা মিডিয়া টি-২০ত অংশগ্ৰহণ কৰিব বিছৰা সংবাদ মাধ্যমৰ দল সমূহক ১৬ জনীয়া খেলুৱৈৰ তালিকাসহ ২৬ ডিচেম্বৰৰ ভিতৰত যোগদান নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ২৬ ডিচেম্বৰৰ পিছত কোনো দলৰ যোগদানৰ অনুৰোধ গ্ৰহণ কৰা নহব। প্ৰতিযোগিতাৰ যোগদান মাছুল ১০০০টকা।
তদুপৰি খেলুৱৈসকলে সম্পাদকৰ স্বাক্ষৰ সম্বলিত নিদিষ্ট সংবাদ মাধ্যমত কাম কৰি থকাৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামুলক।প্ৰতিযোগিতাৰ সূচী ২৮ ডিচেম্বৰত ঘোষনা কৰা হ’ব।
অধিক তথ্যৰ বাবে প্ৰশান্ত প্ৰতীম দত্তৰ লগত ৯৮৫৪০৫৬৫২৫ আৰু পংকজ শৰ্মাৰ লগত ৯৮৬৪৩৬৪৪১১ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।