Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত টি টি ইউনাইটেড প্ৰিমিয়াৰ লীগ : টেবুল টেনিছত সূচনা হ'ব...

গুৱাহাটীত টি টি ইউনাইটেড প্ৰিমিয়াৰ লীগ : টেবুল টেনিছত সূচনা হ’ব নৱতম অধ্যায়

অলিম্পিয়া প্ৰতিবেদন

অসমত টেবুল টেনিছৰ নতুনত্ব সূচনা । গুৱাহাটীত অনুষ্ঠিত হ’ব টি টি ইউনাইটেড প্ৰিমিয়াৰ লীগ । পোনপ্ৰথমবাৰৰ বাবে পেছাদাৰী খেল অসমলৈ অনাৰ প্ৰয়াস । অংশ ল’ব সৰ্বভাৰতীয় পৰ্যায়ৰ কেইবাগৰাকীও টেবুল টেনিছ তাৰকাই ।

অহা ৮ ৰ পৰা ১০ এপিললৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ । অসমত টেবুল টেনিছ ইতিহাসত সংযোজন হ’ব এক নবতম অধ্যায় । কাৰণ ইয়াৰ পূৰ্বে পেছাদাৰী চিন্তাচৰ্চাৰে অনুষ্ঠিত হোৱা নাছিল টেবুল টেনিছৰ এনে বৃহৎ প্ৰতিযোগিতা । এই প্ৰতিযোগিতা ৰাজ্যৰ ২৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ উপৰি অসমৰ বাহিৰৰ থাকিব প্ৰায় ৩০ গৰাকী পেডলাৰ । ইয়াৰে ২০ গৰাকী খেলুৱৈ ইণ্ডিয়া ৰেকিঙৰ । দেওবাৰে হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰাৰ লগতে দলসমূহক চিনাকি কৰি দিয়া হয় । লগতে উন্মোচন কৰা হয় জাৰ্ছি আৰু ট্ৰফীসমূহ ।

এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ টেবুল টেনিছ ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াস কৰা হৈছে। এই সন্দৰ্ভত মন্তব্য কৰিছে নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ মুখ্য প্ৰশিক্ষক মানস দাসে।

১৬ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ প্ৰাইজমানিও আকৰ্ষণীয় । প্ৰথম পুৰস্কাৰ ১ লাখ, দ্বিতীয় পুৰস্কাৰ ৯০ হেজাৰ, তৃতীয় পুৰস্কাৰ ধাৰ্য কৰা হৈছে ৭০ হেজাৰ টকা । দৰ্শকৰ বাবে বিনামূলীয়া এই প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমীক আমন্ত্রণ জনাইছে উদ্যোক্তাই ।

উল্লেখযোগ্য যে, এই সংবাদমেলত উপস্থিত থাকিল উদ্যোক্তা তথা নগেন হাজৰিকা টেবুল টেনিছ ফাউণ্ডেচনৰ সভানেত্রী মদালছা হাজৰিকা বৰুৱা, মাছুল মেনিয়া মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকা, ফাউণ্ডেচনৰ পৰিচালক মিনাক্ষী শইকীয়াৰ লগতে টেবুল টেনিছৰ লগত জড়িত ব্যক্তিসকল ।

আনহাতে, এই প্ৰতিযোগিতাৰ সফল আয়োজনৰ বাবে অসমগৌৰৱ লাভলিনাইও জনালে শুভেচ্ছা ।

ক্ৰীড়াপ্ৰেমীৰ আশা — অসমত এই প্ৰতিযোগিতা সাফল্যমণ্ডিত হৈ উঠক । অসমৰ টেবুল টেনিছ ক্ষেত্ৰত নতুনত্বৰ সূচনা হওক । ৰাজ্যৰ উদীয়মান পেডলাৰে প্ৰতিভা বিকাশৰ বাবে লাভ কৰক এখন বৃহৎ মঞ্চ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments