Olympiasports.in
কৰ’না মহামাৰীৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত এতিয়া সমগ্ৰ দেশৰ লগতে ক্ৰীড়া জগতখনো স্তব্ধ হৈ পৰিছে। চেম্পিয়ন মেকাৰ একাডেমীয়ে চৰকাৰে ঘোষণা কৰা এই লকডাউনৰ সময়ছোৱাত ঘৰতে থকি নিজকে অকলশৰে টাইকোৱাণ্ড অনুশীলন ৰ দ্বাৰাই নিজকে কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি সেই লৈ চিন্তা চৰ্চা কৰি এক অলনাই ফিটনেছ চেলেঞ্জ প্ৰতিযোগিতা আয়োজন কৰিছিল । এই অনলাইন ফিটনেচ চেলেঞ্জ প্ৰতিযোগিতাখন যোৱা ২৭ মাৰ্চ ৰ পৰা আৰাম্ভ হৈ বৰ্তমানেও চলি আছে।

চেম্পিয়নচ মেকাৰ একাডেমীয়ে এই প্ৰতিযোগিতাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰী সকলক প্ৰতিদিনে সুকীয়া সুকীয়া ফিটনেছ চেলেঞ্জ দিছিলে আৰু ছাত্ৰ ছাত্ৰী সকলে সেইবোৰ অকলশৰে কোনো ব্যক্তিৰ সহায় নোলোৱাকৈ ঘৰৰ চাৰিসীমা বা ঘৰৰ ভিতৰত থাকি সুন্দৰ কৈ প্ৰদৰ্শন কৰি হোৱাটচএপৰ জৰিয়তে Observer কমিটিলৈ পঠাইছিল। সদৌ অসম ভিত্তিত আয়োজন কৰা উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিকৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। আয়োজক কমিটিৰ তত্বাৱধায়ক চেম্পিয়েনছ মেকাৰ একাডেমীৰ উপদেষ্টা ভাস্কৰ ৰঞ্জন দাস, চেম্পিয়েনছ মেকাৰ একাডেমীৰ সঞ্চালক তথা আন্তৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাস আৰু Sports Authority of India ৰ টাইকোৱাণ্ড প্ৰশিক্ষক দৰ্শনজীতা ভৰালীৰ নেতৃত্বত অনুস্থিত হোৱা উক্ত প্ৰতিযোগিতাৰ বিচাৰকসকলক ক্ৰমে লাচিত বসুমতাৰী (কোকৰাঝাৰ), ইন্দ্ৰ গোহাঁই (শিৱসাগৰ) আৰু দৰ্শনজীতা ভৰালী (ধেমাজী)।
চেম্পিয়নছ মেকাৰ একাডেমীৰ একমাত্ৰ উদেশ্য এই মহামাৰী কৰ’ণা ভাইৰাছ (Covid-19) সময়ত নিজকে টাইকোৱাণ্ড অনুশীলৰ দ্বাৰা সুস্থ কৰি ৰখা আৰু অনাগত দিনসমূহত হবলগীয়া ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰি ৰখা। ‘নিজেও সুস্থ থাকক আনকো সুস্থ ৰাখক’- আয়োজক কমিটিৰ এই সুন্দৰ পদক্ষেপক অসমৰ বিভিন্ন জন গুণী জ্ঞানী ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনে শলাগ লয়।