Tuesday, October 4, 2022
HomeNewsতবলিগী জামাতৰ সৈতে ক্ৰিকেটৰ সম্পৰ্ক!: ধৰ্মীয় অনুষ্ঠানটোৰ ছত্ৰছাঁয়াত কোন দেশৰ ক্ৰিকেট

তবলিগী জামাতৰ সৈতে ক্ৰিকেটৰ সম্পৰ্ক!: ধৰ্মীয় অনুষ্ঠানটোৰ ছত্ৰছাঁয়াত কোন দেশৰ ক্ৰিকেট

(NayiDuniya নামৰ বাতৰি পৰিৱেশন সংস্থাটোৰ এটা বাতৰিৰ আঁত ধৰি লেখাটো প্ৰস্তুত কৰা হৈছে)

অলিম্পিয়া বাৰ্তা

তবলিগী জামাত। বহু ভাৰতীয়ৰ বাবে এটা নতুন নাম। ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাৰ সৈতে এই নামটো সাঙুৰ খাই পৰাৰ পৰাই বেছ কিছুদিন ধৰি বিশেষভাৱে চৰ্চাত আছিল এই তবলিগী জামাত। কাৰণ যিয়েই নহওঁক তবলিগী জামাত নামটো বহুলভাৱে প্ৰচাৰিত হোৱাৰ সুবাদতে বহু ভাৰতীয়ই এই নামটোৰ লগতে তেওঁলোকৰ আদৰ্শৰ সৈতেও চিনাকি হোৱাৰ সুযোগ লাভ কৰে।

পিছে তবলিগী জামাতৰনো ক্ৰিকেটৰ সৈতে কি সম্পৰ্ক? সম্পৰ্ক নিশ্চয় আছে। অৱশ্যে ভাৰতীয় ক্ৰিকেটৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। তাৰ বিপৰীতে পাকিস্তান ক্ৰিকেটৰ ইয়াৰ সৈতে আছে ওতঃপ্ৰোত সম্পৰ্ক।

পাকিস্তানী ক্ৰিকেটত তবলিগী জামাতৰ প্ৰাসংগিকতা বহু দিনৰ পৰাই আছে। ২০০৭ চনৰ বিশ্বকাপৰ সময়ত পোন প্ৰথমে এই সম্পৰ্কৰ কথা পোহৰলৈ আহে। সেইবাৰ বিশ্বকাপৰ সময়ত পাকিস্তানৰ প্ৰশিক্ষক বব উলমাৰৰ আকস্মিক মৃত্যুৰ ঘটনাই সকলোকে হতচকিৎ কৰি তুলিছিল। এই ঘটনাৰ পিছতেই তবলিগী জামাতৰ সৈতে জড়িত বহুকেইজন ক্ৰিকেটাৰৰ নাম উচ্চাৰিত হৈছিল।

পাকিস্তানী ক্ৰিকেটত এই ধৰ্মীয় অনুষ্ঠানটোৰ প্ৰাসংগিকতা ইনজামাম উল হকৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। শুনা যায় যে ইনজামাম উল হকে তেওঁৰ অধিনায়কত্বৰ সময়ত তবলিগী জামাতৰ দ্বাৰা প্ৰভাৱিত ক্ৰিকেটাৰ সকলক দলত অগ্ৰাধিকাৰ দিছিল। ইনজামাম উল হক নিজেই তবলিগী জামাতৰ এজন সদস্য আছিল। পাকিস্তান দলৰ বৰ্তমানৰ নিৰ্বাচক মিচবাহ উল হকো সেই একে আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যক্তি।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ইংলেণ্ড বিশ্বকাপৰ সময়ত পাকিস্তান দলটোৰ নিৰ্বাচক আছিল ইনজামাম উল হক। তেওঁ পূৰ্বৰ দৰেই সেইবাৰো তবলিগী জামাতৰ আদৰ্শত বিশ্বাসীসকলক দলত অগ্ৰাধিকাৰ দিছিল। বিশ্বকাপত এইবাৰ পাকিস্তান দলটোৰ প্ৰদৰ্শন সন্তোষ জনক নাছিল। পৰম্পৰা ৰক্ষা কৰি ভাৰতৰ সৈতেও দলটো পৰাস্ত হৈছিল।লগে লগে দেশখনত দলটোৰ নিৰ্বাচক হক আৰু অধিনায়ক চৰফৰাজ আহমেদ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। ইনজামাম উল হকৰ ওপৰত আনকি ২০১৭ ৰ চেম্পিয়নছ ট্ৰফীত তবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা খেলুৱৈক দলত অন্তৰ্ভুক্তি কৰাৰ অভিযোগো উত্থাপিত হৈছিল।

উল্লেখযোগ্য যে পাকিস্তানৰ আন এজন জনপ্ৰিয় ক্ৰিকেটাৰ চয়ীদ আফ্ৰিদীৰো এই ধৰ্মীয় অনুষ্ঠানটোৰ সৈতে সম্পৰ্ক থকা বুলি জানিব পৰা যায়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eight − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments