Wednesday, May 18, 2022
HomeNewsগুৱাহাটীত অব্যাহত অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ

গুৱাহাটীত অব্যাহত অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ

অলিম্পিয়া প্ৰতিবেদন

উদীয়মান টেনিছ খেলুৱৈৰ হট শ্বটত জীপাল নেহৰু ষ্টেডিয়াম
। আৰম্ভ অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ । শতাধিক খেলুৱৈৰ অংশগ্ৰহণ । সকলোৰে দুচকুত পদক জয়ৰ সপোন ।

সোমবাৰৰ পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম টেনিছ কৰ্টত আৰম্ভ হৈছে পঞ্চম সংখ্যক অপেন জুনিয়ৰ টেনিছ চেম্পিয়নশ্বিপ । গুৱাহাটী লন টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সৰ্বাংগসুন্দৰ প্ৰতিযোগিতাখন । মুঠ ৬ টা ইভেন্টৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত আছে ১২, ১৪ আৰু ১৮ বছৰ অনূৰ্দ্ধৰ ল’ৰা-ছোৱালীৰ একক শাখা । ভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১১৫ গৰাকী প্ৰতিযোগীয়ে পদক অৰ্জনৰ বাবে চলাইছে অপ্ৰাণ চেষ্টা । চলিত মাহৰ ২৮ মাৰ্চৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা অব্যাহত থাকিব অহা ১ এপ্ৰিললৈকে । ইতিমধ্যে আৰম্ভ হৈছে তৃতীয় ৰাউণ্ড । প্ৰতিযোগীসকলে উজাৰি দিছে নিজৰ শ্ৰেষ্ঠত্ব ।

উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইখনেই হ’ল- আটাইতকৈ বেছি স্কলাৰশ্বিপ থকা প
টেনিছ চেম্পিয়নশ্বিপ । ধাৰ্য কৰা হৈছে মুঠ ১ লাখ ৯২ হেজাৰ টকা ।

এই খেলত অংশগ্ৰহণ কৰি আনন্দিত উদীয়মান টেনিছ প্ৰতিভা । প্ৰকাশ কৰিলে মনোভাৱ ।

আনহাতে, লন টেনিছ সন্থাক বিভিন্ন ধৰণৰে সহায় কৰি আহিছে প্ৰাইড ইষ্ট এন্টাৰটেন্টমেন্টৰ স্বত্বাধিকাৰী তথা একালৰ টেনিছ খেলুৱৈ ৰিণিকি ভূঞা শৰ্মাই । তেওঁৰ ওচৰত চিৰকৃতজ্ঞ বুলি মন্তব্য কৰিছে গুৱাহাটী লন টেনিছ সন্থাৰ সভাপতি কল্যাণ দাসে ।

আনহাতে সন্থাৰ তৰফৰ পৰা গ্ৰহণ কৰিবলগীয়া আগন্তুক কাৰ্যপন্থাৰ কথা দোহাৰিলে কল্যাণ দাসে ।

ক্ৰীড়া অনুৰাগীৰ আশা — স্ব-প্ৰতিভাৰে উজলি উঠক অসমৰ টেনিছ খেলুৱৈ । এনে প্ৰতিযোগিতাৰ আঁত ধৰিয়েই বিশ্বৰ টেনিছত বহুদূৰ আগুৱাই যাওক অসমৰ সম্ভাৱনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments