অলিম্পিয়া প্রতিবেদন
চলিত আই পি এলৰ পৰা বাদ পৰা ভাৰতৰ নৱতম য়ৰ্কাৰ চাঞ্চল্য টি নটৰাজনৰ মঙ্গলবাৰে সম্পন্ন হৈ যায় আঁঠুৰ অস্ত্ৰোপচাৰ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আই পি এলত ভাগ লোৱা খেলুৱৈজনে চলিত আই পি এলৰ আৰম্ভণিতে আঁঠুৰ আঘাতৰ বাবে দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল। ৩০ বছৰীয়া মিডিয়াম পেচাৰগৰাকীয়ে দলটোৰ হৈ কেৱল দুখন মেচতহে ভাগ লৈছিল।
উল্লেখযোগ্য যে, চলিত বছৰৰ আগভাগত ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল ক্ৰিকেটাৰগৰাকী। সেই সময়ত সম্পূৰ্ণ সুস্থ নোহোৱাকৈয়ে গাত আঘাত লৈয়ে তেওঁ খেলপথাৰত নামিছিল। পিছত ইংলেণ্ড ভ্ৰমণৰ সময়তো তেওঁ ১০০ শতাংশ সুস্থ নাছিল।
আজি অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত তেওঁ বি চি চি আইৰ চিকিৎসা দলক বিশেষভাৱে ধন্যবাদ জনায়। ইয়াৰ লগতে তেওঁৰ সমূহ শুভাকাংক্ষীকে এই সময়ছোৱাত তেওঁৰ কাষত থিয় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।