Friday, September 30, 2022
HomeNewsটেবুল টেনিছ প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ অধ্যক্ষৰ দায়িত্বত মন্ত্ৰী পীযুষ হাজৰিকা

টেবুল টেনিছ প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ অধ্যক্ষৰ দায়িত্বত মন্ত্ৰী পীযুষ হাজৰিকা

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেচনৰ উদ্যোগত প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব গ্লেমাৰিয়াছ টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ২০২২ । অহা ৮-১০ এপ্ৰিলত মহানগৰীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ অধ্যক্ষৰ দায়িত্বত আছে জলসম্পদ, জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীযুষ হাজৰিকা । লীগখনৰ সফল আযোজনৰ বাবে সোমবাৰে অসম চৰকাৰৰ কৃষি, সীমান্ত উন্নয়ন আৰু অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনাত মিলিত হয় নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেচনৰ মুখ্য প্ৰশিক্ষক তথা প্ৰিমিয়াৰ লীগৰ আয়োজক সমিতিৰ সচিবপ্ৰধান মানস প্ৰতিম দাসে । জোষ্ঠ মন্ত্ৰী অতুল বৰাইও প্ৰিমিয়াৰ লীগৰ সফল আযোজনৰ ওপৰত গুৰুত্ব দিয়ে । উল্লেখযোগ্য যে প্ৰথমবাৰলৈ উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব টেবুল টেনিছ ইউনাইটেড প্ৰিমিয়াৰ লীগ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments