অলিম্পিয়া প্ৰতিবেদন:
গুৱাহাটী ধীৰেণপাৰাৰ সমীপৰ টিলাত অৱস্হিত চিদ্ধাৰিকা টাইকোৱানডো একাডেমীৰ ৫ গৰাকী শিকাৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত সমৰকলা প্ৰতিযোগিতাত উজলি উঠিছে ।
বাইহাটা চাৰিআলিৰ নগাঁও চাৰিআলি হাই মাদ্ৰাছাত যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত ৪২ তম চি এছ কে ৰাজ্যিক মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপত চিদ্ধাৰিকা একাডেমীৰ পদ্মনীল তালুকদাৰ, ৰিহান ফাৰহান আহমেদ, তনবীৰ উল্লাহে সোণ, মনতাছা চিদ্দিকী আৰু বিভান ব্ৰহ্মই ব্ৰঞ্জৰ পদক অৰ্জন কৰে । দলৰ প্ৰশিক্ষকদ্বয় আছিল গায়ত্ৰী শৰ্মা আৰু মহম্মদ চাকিৰ চৈয়দ ।
পদকপ্ৰাপ্ত কেওগৰাকী টাইকোৱানডো খেলুৱৈয়ে অহা বছৰৰ জানুৱাৰীত গুজৰাটত হ’ব লগা ৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মাৰ্চিয়েল আৰ্টচ চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰিব।