Tuesday, October 4, 2022
HomeNewsবিশ্ব টাইকোৱানডোলৈ অসম জীয়ৰী মৈত্রী শৰ্মা

বিশ্ব টাইকোৱানডোলৈ অসম জীয়ৰী মৈত্রী শৰ্মা

অলিম্পিয়া প্ৰতিবেদন

উদীয়মান টাইকোৱানডো খেলুৱৈ মৈত্রী শৰ্মাৰ সাফল্য । বিশ্ব টাইকোৱানডো চেম্পিয়নলৈ বাছনি অসম জীয়ৰীৰ । সূদুৰ দক্ষিণ কোৰিয়াত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন ।

উত্তৰ গুৱাহাটীৰ বাসিন্দা মৈত্রী শৰ্মাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ হৈছে সাজু । অহা ২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ দক্ষিণ কোৰিয়াৰ গয়াঙত অনুষ্ঠিত হ’ব বিশ্ব টাইকোৱানডো চেম্পিয়নশ্বিপ । সুখৰ কথাটো হ’ল, নৰ্থ গুৱাহাটী টাইকোৱানডো একাডেমী আৰু কামৰূপৰ টাইকোৱানডো খেলুৱৈ মৈত্রী শৰ্মাই এই প্ৰতিযোগিতালৈ বাছনি হৈছে । লগতে, একাডেমীটোৰ খেলুৱৈ প্ৰীতম কিশোৰ বৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হৈছে ।

উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ মুখ্য প্ৰশিক্ষক তথা কামৰূপ জিলা টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জলw বৰগোঁহাইৰ তত্বাৱধানত দুয়োজনে গ্ৰহণ কৰিছিল প্ৰশিক্ষণ ।ইয়াকে লৈ আনন্দিত প্ৰশিক্ষক প্ৰাঞ্জল বৰুৱা । নিজে ৰুৱা গছৰ ফল খাবলৈ পাইছো বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে প্ৰশিক্ষক গৰাকীয়ে ।

ইফালে, মৈত্রী উত্তৰ গুৱাহাটী আই টি টি কে ভিৰ নৱম শ্ৰেণীৰ ছাত্ৰী । ৰিজু শৰ্মা আৰু নয়নতৰা বৰদলৈৰ সু-সন্তান মৈত্রী । সূদুৰ দক্ষিণ কোৰিয়াত পদক জয় কৰাৰ বাবে আত্মবিশ্বাসী মৈত্রী শৰ্মা ।

আনহাতে, ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হোৱা প্ৰীতম কিশোৰ বৰা প্ৰশিক্ষক হোৱাৰ লগতে এগৰাকী টাইকোৱানডো খেলুৱৈ । মৈত্রীকো প্ৰীতমে দিছিল প্ৰশিক্ষণ । গুৰু-শিষ্যৰ এই খবৰে আনন্দিত কৰিলে প্ৰশিক্ষক প্ৰীতমক । প্ৰশিক্ষক প্ৰাঞ্জল বৰগোঁহাইক জনালে ধন্যবাদ আৰু শ্ৰদ্ধা ।

উল্লেখযোগ্যযে, অহা ১৯ এপ্ৰিলত দুয়োগৰাকী গুৰু শিষ্য ৰাওনা হ’ব দক্ষিণ কোৰিয়া অভিমুখে । ক্ৰীড়া অনুৰাগীৰ আশা — দক্ষিণ কোৰিয়াত মৈত্রীয়ে উৰুৱাওক অসম তথা ভাৰতৰ বিজয়ধ্বজা ।গৌৰৱান্বিত কৰক নৰ্থ গুৱাহাটীৰ লগতে অসমমাতৃক । অলিম্পিয়া স্পৰ্টছৰ তৰফৰ পৰাও খেলুৱৈগৰাকীলৈ থাকিল অজস্ৰ শুভকামনা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments