Tuesday, October 4, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতমঙ্গলদৈ টাউন ক্লাব, ২২ য়াৰ্ডছ গ্ল’ৰিৰ জয়

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীতমঙ্গলদৈ টাউন ক্লাব, ২২ য়াৰ্ডছ গ্ল’ৰিৰ জয়

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা পূৰ্ণ গতিত চলি আছে জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্ট । ২২ য়াৰ্ডছ গ্ল’ৰিৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ দেওবাৰৰ প্ৰথম মেচত মঙলদৈ টাউন ক্লাবে ৮ উইকেটত পৰাস্ত কৰে চানমাৰী ক্ৰিকেট ক্লাবক । চানমাৰীয়ে প্ৰথম বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটত ৯৯ ৰাণ কৰে । দলৰ ছাহিল হকে কৰে ৫৭ ৰাণ । প্ৰত্যুত্তৰত মঙলদৈ টাউন ক্লাবে ১২.৫ অভাৰত মাত্ৰ ২ টা উইকেট হেৰুৱাই ১০৫ ৰাণ কৰি বিজয়ী হয় । দলৰ দুই অপৰাজিত বেটছমেন সমৃদ্ধ ডেকা আৰু মনোজ কুমাৰ দাসৰ বেটৰ পৰা আহে ক্ৰমে ৩৭ আৰু ৩০ ৰাণ । বিজয়ী দলৰ হৈ ১৩ ৰাণৰ বিনিময়ত ২ টা উইকেট লাভ কৰা সুমন ডেকাক মেন অৱ দ্য মেচ ট্ৰফী দিয়া হয় । আনখন মেচত ২২ য়াৰ্ডছ গ্লৰিযে ১০২ ৰাণত পৰাস্ত কৰে জেনিথ ক্লাবক । ২২ য়াৰ্ডছে মানস গগৈ ৬৩ আৰু ৰাজ আগৰৱালৰ ৬১ ৰাণৰ সহায়ত ৪ উইকেটত কৰে ১৮৩ ৰাণ । প্ৰত্যুত্তৰত জেনিথে মুন্না গোৱালাৰ অপৰাজিত ৩৪ আৰু বাবলু গোৱালাৰ ২১ ৰাণ সত্ত্বেও ৯ উইকেটত ৮১ ৰাণহে কৰে । বিজয়ী দলৰ ৰোহিত সিঙে ৩ টা উইকেট দখল কৰে । মেন অৱ দ্য মেচ হয় ৰাজ আগৰৱাল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments