অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটীৰ ৱায়াৰলেছৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনত বুধবাৰৰ পৰা আৰম্ভ হ’ল চাৰিদিনীয়া টেবুল টেনিছ প্ৰিমিয়াৰ লীগ। দ্বিতীয় বৰ্ষৰ NHTTF ছৈয়দা ডানিয়া টাছকি প্ৰিমিয়াৰ লীগত মুঠ ১৬ টা দলৰ প্ৰায় ৬৫ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে। উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল অসম টেবুল টেনিছৰ মুৰব্বী মৃগাংক বৰ্মন আৰু সম্পাদক ত্ৰিদিপ দুৱৰাও। উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ গৌতম হাজৰিকা আৰু মানস দাসে।